মংগলদৈঃ আলোচনাপন্থী আলফা নেতা প্ৰানজিৎ শইকীয়াই নেতৃত্ব বহন কৰি দৰং জিলাৰ প্ৰাক্তন বিপ্লৱী সকলক লগত লৈ আগবাঢ়ি আহিছে সেউজ বিপ্লৱৰ বাবে৷ প্ৰাক্তন বিপ্লৱী, নিৱনুৱা যুৱকসকলক লৈ ইতিমধ্যে গঢ়লৈ উঠা "ডেভেলপমেন্ট এক্সন ফৰ চ'ছিয়েল ট্ৰেন্সফৰ-মেশ্যন ইন ৰুৰেল"-চমুকৈ ‘ডাষ্টাৰ’ নামৰ সামাজিক-সাংস্কৃতিক স্বেচ্ছাসেৱী অনুস্থানৰ উদ্যোগত জিলাখনৰ ৰামহৰি, মহলিয়াপাৰা অঞ্চলৰ প্ৰায় ১৫০ বিঘা কৃষি ভূমিত আলু খেতিৰে সমগ্ৰ জিলাখনত আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ। 

প্ৰাক্তন বিপ্লৱী নেতা দিলীপ ডেকাক সভাপতি ৰমেন ডেকাক সম্পাদক হিচাপে লৈ গঠন কৰা স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ৰামহৰি আৰু মহলিয়াপাৰাৰ পাৰ্শ্বৱৰ্তী সেনাপতি-পাৰাত আৰম্ভ কৰা কৃষি কৰ্মত মঙলদৈ কৃষি মহকুমাৰ অন্তৰ্গত হেমন্ত বৰুৱা, ধ্ৰুৱ ডেকা, মাধৱ ডেকা, পাৰ্থ প্ৰতীম নাথ, দৰ্পণ ডেকা, প্ৰাণজিৎ ডেকা, কলাইগাঁও কৃষি মহকুমাৰ অন্তৰ্গত কমলেশ্বৰ ডেকা, অৰবিন্দ ডেকা, টংকেশ্বৰ ডেকা আৰু পাথৰিঘাট কৃষি মহকুমাৰ অন্তৰ্গত পীতাম্বৰ হাজৰিকা, গজেন হাজৰিকা, দিগন্ত মহন্ত, লক্ষী কান্ত কলিতা, গজেন হাজৰিকা, শনিবৰ কলিতা, সাংবাদিক অজয় ডেকা আৰু জ্যোতিপ্ৰসাদ ডেকাকে প্ৰমুখ্য কৰি পঁচিছ জনীয়া যুৱ কৃষকৰ দলটিয়ে দৈনিক অকুণ্ঠ পৰিশ্ৰমৰে নিয়োজিত হৈ পৰিছে কৃষিকৰ্মত।

এইক্ষেত্ৰত আলোচনাপন্থী আলফা নেতা প্ৰানজিৎ শইকীয়াইয়ো কৃষিকৰ্মৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰি দিয়াৰ লগতে তদাৰক কৰি আহিছে৷ তেৰ লক্ষাধিক টকা ব্যয় সাপেক্ষে আৰম্ভ কৰা আলু খেতিৰ উৎপাদিত ফচল বিক্ৰী কৰি পঁচিছ লক্ষাধিক টকা উপাৰ্জনৰ লক্ষ্য ঠিৰ কৰে স্বেচ্ছাসেৱী অনুস্থানটোৱে।

