পানীয়ে জীৱৰ প্ৰাণ বুলি শৈশৱতে সকলোৱে পঢ়ি আহিছে যদিও সেয়া যদি মৰ্মে মৰ্মে উপলব্ধি কৰিব বিচাৰিছে, তেন্তে মহানগৰীলৈ আহক।

ৰাজ্যৰ ৰাজধানী তথা উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীত বিশুদ্ধ খোৱাপানীৰ নাটনি কোনো নতুন কথা নহয়। খৰালি আৰম্ভ হোৱাৰ লগে লগে ব্যস্ত মহানগৰীখনত খোৱাপানীয়ে নাটনিয়ে কিমান অসুবিধাৰ সৃষ্টি কৰে সেয়া বৰ্ণনা কৰিব নোৱাৰি। বিশেষকৈ পাহাৰৰ বাসিন্দাসকলে এটুপি খোৱাপানীৰ বাবে হাতত বাল্টি, কলহ লৈ বহু দুৰলৈ গৈ পানীৰ সন্ধান কৰিবলগা হয়। আৰ্থিকভাবে সক্ষমসকলে ১০০ ফুট দ পৰ্যন্ত কুৱা তথা বৰিং কৰি মটৰেৰে পানী উলিয়ায় যদিও ডিচেম্বৰ-জানুৱাৰী মাহত জলস্তৰ বহু তললৈ নামি যোৱাৰ ফলত কুৱাৰ তলি শুকাই যায়। মহানগৰখনৰ কাহিলীপাৰা, ভেটাপাৰা, বশিষ্ঠ চাৰিআলি, খানাপাৰা, ৰাজগঢ়, অনিল নগৰ, নবিন নগৰ, চান্দমাৰী, শিলপুখুৰী, জুৰোড, পাণবজাৰ, জটিয়া, গণেশগুৰি, দিশপুৰ, হাতীগাঁও আদি অঞ্চলত খোৱাপানীৰ তীব্ৰ নাটনি হোৱা দেখা যায়। 

পানী যোগান আঁচনি আছে যদিও আঁচনিয়ে পৰ্যাপ্ত পানী যোগান ধৰিব পৰা নাই। চাহিদা অনুপাতে পানী যোগান ধৰাটো বাদেই, নু্‌ণ্যতম পৰিমাণৰ খোৱাপানীও চৰকাৰৰ আঁচনিয়ে দিব পৰা নাই। ফলত অসাধু চক্ৰই আৰম্ভ কৰিছে পানীৰ ব্যৱসায়। অত্যাধিক দৰত মহানগৰীৰ লোকে পানী ক্ৰয় কৰি ব্যৱহাৰ কৰিব লগা হৈছে। এটি চক্ৰই বেআইনীভাবে মাটিৰ তলৰ পৰা পানী উলিয়াই চৰা দৰত বিক্ৰী কৰাৰ কথা আলোচিত হৈ আছে যদিও চক্ৰটোৰ বিৰুদ্ধে কোনাও মুখ নোখোলে। 

খোৱাপানীৰ সমস্যা সমাধানৰ বাবে মহানগৰবাসী বাৰম্বাৰ সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা স্বত্বেও কোনো চৰকাৰে গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যোৱা নাই। পুৰ্বৰ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত জালুকবাৰীৰ শদিলাপুৰত এটি বৃহত পানী যোগান আঁচনি বহুজাতিক কোম্পানী লুই বাৰ্জাৰ আৰু গেমনৰদ্বাৰা নিৰ্মাণ কৰাইছিল যদিও আঁচনিখনে আজিলৈ জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগান ধৰিব নোৱাৰিলে। লেহেমীয়া গতিত নিৰ্মাণ হৈ থকা আঁচনিটোত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ব্ৰহ্মপুত্ৰৰ পাৰত পিটনিত নিৰ্মাণ হোৱা আঁচনিখনে কেতিয়া পানী যোগান ধৰিবলৈ সক্ষম হব সেয়া এক চিন্তাৰ বিষয়। 

মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত গুৱাহাটী মহানগৰীত খোৱাপানীৰ নাটনিয়ে চৰকাৰৰ পৰিকল্পনাৰ অভাৱকে সূচায় বুলি কব পাৰি। ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে পানী সংৰক্ষণ কৰি আৰু ব্ৰহ্মপুত্ৰৰ ফটফটীয়া পানীৰে বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি খোৱাৰ বাবে উপযুক্ত কৰি মহানগৰীত খোৱাপানীৰ উভৈনদী কৰাব পাৰে।

উল্লেখ্য যে ৰাজ্যখনৰ নগাঁও, কামৰূপ, গোৱালপাৰা আৰু কার্বি আলঙৰ পানীত ৪-১৫ মাইক্র’গ্রাম ফ্ল’ৰাইড প্রতিলিটাৰ পানী পোৱা গৈছে৷ ফ্ল’ৰাইড আক্রান্ত পানী খাই কার্বি আলং জিলাত স্কেলেটেল ফ্ল’ৰছিছ আৰু দাঁতৰ ফ্ল’ৰছিছ হোৱা দেখা গৈছে। একেদৰে ধেমাজি আৰু মাজুলী জিলাত ভূ-ভাগৰ পানীত ০.০৫ মিলিগ্ৰাম আৰ্ছেনিক প্ৰতিলিটাৰত পোৱা গৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ হিচাপ অনুসৰি প্ৰতিলিটাৰ পানীত ০.০০১ মি.গ্ৰা.তকৈ অধিক আৰ্ছেনিক থাকিলে সেই পানী খোৱাৰ উপযোগী নহয়।

ইফালে ৰাজ্যখনৰ ভালেকেইখন জিলাত ভূ-গৰ্ভৰ পানীত লোৰ পৰিমাণ অত্যাধিক হোৱাৰ ফলত সেয়া খোৱাৰ উপযোগী নহয়। এইবোৰ দিশত চৰকাৰে চকু দিয়াটো দুৰৰেই কথা, বিশাল ব্ৰহ্মপুত্ৰ নদীখন কাষত থকাস্বত্বেও  ৰাজ্যখনৰ প্ৰাণকেন্দ্ৰস্বৰূপ মহানগৰীতে খোৱাপানীৰ অভাৱ দূৰ কৰিবপৰা নাই।   

(বিঃদ্ৰঃ লেখাটোৰ প্ৰতিটো কথা, প্ৰতিটো বাক্য লেখকৰ নিজা মন্তব্য। ইয়াৰ সৈতে newsnextone.comৰ কোনোধৰণৰ সম্পৰ্ক নাই।)