ফেক্ট চেকিংঃ কৰ’নাৰ পৰা অসমৰ ৰাইজক ৰক্ষা কৰিবলৈ জনতা কাৰ্ফিউ ঘোষণা কৰাৰ পিছৰে পৰা ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থকা দেখা গৈছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। প্ৰায় ২০ বছৰীয়া মন্ত্ৰী জীৱনৰ অভিজ্ঞতাৰে ডঃ শৰ্মাই এইকেইদিন দিনে-নিশাই কাম কৰি থকা বুলি ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি টিভি, বাতৰি কাকত, নিউজ পৰ্টেল সকলোতে চৰ্চা চলিছে। 

টিভিৰ বাতৰি আৰু ফেচবুক-হোৱাটছএপযোগে সেই চৰ্চা ভিতৰুৱা গাঁওসমূহলৈকো বিয়পি গৈছে। ফেচবুকত কিছুদিন পূৰ্বে কৰ’নাৰ পৰা ৰাজ্যবাসীক মুক্ত কৰিবলৈ কোনে বেছি কষ্ট কৰিছে তাক লৈ বিতৰ্কও চলা পৰিলক্ষিত হৈছিল। উক্ত বিতৰ্কৰ সূত্ৰপাত ঘটোৱাসকলে নিজ নিজ প্ৰশংসাৰ তুলাচনীৰ এফালে স্বাস্থ্যমন্ত্ৰীক আৰু আনফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উঠাই লৈ ছ’চিয়েল মিডিয়াৰ বন্ধুমহলক ওজন কোনফালে বেছি হৈছে বুলি প্ৰশ্নও কৰিছে।

এনেদৰে একাংশ লোকে মহামাৰীৰ সময়ত স্বাস্থ্য মন্ত্ৰী হিচাপে কৰিবলগীয়া কৰ্তব্য পালন কৰি থকা ডঃ হিমন্ত বিশ্ব শৰ্মাক অতি মানৱ আখ্যা দিয়াও দেখা গৈছে। অতি মানৱ আখ্যা দিয়া এই প্ৰৱণতাক এক বিশেষ ৰূপ প্ৰদান কৰি শুকুৰবাৰ আৰু শনিবাৰে ৰাজ্যৰ নেটিজেনসকলৰ মাজত ভাইৰেল হৈ পৰে স্বাস্থ্যমন্ত্ৰীগৰাকীৰ এখন বিশেষ ফটো। 

কৰ’নাৰ বিৰুদ্ধে যুঁজ দি ভাগৰুৱা মন্ত্ৰী হিমন্ত!

ভাইৰেল হৈ পৰা ফটোখনত এখন মটীয়া ৰঙৰ কুশ্বন থকা দীঘল ছোফাত ওপৰমুৱাকৈ শুই থকা দেখা গৈছে মন্ত্ৰী হিমন্তক। মন্ত্ৰীগৰাকীৰ পিন্ধনত এটা নীলা ৰঙৰ জিন্স আৰু ধোৱাবৰণীয়া হাত দীঘল টি-চাৰ্ট। যিটো কোঠাত শুই আছে সেই কোঠাৰ মজিয়াত পৰা ছাঁবোৰলৈ চালে ফটোখন যে নিশাৰ ভাগৰ সেয়া অনুমান কৰিব পাৰি। ফটোখন চালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিছু পৰিমাণে ভাগৰুৱা যেন লাগে।

ছোফাত ভাগৰত শুই পৰা এই ফটোখন শুকুৰবাৰে হঠাৎ ভাইৰেল হৈ পৰে। ফটোখন পোষ্ট কৰি মন্ত্ৰীগৰাকীৰ হাজাৰ হাজাৰ অনুগামীৰ লগতে কিছু আন লোকেও লিখিছে যে এনেদৰে কষ্ট কৰিব পৰা মন্ত্ৰী অসমত মাত্ৰ এজনেই আছে আৰু সেইজনেই হৈছে হিমন্ত বিশ্ব শৰ্মা। 

