নতুন দিল্লীঃ নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছে দিল্লী বিধানসভাৰ নিৰ্বাচন। এই অনুযায়ী ৰাজ্যখনৰ ৭০ টা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব। ফলাফল ঘোষণা কৰা হ’ব অহা ১১ ফেব্ৰুৱাৰীত। ১৪ জানুৱাৰীত জাৰি হ’ব অধিসূচনা। আবেদন পত্ৰ দাখিলৰ অন্তিম সময়সীমা হৈছে অহা ২১ জানুৱাৰী আৰু ২৪ জানুৱাৰী হৈছে নাম প্ৰত্যাহাৰৰ অন্তিম দিন। 

দিন ঘোষণা কৰা হোৱাৰ লগে লগে শাসনাধিষ্ঠিত আম আদমী পাৰ্টি চমুকৈ আপ আৰু কেন্দ্ৰৰ গাদীত থকা বিজেপিৰ লগতে বিৰোধী কংগ্ৰেছেও তুংগত কৰি তুলিছে প্ৰচাৰ অভিযান। ইয়াৰ মাজতে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মূৰব্বী অৰবিন্দ কেজৰিৱালে সোমবাৰে এখন সংবাদ মেলৰ আয়োজন কৰি কৰা মন্তব্যই দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিছে এক নতুন আশা।

নিৰ্বাচন বুলিলেই যি সময়ত প্ৰায় প্ৰতিটো ৰাজনৈতিক দলে 'ভোট দিয়ক’, 'ভোট দিয়ক’ শ্লগানেৰে সৰ্বত্ৰ উত্তাল কৰি তোলে সেই সময়তে কেজৰিৱালে দিল্লীৰ ভোটাৰ ৰাইজক আহ্বান জনায় কয় যে যদিহে আমাৰ কাম-কাজক লৈ আপোনালোক সন্তুষ্ট নহয় তেন্তে আমাক ভোট নিদিব।

'আমাক ভোট নিদিব যদিহে আপুনি আমাৰ কাম-কাজক লৈ সন্তুষ্ট নহয়। যদিহে আমি কাম কৰিছো বুলি আপুনি নিশ্চিত হৈছে তেতিয়াহে আমাক ভোট প্ৰদান কৰিব।’-ভোটাৰ ৰাইজক উদ্দেশ্যি এইদৰে আহ্বান জনায় আৰম্ভণিৰে পৰা বিকল্প ৰাজনীতিত গুৰুত্ব প্ৰদান কৰি অহা আমোলাৰ চাকৰি এৰি ৰাজনীতিত প্ৰৱেশ কৰা কেজৰিৱালে।

'আমি স্বাস্থ্য সেৱা ভাল কৰিবলৈ চেষ্টা কৰিছিলো, স্কুলবোৰ ভাল কৰিবলৈ চেষ্টা কৰিছিলো। সকলোৰে ঘৰে ঘৰে পানী যোগানৰ চেষ্টা কৰিছিলো। আমি এনে কৰা নাছিলো যে বিজেপিৰ সদস্যৰে ভৰি থকা গলিত বা কংগ্ৰেছৰ মানুহ থকা গলিত পানী যোগানৰ কাম নকৰিম। আমি সকলোৰে ঘৰে ঘৰে পানী যোগান ধৰিছিলো, তাত দল বুলি কোনো কথা নাছিল।’-আপ নেতাজনে কয়।

তেওঁ আৰু কয়, 'আমি ৫ বছৰত যি কাম কৰিলো সেয়া দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছো। দলৰ নেতা হিচাপে কাম কৰা নাই। আমি সকলোৰে ঘৰে ঘৰে ভোট বিচাৰি যাম। আমি কংগ্ৰেছৰ সদস্যৰ ঘৰলৈও যাম, বিজেপিৰ সদস্যৰ ঘৰলৈও যাম। গৈ আমি তেওঁলোকক আমাৰ কামৰ বিষয়ে কম যে ৭০ বছৰ পিছত আপোনালোকৰ ল’ৰা-ছোৱালীৰ স্কুল ভাল হৈছে, পৰিয়ালৰ বাবে হাস্পতাল ঠিক হৈছে। এই উন্নয়নৰ কামত বাধাপ্ৰাপ্ত হ’বলৈ নিদিব। কিয়নো যদিহে আপোনালোক আপ চৰকাৰক বিদায় দিয়ে তেন্তে এই সকলোবোৰ আপোনালোকৰ মাজৰ নাইকিয়া হৈ পৰিব। পুনৰ বিদ্যালয়বোৰ আগৰ দৰে হৈ পৰিব, হাস্পতালত চিকিৎসা সূলভ নহ’ব। আমি এইখিনিয়েই কম।’

