newsnextone১১অক্টোবৰ,খাৰুপেটীয়াঃ দেশত নিয়ন্ত্ৰণ হীন হৈ পৰা ইন্ধনজাত সামগ্ৰীৰ অত্যাধিক  মূল্য  বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত জঙ্গলপাৰা গাঁৱৰ এজন যুৱকে উদ্ভাৱন কৰিলে বেটেৰী চালিত চাইকেল। জঙ্গলপাৰা বজাৰত সৰু কাৰিকৰী দোকানেৰে জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ যুৱক মোজ্জামিল হকে দীৰ্ঘ দিন ধৰি এখন বাইক কিনাৰ সপোন পুহি ৰাখিছিল যদিও বৰ্ধিত পেট্ৰ'ল- ডিজেলৰ মূল্যই তেওঁক হতাশ কৰিলে আৰু ইন্ধনবিহীন বাহন আৱিষ্কাৰৰ চিন্তা কৰিলে। 

কাৰিকৰী দিশত আগ্ৰহী যুৱকজনে পিছলৈ চাইকেল এখনত বেটেৰী চালিত মটৰ, দুটা পি বাল্ব, তিনিটা বেটেৰী,  গিয়েৰ, লাইট আৰু হৰ্ণ আদি লগাই পৰীক্ষামূলকভাবে সফলতাৰে নিৰ্মাণ কৰি উলিয়াইছে উক্ত চাইকেলখন । 

মন কৰিবলগীয়া কথাটো হ'ল- উক্ত চাইকেলখন চলাবলৈ পেডেল মাৰাৰ প্ৰয়োজন নহয়। প্ৰতি ঘণ্টাত ৩৫-৪০ কিঃমিঃ বেগেৰে চলিব পৰা চাইকেলখনৰ নিৰ্মাণ ব্যয় ১২ হাজাৰ টকা হোৱা বুলি যুৱকজনে সাংবাদিকৰ আগত প্ৰকাশ কৰে । অত্যাধুনিক ও নতুন চাইকেলত উক্ত কাৰিকৰী কৌশল প্ৰয়োগ কৰিলে নিৰ্মাণ ব্যয় ২০ হাজাৰলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে  বুলিও তেওঁ জনায়। পেট্ৰ'ল চালিত মটৰ চাইকেলক প্ৰত্যাহ্বান জনোৱা উক্ত চমকপ্ৰদ আৱিষ্কাৰে অঞ্চলটোৰ ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে। চাইকেলখন চাবলৈ যুৱকজনৰ দোকানলৈ ৰাইজৰ লানি নিচিগা সোঁত বৈছে। প্ৰয়োজনীয় অৰ্থ যোগাৰ কৰিব পাৰিলে আগলৈ হেলিকপ্টাৰ বনাবলৈ মন মেলিছে উদিয়মান যুৱক মোজ্জামিল হকে । ইফালে দৰং আমছুৰ সাধাৰণ সম্পাদক নাজিৰ উদ্দিনে প্ৰতিভাৱান যুৱকজনক আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ।
ফখৰুল ইছলাম,খাৰুপেটীয়া