কাকপথাৰ: আজি অৰুণাচল প্ৰদেশৰ লেকাং সমষ্টিৰ অন্তৰ্গত মহাদেৱপুৰত নেচনেল পিপলছ পাৰ্টিয়ে এক নিৰ্বাচনী বিশাল জনসভা আয়োজন কৰে ।  উক্ত নিৰ্বাচনী জনসভাত উপস্থিত থাকে ৪৮ নং লেকাং সমষ্টিৰ NPP ৰ প্ৰাৰ্থী নিশ কপি, ব্লক সভাপতি শিকৰা মুৰা, জিলা সভাপতি ৰাকেশ দেউৰী, সাধাৰণ সম্পাদক হৰেন মিলি, ৱমেন উইংছৰ সভাপতি ৰীণামনী শইকীয়া, মিছিং সম্প্ৰদায়ৰ সভাপতি কুলু মিলিকে ধৰি অন্যান্য বিষয়ববীয়াসকল। 

সভাত উপস্থিত থাকি NPP ৰ বিষয়ববীয়াসকলে তথা লেকাঙৰ প্ৰাৰ্থী নিশ কপিয়ে বিজেপি আৰু কংগ্ৰেছ চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিগত সময়চোৱাত বিজেপি আৰু কংগ্ৰেছ চৰকাৰে লেকাঙৰ উন্নয়নৰ বাবে একো কাম নকৰিলে, আনকি লেকাঙৰ মূল সমস্যা PRC ৰ বিষয়ে কোনোধৰণৰ প্ৰস্তাৱ উত্থাপন কৰা পৰিলক্ষিত নহল । 

মোডী চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতবৰ্ষত নাগৰিকত্ব দিবৰ বাবে আইন প্ৰস্তুত কৰিব পাৰে কিন্তু অৰুণাচলত বাস কৰা দেউৰী, মৰাণ, মটক, আহোম, অধিবাসীসকলৰ বাবে মাত মতা দেখা নগল । 

NPP শাসনলৈ আহিলে PRC দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে আৰু লেকাং তথা অৰুণাচলৰ উন্নয়নৰ বাবে আগন্তুক নিৰ্বাচনত NPP ৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰাবলৈ আহ্বান জনসাধাৰণৰক আহ্বান জনায় । উল্লেখযোগ্য যে, অৰুণাচলৰ উপমুখ্যমন্ত্ৰী চৌনা মিনে লেকাংত বাস কৰা মৰাণ, মটক, আহোম, কছাৰী, দেউৰী, আদিবাসীৰ জনগোষ্ঠীক নতুন বছৰত উপহাৰ দিম বুলি কৈ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে সাধাৰণ ভোটাৰে ।