বিগত কিছুদিন ধৰি ফেচবুকত এটা পোষ্ট খুব শ্বেয়াৰ হৈ আছে। অসমতো সেই উদ্বেগ সৃষ্টিকাৰী পোষ্টটো একাংশ লোকে টাইমলাইনত শ্বেয়াৰ কৰা দেখা গৈছে। হিন্দু-মুছলিমৰ সংঘাত বৃদ্ধি কৰা এই পষ্টটো আপুনিও হয়তো দেখা পাইছে। ধৰ্মীয় সংঘাতৰ লগতে শৈক্ষিক ক্ষেত্ৰলৈও ভাবুকি কঢ়িয়াই অনা এই পোষ্টটোত প্ৰকৃততে কি লিখা আছিল! হিন্দী ভাষাত লিখা ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টটো হৈছে এনে ধৰণৰ- ''সন্ত্ৰাসবাদীৰ নতুন ঘাটি এলাহাবাদ বিশ্ববিদ্যালয়। ইয়াৰে ২৫ জন হোষ্টেলৰ ছাত্ৰই বোমা নিৰ্মাণ কৰোতে হাতে-লোটে ধৰা পৰি গ্ৰেপ্তাৰ হয় আৰু ছীল কৰি দিয়া হয় ৫৮ টা কোঠা। ইমান ডাঙৰ ঘটনাটো মিডিয়াই ফ’কাছলে নানিলে কাৰণ ইয়াত এজনো মুছলিম ছাত্ৰৰ নাম নাছিল !" এই পষ্টটোৰ উপৰিও এটা ভিডিঅ'ও ভাইৰেল হৈছিল য’ত দেখিবলৈ পোৱা গৈছিল কেইজনমান যুৱকক কমাণ্ডোৰ পোছাক পৰিহিত কেইজনমান জোৱানে ধৰি নিয়াৰ দৃশ্য।

 

সত্য কি?

দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এই ভিডিঅ’ প্ৰকৃততে এলাহাবাদৰ নাছিল। যুৱককেইজনো নাছিল এলাহাবাদ বিশ্ববিদ্যালয়ৰ ছাত্ৰ।

 

ভিডিঅ’ত কি আছিল?


ভিডিঅ’ত দেখিবলৈ পোৱা গৈছিল স্পেছিয়েল পুলিচ ফৰ্চে কেইজনমান যুৱকক ধৰি বজাৰৰ এক ঠেক গলিৰে লৈ গৈ আছিল। এক মুকলি ঠাইত বন্দী যুৱককেইজনক আঁঠু কাঢ়ি বহিবলৈ দিয়ে তাৰপাছত তেওঁলোকক ধৰি পুনৰ বজাৰৰ মাজলৈ লৈ যোৱা হৈছিল...। ভিডিঅ’টোত আৰক্ষীৰ পোছাক পৰিহিত এগৰাকী আৰক্ষী বিষয়াকো দেখিবলৈ পোৱা গৈছিল।

 

সত্যানুসন্ধানত কি ওলাল?


ভিডিঅ’টোত আৰক্ষী বিষয়াগৰাকীয়ে মহাৰাষ্ট্ৰ আৰক্ষীৰ বেজ পৰিধান কৰিছিল। ইয়াৰ পৰাই বুজিব পাৰি যে ঘটনাৰ স্থান এলাহাবাদ নহয়। বিশেষ পৰিস্থিতিত এনেকুৱাও হ’ব পাৰে যে মহাৰাষ্ট্ৰৰ কোনো আৰক্ষী এলাহাবাদত গৈ কৰ্তব্য সমাপন কৰিব পাৰে। কিন্তু ভিডিঅ’টোত ব্যৱহৃত ভাষা শুনিলে বুজি পোৱা যায় সেয়া মাৰাঠী ভাষা। গতিকে ইয়াৰ দ্বাৰা ঘটনাটো এলাহাবাদৰ নহয় বুলি নিশ্চিত হ’ব পাৰি। মাজতে বিদৰ্ভ নিউজ ৩৬৫ নামৰ এটা চেনেলত এটা বাতৰি সম্প্ৰচাৰ হৈছিল য’ত কেইজনমান আতংকবাদীক জোৱানে বন্দী কৰি থোৱা দেখিবলৈ পোৱা গৈছিল। সেয়া প্ৰকৃত আতংকবাদী নাছিল। ৰাইজক সজাগ কৰাৰ উদ্দেশ্য সেয়া মকড্ৰিলহে কৰা হৈছিল। সেই বাতৰিটো আছিল মহাৰাষ্ট্ৰৰ অমৰাৱতীৰ। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টো 'বিদৰ্ভ নিউজ ৩৬৫'ৰ বাতৰিটোৰ সৈতে মিল নাই যদিও বন্দী কেইজনৰ চেহেৰা মিলোৱাত একেকেইখন মুখেই ওলাই পৰে।  