এজন ফেচবুক ইউজাৰ ফটোখন শ্বেয়াৰ কৰি লিখিছে, 'অন্ধ সমৰ্থক নহয়। কিন্তু মানুহজনৰ কষ্টক স্বীকৃতি দিবই লাগিব। স্বাস্থ্যমন্ত্ৰী হিচাপে পুৱাৰে পৰা নিশা দুপৰলৈকে অসমবাসীক ৰক্ষা কৰিবলৈ দুখ-ভাগৰ সকলো পাহৰি কৰ্তব্য কৰি গৈছে। কৰ’নাক ভেটা দিবলৈ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি নিশা কোনোমতে এনেকৈ ছোফাতে শুইছে মন্ত্ৰীগৰাকীয়ে। ৰাজনীতিবিদ হ’লে এনে হ’ব লাগে।’

আন এজনে লিখিছে, 'মানুহজনক বিৰোধিতা কৰা সকলেও এনে কষ্ট আৰু ত্যাগক সন্মান জনাবলৈ বাধ্য। এনেদৰে নিজৰ দুখ-কষ্ট পাহৰি ছোফাত শুই ৰাইজৰ হকে কাম কৰা নেতা অসমত এজনেই আছে। ছাৰ, আপুনিয়েই আমাক ৰক্ষা কৰিব পাৰিব। আপোনাৰ এনে কষ্টক অসমৰ ৰাইজে কোনোদিনে নাপাহৰে ছাৰ। আপোনাৰ দৰে আৰু এজন নেতা থকা হ’লে অসম বহুত আগুৱাই গ’লহেতেন। আপোনাক ধন্যবাদ দিবলৈ ভাষা বিচাৰি পোৱা নাই ছাৰ।’

'ক'ৰনাৰ সৈতে দিনে ৰাতিয়ে কাম কৰা লোকজনে ক্ষন্তেক এখন ছোফাতেই টোপনি যোৱা মুহূৰ্তত।’-এইদৰে কেপশ্যন দি কেবাজনো ফেচবুক ইউজাৰে ফটোখন শুকুৰবাৰৰ নিশা যোৰহাটৰ আৱৰ্ত ভৱনৰ বুলি দাবী কৰা দেখা গৈছে। একাংশই আকৌ ফটোখন গুৱাহাটীৰে কোনো স্থানৰ বুলিও মন্তব্য কৰিছে।

ফটোখন ভুৱা বুলি দাবী

দিনটো এনেদৰে ছোফাত শুই থকা ফটোখন পোষ্ট কৰি হাজাৰ হাজাৰ লোকে কৰ’নাৰ বিৰুদ্ধে কৰা যুঁজৰ স্বীকৃতি হিচাপে স্বাস্থ্যমন্ত্ৰীগৰাকীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই থকা সময়তে প্ৰাঞ্জল বৰা নামৰ ফেচবুক ইউজাৰ এজনে সেয়া ফেক বুলি দাবী কৰি নিশা প্ৰায় ৮ বজাত এটা পোষ্ট দিয়ে। পোষ্টটোত শুই থকা ফটোখনত দেখা পোৱা একে টি-চাৰ্ট পিন্ধি থকা আন এখন ফটো সন্নিবিষ্ট কৰি তেওঁ কয় যে যিখন ফটো কৰ’নাৰ বিৰুদ্ধে যুঁজ দি ভাগৰি ছোফাতে শুই যোৱা মুহূৰ্তৰ বুলি কোৱা হৈছে সেইখন প্ৰকৃততে এবছৰ পূৰ্বৰ ফটো। 

