ডিজিটেল ডেস্কঃ অসমৰ নিউজ চেনেলসমূহৰ বাতৰি সম্প্ৰচাৰৰ ধৰণ আৰু অনুষ্ঠান আদিক লৈ দীৰ্ঘদিন ধৰি দৰ্শকসকলৰ অধিকাংশই মুকলিমূৰীয়াকৈ বিষেদগাৰ প্ৰকাশ কৰি অহাৰ সময়তে এসেকা লাভ কৰিছে এটা আগশাৰীৰ নিউজ চেনেলে। দৰ্শক বিপথে পৰিচালিত হ’ব পৰা ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰি এনেদৰে সেকা পাবলগীয়া হোৱা নিউজ চেনেলটো হৈছে DY 365। অসমীয়া ভাষাৰ নিউজ চেনেলটোক কেবল টেলিভিছন নেটৱৰ্কৰ নিয়ম উলংঘা কৰাৰ অভিযোগত ৩ দিনৰ বাবে সম্প্ৰচাৰ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে। 

উল্লেখ্য যে এক অনুষ্ঠানত অন্ধবিশ্বাস তথা পৰম্পৰা ৰক্ষাৰ নামত চলি অহা নৱজাতক শিশুক কোনো সুৰক্ষা নোহোৱাকৈ শূন্যলৈ দলিয়াই দিয়া এটি দৃশ্য স্পষ্টকৈ সম্প্ৰচাৰ কৰিছিল চেনেলটোৱে। বিগত বৰ্ষৰ জুন মাহত সম্প্ৰচাৰিত হৈছিল উক্ত আপত্তিজনক ভিডিঅ’। এই সন্দৰ্ভত অভিযোগ লাভ কৰাৰ পিছতে মন্ত্ৰণালয়ে অনুসন্ধানৰ অন্তত চেনেলটোৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে।  

তথ্য সম্প্ৰচাৰ মন্ত্ৰাণলয়ৰ প্ৰশ্নৰ উত্তৰত চেনেল কৰ্তৃপক্ষই দৰ্শকসকলক সজাগ কৰিবৰ বাবেই উক্ত ভিডিঅ’টো সম্প্ৰচাৰ কৰিছিল বুলি সদৰী কৰিছে যদিও মন্ত্ৰণালয়ে সেয়া মানি ল’বলৈ অস্বীকাৰ কৰে। বিপৰীতে এয়া ভয়ানক আৰু দায়িত্বজ্ঞানহীন কাণ্ড বুলি চেনেলটোক নিন্দা কৰি নিয়ম উলংঘা কৰাৰ শাস্তি বিহে।

এই অনুযায়ী অহা ১৫ ডিচেম্বৰৰ পৰা তিনিদিনৰ বাবে বা-বাতৰি সম্প্ৰচাৰ বন্ধ ৰাখিবলৈ চেনেলটোক নিৰ্দেশ প্ৰদান কৰিছে মন্ত্ৰণালয়ে। একেদৰে শিশুক মাৰধৰ কৰাৰ দৃশ্য সম্প্ৰচাৰ কৰাৰ অভিযোগত এদিনৰ বাবে সম্প্ৰচাৰ বন্ধ ৰখাৰ নিৰ্দেশ লাভ কৰিছে গুজৰাটৰ VTV নামৰ চেনেলটোৱে। গুজৰাটী চেনেলটোক ১৬ ডিচেম্বৰত সম্প্ৰচাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে৷ 

এই চেনেলটোত যোৱা মাৰ্চ মাহত এজন লোকে নিৰ্মমভাৱে ভাবে এটি শিশুক মাৰ-ধৰ কৰি থকা দৃশ্য সম্প্ৰচাৰ কৰিছিল। গুজৰাটৰে এখন বিদ্যালয়ৰ বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ’টো সন্দৰ্ভত নিজাববীয়া অনুসন্ধান কৰি সেয়া যে প্ৰকৃততে ইজিপ্তৰ অনাথ আশ্ৰমৰহে দৃশ্য সেয়া জনাবলৈ গৈ ভিডিঅ’টো স্পষ্টৰূপত প্ৰকাশ কৰিছিল চেনেলটোৱে। 

জনপ্ৰিয়তা পাবলৈ এনেধৰণৰ আপত্তিজনক দৃশ্য স্পষ্টকৈ সম্প্ৰচাৰ কৰাৰ শাস্তি হিচাপে মন্ত্ৰণালয়ে উক্ত নিৰ্দেশ জাৰি কৰে। কেবল টেলিভিছন নেটৱৰ্ক এক্ট ১৯৯৫ কেবল টেলিভিছন নেটৱৰ্ক অধিনিয়ম ১৯৯৪ৰ 6(1) (a), (I) (O) বিধি উলংঘা কৰাৰ অভিযোগতে চেনেল দুটাৰ বিৰুদ্ধে এই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে মন্ত্ৰণালয়ে।

ইফালে DY 365 নামৰ চেনেলটোক তিনিদিনৰ বাবে সম্প্ৰচাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিয়াৰ পিছতে ৰাজ্যখনৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিষয়টো আলোচনা কৰিবলৈ জপিয়াই পৰা দেখা গৈছে। একাংশ ফেচবুক ইউজাৰে ৰাজ্যখনৰ অন্যতম বিতৰ্কিত সাংবাদিক অতনু ভূঞাই চেনেলটোত যোগদান কৰাৰ বাবেই এনে হোৱা বুলি ওপৰুৱাকৈ মন্তব্য দিয়াও দেখা গৈছে।

ইয়াৰে গইনা লৈ বহুতে অতনু ভূঞাৰ বাতৰি পৰিৱেশনৰ পদ্ধতি আৰু ধৰণকো সমালোচনা কৰা পৰিলক্ষিত হৈছে। এইখিনিতে উল্লেখ্য যে বহুতেই ইয়াৰ বাবে বিতৰ্কিত সাংবাদিক হিচাপে খ্যাতি লাভ কৰা অতনু ভূঞাৰ নাম ল’লেও তেওঁৰ যোগদানৰ পূৰ্বেই সম্প্ৰচাৰিত বাতৰিৰ বাবেহে এনেদৰে শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে চেনেলটো।

আন একাংশই আকৌ ৰাজ্যখনৰ আন চেনেলকেইটাতো সম্প্ৰচাৰ হৈ অহা তেনেধৰণৰ একাধিক আপত্তিজনক আৰু সমাজৰ বাবে ক্ষতিকাৰক বা-বাতৰি, অনুষ্ঠান আদিৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মন্তব্য আগবঢ়াইছে।