 

এলাহাবাদ বিশ্ববিদ্যালয়ত বোমা তৈয়াৰ কৰা কথাটো মিছা নেকি?


এলাহাবাদ বিশ্ববিদ্যালয়ত বোমা নিৰ্মাণ কৰা সামগ্ৰী উদ্ধাৰ হৈছিল, সেয়া সঁচা। ৫৮ টা কোঠা ছীল কৰা হৈছিল, সেয়াও সঁচা। কিন্তু ২৫ জন ছাত্ৰ বোমা নিৰ্মাণ কৰি থাকোতে ধৰা পৰি গ্ৰেপ্তাৰ হয়, সেই কথাহে মিছা। ইয়াৰ উপৰিও আৰু এখন ফটো ছ’চিয়েল মিডিয়াত বৰকৈ ভাইৰেল হৈছিল। তাত দেখা গৈছিল এখন আৰক্ষী থানাৰ সন্মুখত এদল আৰক্ষীয়ে ঘেৰি আছে প্ৰায় ২০ জনীয়া যুৱক-যুৱতীৰ এটা দলক। ফটোখনত কেপশ্বন দিছিলঃ 'এলাহাবাদ বিশ্ববিদ্যালয় সন্ত্ৰাসবাদীৰ ঘাটিত পৰিণত হোৱাৰ দিশে’।


প্ৰকৃত সত্যটো হ’ল ফটোখন এলাহাবাদৰ নাছিল, আছিল মধ্যপ্ৰদেশৰ ৰতলাম জিলাৰহে। যুৱক-যুৱতীৰ দলটো আছিল দেহ ব্যৱসায়ৰ সৈতে জড়িত। এই ফটোখন শিশু অপহৰণ, চাকৰিৰ প্ৰস্তাৱ দি ঠগন আদি বিভিন্ন বিষয়ৰ সৈতে মিছামিছিকৈ সাঙুৰ খায়ো ছ’চিয়েল মিডিয়াত ঘূৰি ফুৰিছিল।

 

শ্বেয়াৰ কৰাৰ আগত হওক সাৱধানঃ


এই ঘটনা এক মাথো উদাহৰণ। এনেকৈয়ে বহুত মিছা কাহিনী সত্য বুলি এচামে প্ৰচাৰ কৰে আৰু এচামে তাকে সত্য বুলি ভাবি শ্বেয়াৰ কৰি বিষবাষ্প বিয়পোৱাত সহায় কৰে। সমাজত আছেই এনে এচাম মানুহ(!) যিয়ে সমাজখনক কেনেকৈ বিপথে পৰিচালিত কৰিব পাৰি, কেনেকৈ ভাতৃঘাতী সংঘৰ্ষ বৃদ্ধি কৰিব পাৰি, নানা উদ্বেগজনক বাতৰি বিয়পাই দি কেনেকৈ সমাজখনক অস্থিৰ কৰি ৰাখিব পাৰি তাৰ চিন্তাতে থাকে আৰু হাতে কামেও লাগে। গতিকে আপুনি তেনে অপকৰ্মত সাৰপানী যোগোৱাৰ পৰা বিৰত থাকক। ছ’চিয়েল মিডিয়াত কিবা এটা শ্বেয়াৰ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰক, প্ৰকৃত সত্য কি তাৰ তদন্ত কৰক তাৰপাছতহে সহজতে উপলব্ধ শ্বেয়াৰ অপশ্যনটো ক্লিক কৰক। আপোনাৰ এটা ক্লিকটো খাণ্ডৱ দাহ হ’ব পাৰে... গতিকে সাৱধান...।

 


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us