ফটোখনৰ প্ৰকৃত তথ্য বুলি উল্লেখ কৰি তেওঁ লিখিছে, 'ভক্তসকলে প্ৰচাৰ কৰা ফটোখন যোৰহাট আৱৰ্ত ভৱনৰ এটা কোঠাৰ। ফটোখন ২০১৯ চনৰ ১৮ অক্টোবৰৰ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এক চৰকাৰী কাৰ্যসূচীত যোৰহাটলৈ আহোতে ৰাতিটো এই ভৱনতেই অতিবাহিত কৰিছিল। দলীয় কৰ্মীসকলে তেওঁক লগ কৰিবলৈ যোৱা অৱস্থাত এজন লোকে ফটো তুলিছিল আৰু সেই সময়ত ফটোখন ফেচবুকত প্ৰচাৰো কৰিছিল। ফটোখন বৰ্তমান পুৰণি পোষ্টটোৰ পৰা আতৰাই দিছে। তথাপিও সেই একেই দিনাই তোলা এখন ফটো সংলগ্ন কৰিলো।’

কাৰ কথা সত্য?

ভাইৰেল ফটোখন ভুৱা বুলি প্ৰাঞ্জল বৰা নামৰ ফেচবুক ইউজাৰজনে দাবী কৰাৰ পিছতে বিষয়টোক লৈ দুটা পক্ষ হৈ পৰে। অৱশ্যে কংগ্ৰেছ সদস্যজনে প্ৰমাণ হিচাপে আন এখন ফটো সংলগ্ন কৰাত অধিকাংশ লোকেই সেয়া নিৰ্বিবাদে মানি লৈছে। সেয়া হ’লেও NNOৰ তৰফৰ পৰা ফটোখন সন্দৰ্ভত আৰু কিছু তথ্য জানিবলৈ চেষ্টা কৰা হয়।

কালিৰে পৰা ভাইৰেল হৈ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটোখন আৰু আজি উক্ত ফটোখন ভুৱা বুলি কৈ তাৰ প্ৰমাণ হিচাপে দিয়া আনখন ফটোৰ উৎসৰ সন্ধান কৰিবলৈ ৰিভাৰ্ছ ইমেজ কৰোতে ওলাই পৰে এজন সাংবাদিকৰ ফেচবুক প্ৰফাইল। সাংবাদিকজন হৈছে যোৰহাটৰ প্ৰদীপ বৰা। 'নিউজ লাইভ’ নামৰ ছেটেলাইট নিউজ চেনেলটোৰ যোৰহাটৰ সাংবাদিকজনৰ 'Pradip Borah New’ নামেৰে থকা ফেচবুক একাউণ্টযোগে ২০১৯ চনৰ ১৯ অক্টোবৰৰ নিশা ১২ বাজি ১০ মিনিটত পোষ্ট কৰা হৈছিল চাৰিখনকৈ ফটো।

ফটোকেইখনৰ আটাইকেইখনতে সময় আৰু তাৰিখ ওলাই আছে। কেমেৰা ছেটিংছত সময়-তাৰিখ প্ৰদৰ্শন হোৱাকৈ থলে সেয়া প্ৰদৰ্শন কৰে। এই অনুযায়ী ফটোকেইখন তোলা হৈছিল ২০১৯ চনৰ ১৮ অক্টোবৰৰ নিশা ১১-৪০ বজাৰ পৰা ১২ বজাৰ ভিতৰত। শুই থকা ভাইৰেল ফটোখন ইয়াৰ কিছু সময়ৰ পিছৰ বুলি অনুমান কৰিব পাৰি। সাংবাদিকগৰাকীয়ে ফটোকেইখন পোষ্ট কৰি কেবাজনো লোকক টেগো কৰিছে। অৰ্থাৎ তেওঁলোক আটায়ে অথবা কেইজনমানে মন্ত্ৰীগৰাকীক সেইদিনা নিশা যোৰহাট আৱৰ্ত ভৱনত সাক্ষাৎ কৰিছিল।

