প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

গুৱাহাটীঃ অবৈধ নাগৰিকৰ বিৰুদ্ধে অসমত ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ হৈছিল অসম আন্দোলন। অবৈধ অনুপ্ৰবেশকাৰীৰ বিৰুদ্ধে চলা এই আন্দোলনত অসমৰ আৱাল, বৃদ্ধ বনিতা জপিয়াই পৰে। অসমৰ এই আন্দোলনক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিছাপে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ থাকিব।

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম গণ সংগ্ৰাম পৰিষদৰ নেতৃত্বত অসমীয়া ডেকাই কৰিছিল এই আন্দোলন। আন্দোলনৰ সময়ছোৱাত নেলীৰ হত্যাকাণ্ডকে ধৰি কিছু হিংসা হৈছিল। অৱশেষত দিল্লীত সংগ্ৰামৰ নেতৃত্ব লোৱা নেতাসকলে ১৯৮৫ চনত অসম চুক্তিত স্বাক্ষৰ কৰাত অসম আন্দোলনৰ অন্ত পৰে।

এই আন্দোলনত আৰক্ষী-চি আৰ পিএফৰ গুলীত প্ৰাণ গৈছিল ৮৫৫ গৰাকী আন্দোলন কাৰীৰ। শ শ লোক চিৰদিনৰ বাবে ঘূনীয়া হৈছিল। ইয়াৰ পিছতেই একাংশ আন্দোলনকাৰীয়েৰ অসম গণ পৰিষদ নামৰ এটা ৰাজনৈতিক দল গঠন কৰে। ১৯৮৫ আৰু ১৯৯৬ চনত এই দলে বিধানসভা নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিছিল এই দলটোৱে। ছবছৰীয়া আন্দোলনৰ পাছতে এই আন্দোলনৰ ফলাফল কি হ’ল।

আজিও অসমীয়া লোকে ৰাজপথত আন্দোলন কৰিব লগা হৈ আহিছে। ঐতিহাসিক ছবছৰীয়া অসম আন্দোলনক নাটক মাধ্যমেৰে পটভূমিৰ বিনোদ শৰ্মাই ৰচনা কৰি উলিয়াইছে 'জুয়ে পোৰা ৮৩' নামৰ এখন পূৰ্ণাংগ নাট। গন্ধৰ্ব নামৰ অসমৰ অবৈতনিক নাট্যগোষ্ঠীটোৰ বেনাৰত ইতিমধ্যে নাট্যকাৰ শৰ্মাৰ দুখন নাট ক্ৰমে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক নাট 'মই আৰু মোৰ ছাঁ আৰু আনখন নাট আছিল ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ সংগ্ৰামৰ দলিল 'বন্দে আজি সমবেত কন্ঠে'।

দুয়োখন নাট দুগৰাকী বন্দিত বৰেণ্যৰ জীৱন ভিত্তিত ৰচিত হৈছিল। বহু চৰিত্ৰৰ সমাহাৰেৰে উপস্থাপন শৈলীত এক নতুনত্ব প্ৰদানেৰে মঞ্চস্থ কৰা নাটক দুখনে নাট্যপ্ৰেমী দৰ্শকৰ সহাৰি লাভ কৰিবলৈ সক্ষম হয়।

বিগত দুবছৰীয়া গৱেষণা আৰু সু-পৰিকল্পনাৰে গন্ধৰ্বৰ সহযোগত নাট্যকাৰ শৰ্মাই অসমৰ ইতিহাসৰ এক ঘটনা বহুল অধ্যায়ক নাট্য়ৰূপ দি ৰচনা কৰিছে 'জুয়ে পোৰা ৮৩'। ৮৫৫ গৰাকী বীৰ ছহিদৰ ত্যাগৰ বিনিময়ত যিখন চুক্তি হ'ল সেয়া প্ৰাপ্তি, অপ্ৰাপ্তি নে প্ৰতাৰণা সেই সম্পৰ্কে দৰ্শকসকলক নকৈ ভবাই তুলিব অহা ৩০ আৰু ৩১ আগষ্টত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত মঞ্চস্থ হ'বলগীয়া এই নাটখনে।