ঢাকাঃ কৰ’নাক লৈ সমগ্ৰ বিশ্বতে দেখা গৈছে আতংকময় পৰিৱেশ। এনে পৰিপ্ৰেক্ষিতত এইখন দেশত অহা ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ থাকিব পাৰে বিদ্যালয়-মহাবিদ্যালয় তথা সকলোধৰণৰ শিক্ষানুষ্ঠানসমূহ। সোমবাৰে কৰ’নাক লৈ উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত শীৰ্ষ বিষয়াসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংযোগে অনুষ্ঠিত বৈঠকৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীয়ে।

বৈঠকত তেওঁ কয় যে পৰিস্থিতি স্বাভাৱিক নহ’লে শিক্ষানুষ্ঠানসমূহ অহা ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ ৰাখিবলগীয়া হ’ব পাৰে। তেওঁ কয়, 'স্কুল-কলেজ তথা দেশৰ সকলো শিক্ষানুষ্ঠানৰ এখনো খোলা থাকিব নোৱাৰিব। অন্তত ছেপ্টেম্বৰ পৰ্যন্ত বন্ধ ৰাখিবলগীয়া হ’ব। আমি অনলাইন শিক্ষাৰ ওপৰত গুৰুত্ব দিব লাগিব। ভাইৰাছৰ প্ৰকোপ কমিলেহে স্কুল-কলেজ খুলিব পৰা যাব। কাৰণ ছাত্ৰ-ছাত্ৰীয়েই হৈছে দেশৰ ভৱিষ্যত। আমি তেওঁলোকক সুৰক্ষা দিবই লাগিব।’


► ভেকচিনৰ আৰম্ভণিৰ কথা জানিবলৈ তলৰ ফটোখনত ক্লিক কৰক।


উল্লেখ্য যে সমগ্ৰ বিশ্বৰ লগতে বাংলাদেশতো ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’না মহামাৰীয়ে। দিনে দিনে ৰাজধানী ঢাকাৰ লগতে চট্টগ্ৰাম, ময়মনসিংহকে আদি কৰি প্ৰায়বোৰ ঠাইতে বৃদ্ধি পাইছে কৰ’না ৰোগীৰ সংখ্যা। দেশখনত এই পৰ্যন্ত ৬ সহস্ৰাধিক লোক কৰ’নাত আক্ৰান্ত হৈছে আৰু মৃত্যুমুখত ২০০ ৰো অধিক।

সংক্ৰমণ ৰোধ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ চৰকাৰে সমগ্ৰ বাংলাদেশতে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় লকডাউন। ইয়াৰ মাজতে ৰাষ্ট্ৰসংঘই বাংলাদেশত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পালে জনসংখ্যাৰ ঘনত্বলৈ চাই সেয়া নিয়ন্ত্ৰণ কৰাতো কঠিন হৈ পৰিব বুলি সকীয়াই দিয়াৰ পিছতে অধিক তৎপৰ হৈ পৰিছে ভাৰতৰ চুবুৰীয়া দেশখনৰ চৰকাৰ।