এই চাৰিওখন ফটোত ভাইৰেল হৈ পৰা ফটোখনত পিন্ধি থকা টি-চাৰ্টটো পিন্ধি থকা দেখা গৈছে মন্ত্ৰী হিমন্ত বিশ্বক। মন্ত্ৰীগৰাকীৰ পিছফালে থকা ছোফাখনো ভাইৰেল হৈ পৰা ফটোখনত থকা ছোফাখনৰ সৈতে সম্পূৰ্ণ একেই। মন্ত্ৰীগৰাকীয়ে পিন্ধি থকা টি-চাৰ্টটোৰ বুকুত লিখা আছে HACKETT। এই ইংৰাজী শব্দটো ভাইৰেল ফটোখনত পিন্ধি থকা টি-চাৰ্টটোৰ সৈতে একেই। 

আনহাতে যোৱা মাৰ্চ মাহৰ পৰা ৮ মে’লৈকে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্ট আৰু ফেচবুক একাউণ্টত আপলোড কৰা ফটোসমূহৰ এখনতো ভাইৰেল ফটোখনত পিন্ধি থকাৰ দৰে টি-ছাৰ্ট পিন্ধি থকা পৰিলক্ষিত হোৱা নাই। ৰিভাৰ্চ ইমেজ ছাৰ্চতো সাংবাদিক প্ৰদীপ বৰাই ২০১৯ৰ ১৯ অক্টোবৰত ফেচবুক একাউণ্টত আপলোড কৰা ফটোকেইখনহে প্ৰদৰ্শন কৰে।

সাংবাদিক প্ৰদীপ বৰাই ফটোকেইখন আপলোড কৰি কেপশ্যনত লিখিছে, 'ৰাতি যোৰহাটৰ আৱৰ্ত ভৱনত।’ ইয়াৰ পিছতে তেওঁ দুডাল ডাঢ়ি দিছে। আনহাতে প্ৰাঞ্জল বৰা নামৰ যিজন যুৱকে ভাইৰেল ফটোখন কৰ’না কালৰ নহয় বুলি দাবী কৰি প্ৰমাণ হিচাপে তেনেধৰণৰ আন এখন স্ক্ৰীণশ্বটৰ ফটো দিছে সেইখন ফটোতো বাক্যৰ শেষত দুডাল দাঢ়ি দিয়া একেটা কেপশ্যন দেখা গৈছে। 

ইয়াৰ পৰা দুটা কথা স্পষ্ট হৈ পৰে। এটা হৈছে শুকুৰবাৰে নিশাৰে পৰা ভাইৰেল হোৱা মন্ত্ৰীগৰাকীৰ ফটোখন প্ৰকৃততে বহুতে দাবী কৰাৰ দৰে কৰ’নাৰ বিৰুদ্ধে যুঁজ দি ভাগৰত ছোফাতে শুই পৰা মুহূৰ্তৰ নহয়। সেইখন ফটো হৈছে যোৰহাটৰ আৱৰ্ত ভৱনত ২০১৯ চনৰ ফটো। আনটো হৈছে প্ৰাঞ্জল বৰা নামৰ যুৱকজনে 'কালিৰ ফটোখন’ ফেক বুলি কৰা দাবী সত্য। 

কৰ'নাক পৰাভূত কৰিবলৈ সজাগ আৰু সতৰ্ক হওক

এয়া কৰ'না কাল। কৰ’নাৰ ভয়াৱহতাৰ পৰা ৰাজ্যবাসীক ৰক্ষা কৰিবলৈ চেষ্টা চলোৱাতো চৰকাৰৰ দায়িত্ব। সেই দায়িত্ব পালন কৰিয়েই স্বাস্থ্য মন্ত্ৰী হিচাপে দিনে-নিশাই কামত ব্যস্ত হৈ পৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মা। ছাত্ৰক শিক্ষা দিয়াতো যিদৰে শিক্ষকৰ দায়িত্ব, ৰোগীক শুশ্ৰূষা কৰাতো যিদৰে চিকিৎসক-নাৰ্ছৰ দায়িত্ব তেনেদৰে মহামীৰৰ দৰে সংকটৰ সময়ত ৰাইজৰ হৈ কাম কৰাটোৱেই প্ৰতিজন মন্ত্ৰী-আমোলাৰ দায়িত্ব। 

