কাইৰোঃ ভয়ংকৰ বিস্ফোৰণে আজি কঁপাই যায় ইজিপ্তৰ টান্তা চহৰ৷ দেওবাৰে গীৰ্জাৰ ভিতৰত হোৱা বিস্ফোৰণটোত ২১ জন লোক নিহত হোৱাৰ লগতে আহত হয় অৰ্ধশতাধিক৷

দেশখনৰ এক স্থানীয় চেনেলে প্ৰকাশ কৰিছে যে গীৰ্জাটোত সেই সময়ত এক বিশেষ উৎসৱ চলি আছিল৷ এই আক্ৰমণ সমগ্ৰ ইজিপ্তৰ ওপৰত বুলি উল্লেখ কৰিছে দেশখনৰ বৈদেশিক মন্ত্ৰালয়ে৷  ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও অপৰাধী সম্বন্ধে এতিয়াও স্পষ্ট মত দিয়াৰ পৰা বিৰত আছে আৰক্ষী৷

উল্লেখযোগ্য যে দেশখনৰ ৰাজধানী কাইৰোৰ পৰা প্ৰায় ৯৬ কিমি দুৰত টান্তা চহৰ৷ পোপ ফ্ৰান্সিচ চলিত মাহতে কাইৰো ভ্ৰমণ কৰাৰ কথা৷ এই ভ্ৰমণত পোপে দেশখনৰ কেইবাটাও ৰক্ষণশীল গীৰ্জাৰ পোপৰ লগত আলোচনাত মিলিত হ’ব৷