'আপুনি যি দলৰেই নহওক কিয়, বিজেপিৰেই হওক বা কংগ্ৰেছৰ, এইবাৰ দলক ভোট নিদিব। এইবাৰ দিল্লীৰ বাবে ভোট দিয়ক। দেশৰ প্ৰকৃত বিকাশৰ বাবে ভোট দিয়ক। এইবাৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবে আৰু পৰিয়ালৰ উন্নতিৰ বাবে ভোট দিয়ক। আমি নকও যে আপোনালোকে দল সলনি কৰক। আপোনালোক যি দলত আছে তাতেই থাকক। কেৱল এইবাৰ ভোটটো আপুনি কামৰ নামত দিয়ক, দিল্লীৰ বিকাশৰ নামত দিয়ক, ল’ৰা-ছোৱালীৰ শিক্ষাৰ নামত দিয়ক।’-এনেদৰেই বিজেপি, কংগ্ৰেছ সকলো দলৰে সদস্যৰ ওচৰত ভোট বিচাৰি যাব বুলি উল্লেখ কৰি সংবাদমেলত এইদৰে কয় কেজৰিৱালে। 

এইবাৰৰ নিৰ্বাচনত দিল্লীৰ ভোটাৰ ৰাইজে দলৰ নামত ভোট দিয়াৰ পৰিৱৰ্তে কামৰ নামত, প্ৰকৃত বিকাশৰ নামত ভোট দিবলৈ মানসিকভাৱে প্ৰস্তুত হৈ আছে বুলিও সংবাদমেলখনত সদৰী কৰে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে 'আপ’ৰ প্ৰচাৰ অভিযান সম্পূৰ্ণৰূপে পজিটিভ হ’ব, কোনো ৰাজনৈতিক প্ৰতিপক্ষকেই 'আপ’ দলে গালি-গালাজ নকৰে বা ৰাজনৈতিকভাৱে আক্ৰমণ কৰি বোকা ছটিওৱাছটি নকৰে।

'কালি মই গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাষণ শুনিছিলো। মোৰ আশা আছিল যে গৃহমন্ত্ৰী হিচাপে তেওঁ এনে এক ভাষণ দিব য’ত দিল্লীৰ বিকাশৰ কথা থাকিব। আমাৰ কামবোৰত ৰৈ যোৱা ভুলবোৰৰ কথা থাকিব। কিন্তু অতি দুৰ্ভাগ্যজনক কথা যে ভাষণটোত আৰম্ভণিৰে পৰা শেষলৈকে তেওঁ ভাষণটোত মোক গালি দি থকাৰ বাদে আন একোৱেই নক’লে।’-গালিবোৰ সহ্য কৰাত অভ্যস্ত হৈ যোৱা বুলি উল্লেখ কৰি এইদৰে ইতিবাচকভাৱে বিজেপিক প্ৰত্যুত্তৰ দিয়ে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 

এই সন্দৰ্ভত কেজৰিৱালে আৰু কয় যে বিজেপিয়ে তেওঁক গালি দিলেও তাৰ প্ৰত্যুত্তৰ তেওঁ কেতিয়াও গালিৰে নিদিয়ে। ইয়াৰ পৰিৱৰ্তে তেওঁ গৃহমন্ত্ৰীগৰাকীক বিনম্ৰতাৰে আহ্বান জনায় যে যদিহে বিজেপিৰ ফালৰ পৰা কোনো পৰামৰ্শ আছে সেয়া জনাব পাৰে। পৰামৰ্শ জনালে সেয়া নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰি অনাগত ৫ বছৰত পূৰ্ণ কৰিবলৈ সম্পূৰ্ণৰূপে চেষ্টা চলাই যাব বুলিও তেওঁ স্পষ্ট কৰি দিয়ে।

'বিগত নিৰ্বাচনত দিল্লীবাসীয়ে আমাক ৭০ৰ ভিতৰত ৬৬খন আসন দিছিল। এইবাৰ মই বিনম্ৰতাৰে ইয়াকে ক’ব খোজো যে দিল্লীৰ জনতাই অহা ১১ ফেব্ৰুৱাৰীত সেই ৰেকৰ্ড ভংগ কৰিব বুলি আমাৰ বিশ্বাস আছে।’-যদিহে ৫ বছৰত কাম কৰিছে বুলি ভাবে তেতিয়াহে ভোট দিবলৈ পুনৰবাৰ আহ্বান জনাই সংবাদমেলৰ শেষত এই মন্তব্য কৰে আত্মবিশ্বাসী কেজৰিৱালে।