এনে সংকটৰ সময়ত কেৱল মাত্ৰ এজন লোকে কেতিয়াও অসমৰ ৩ কোটি জনসাধাৰণক ৰক্ষা কৰিব নোৱাৰে। কৰ’নাৰ বিৰুদ্ধে যুঁজত সফল হ’বলৈ হ’লে মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি এম্বুলেন্সৰ চালক, হাস্পতালৰ ছাফাই কৰ্মীলৈকে সকলোৱে দায়িত্ব সহকাৰে কাম কৰি যাব লাগিব। অৱশ্যে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব এই সময়ত সমগ্ৰ বিভাগটোক নেতৃত্ব দিয়া ব্যক্তি হিচাপে পূৰ্বতকৈ অধিক হৈ পৰে। 

স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে বিগত সময়ছোৱাত কোনে কি কৰিছে নকৰিছে সেয়া অন্য এক আলোচনাৰ বিষয়। কিন্তু এয়া স্পষ্ট যে এজন মন্ত্ৰীয়ে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰা কাৰ্যক মহিমামণ্ডিত কৰিবলৈ এনেদৰে পুৰণি ফটোৰ সহায় লোৱাতো অনুগামীসকলৰ বাবে তেনেই অশোভনীয়। ইয়াৰ পৰিৱৰ্তে অসমত কৰ’না ৰোগী ৬২ জনলৈ বৃদ্ধি পোৱা এই দুঃসময়ত সকলোৱে সামাজিক দূৰত্ব বৰ্তাই ৰখা আৰু ছ’চিয়েল মিডিয়াযোগে শুদ্ধ তথ্য প্ৰচাৰ কৰাতোকহে নিজৰ কৰ্তব্য হিচাপে জ্ঞান কৰা উচিত। অন্যাথাই এনেদৰে পুৰণি ফটো এখনক বৰ্তমানৰ বুলি কৰা প্ৰচাৰে কৰ'নাক প্ৰতিহত কৰিবলৈ বিগত সময়ছোৱাত মন্ত্ৰীগৰাকীয়ে দিনে-নিশাই কৰা কষ্ট আৰু ত্যাগক অপমান কৰাৰ লেখীয়াহে হৈ পৰিব।

শ্বেয়াৰ কৰাৰ আগত হওক সাৱধান

এই ঘটনা এক মাথো উদাহৰণ। এনেকৈয়ে বহুত মিছা কাহিনী সত্য বুলি এচামে প্ৰচাৰ কৰে আৰু এচামে তাকে সত্য বুলি ভাবি শ্বেয়াৰ কৰি বিষবাষ্প বিয়পোৱাত সহায় কৰে। সমাজত আছেই এনে এচাম মানুহ(!) যিয়ে সমাজখনক কেনেকৈ বিপথে পৰিচালিত কৰিব পাৰি, কেনেকৈ ভাতৃঘাতী সংঘৰ্ষ বৃদ্ধি কৰিব পাৰি, নানা উদ্বেগজনক বাতৰি বিয়পাই দি কেনেকৈ সমাজখনক অস্থিৰ কৰি ৰাখিব পাৰি তাৰ চিন্তাতে থাকে আৰু হাতে কামেও লাগে। গতিকে আপুনি তেনে অপকৰ্মত সাৰপানী যোগোৱাৰ পৰা বিৰত থাকক। ছ’চিয়েল মিডিয়াত কিবা এটা শ্বেয়াৰ কৰাৰ আগত হাজাৰবাৰ চিন্তা কৰক, প্ৰকৃত সত্য কি তাৰ তদন্ত কৰক তাৰপাছতহে সহজতে উপলব্ধ শ্বেয়াৰ অপশ্যনটো ক্লিক কৰক। আপোনাৰ এটা ক্লিকটো খাণ্ডৱ দাহ হ’ব পাৰে... গতিকে সাৱধান...।