অনুষ্ঠানটিৰ সভাপতি সম্পাদকে জনোৱা মতে আগন্তুক বহাগ বিহুৰ প্ৰাক মূহুৰ্তত উৎপাদিত ফচল চপাই আন্ত:ৰাজ্যিক বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰি উক্ত পৰিমানৰ ধন উপাৰ্জনৰ লক্ষ্য ঠিৰ কৰে। উল্লেখযোগ্য যে, অকল আলু খেতিয়েই নহয়-ইয়াৰ পিছত জিলাখনৰ বিভিন্ন অঞ্চলৰ প্ৰায় পৈসত্তৰ হেক্টৰ কৃষি ভূমি সামৰি ধাৰাবাহিকভাৱে ভিন্ন প্ৰজাতিৰ কল, নেমু, জলকীয়া, মাকৈ আৰু ড্ৰেগন ফ্ৰুইটচ আদিৰ উপৰি উন্নত জাতৰ গো পালন আৰু মাছ পালনৰ লক্ষ্য স্থিৰ কৰাৰ কথা জনায়। 

ইয়াৰ দ্বাৰা স্থানীয় উদ্যোগী কৃষকসকলক আগ্ৰহী কৰাই নহয় সমগ্ৰ দৰং জিলাতে উৎপাদিত ফচলৰ জৰিয়তে কিছু অংশ হ’লেও অভাৱ মোচন কৰাৰ কথাও তেওঁলোকে জানিব দিয়ে। ইয়াৰ উপৰি বিগত কেবা বছৰে স্থানীয় 'হাপামাৰা কৃষি পাম' সমিতিৰ জৰিয়তে প্ৰায় ছয় হেক্টৰ কৃষি ভূমিত জিকা, ভোল, মিঠালাও, পানী-লাও, বেঙেনা, বিভিন্ন শাক আৰু মচলা জাতীয় পাচলিৰ কৃষি কৰ্মৰে জিলাখনত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা মৃত্যুঞ্জয় ডেকাই জিলাখনৰ একাধিক অঞ্চলত হস্ততাঁত আৰু বয়ন শিল্প প্ৰতিষ্ঠান গঢ়ি তোলাৰো পোষকতা কৰে।

বিশেষকৈ স্থানীয় অসমীয়া শিপিনীৰ হাতৰ পৰশত প্ৰাণ পাই উঠা অসমীয়া জাতীয় গামোচা প্ৰচুৰ পৰিমাণে উৎপাদনত বিশেষ ভূমিকা লোৱাৰ কথা জনাই ইতিমধ্যে দৰং জিলাৰ উপৰিও ৰাজ্যৰ কেবাখনো জিলাত উৎপাদিত বস্ত্ৰ ৰপ্তানি কৰাৰ পোষকতা কৰে। তাৎপৰ্য কথা এয়ে যে অদ্যপি জিলা বা মহকুমা কৃষি বিভাগৰপৰা আৰ্থিক কিম্বা আন কোনো ধৰণৰ সহায় পোৱা নাই যদিও বিভাগীয় কৰ্তৃপক্ষই পৰৱৰ্তী সময়ত প্ৰয়োজনীয় সহায়ৰ আশ্বাস প্ৰদান কৰাৰ কথা যুৱ সংগঠক গৰাকীয়ে জানিব দিয়ে।

যি কি নহওক যদিহে জিলা কৃষি বিভাগৰ জৰিয়তে ৰাজ্যিক কৃষি বিভাগে ৰাজ্য খনৰ এনেকুৱা ততোধিক উদ্যোগী আৰু উৎসাহী কৃষি সংগঠনক কৃষি সামগ্ৰীকে ধৰি প্ৰয়োজনীয় বীজ, সাৰ, কীট নাশক দ্ৰব্য আৰু সজুঁলি আদিৰ সময়মতে যোগান ধৰাৰ ব্যৱস্থা কৰে তেনেহ’লে ৰাজ্যৰ কৃষি খণ্ডত এক আমূল পৰিবৰ্তন সাধন হোৱাৰ যঠেষ্ট আশা কৰিব পৰা যাব। কৃষিকৰ্মৰ বাবে আগবাঢ়ি অহা যুৱকসকলক কোনো কাৰণতে নিৰাশ হ’ব নিদি পাৰ্যমানে আগবঢ়াই নিয়াৰ কথাও ব্যক্ত কৰে যুৱক সকলৰ লগত চাঁৰ দৰে লাগি থকা প্ৰানজিৎ শইকীয়াই৷