Printer-friendly version

ফাগুন। উন্মনা ফাগুন। বতাহত সুহুৰি তুলি ফাগুন আহিছে। ওৰণিৰ তলৰে মেলা তাঁতৰ শিৰত বেলিটো গাঁঠি দিয়াৰ পিছত মাকৰ ঘৰলৈ আহি পদূলি মূৰত ৰৈ লাজলাজকৈ চাই থকা ন-বোৱাৰীৰ ৰূপত আহিছে ফাগুন। বুকুত যে এক হিৰণ্ময়ী বাসনা।

ফাগুনে আনে ভিন্ন ৰং। সেউজীয়া, ৰঙা আৰু হালধীয়া। সৰাপাতত আহে হালধীয়া। হালধীয়াৰ বুকু ভেদি আহে অংকুৰিত সেউজীয়া। সেউজীয়াই আনে অফুৰন্ত সম্ভাৰ। উতলা যৌৱন বসন্তৰ। ফাগুনৰ যেন উছাহৰ শেষ নাথাকে। আৰু ৰঙা ! তেজ ৰঙা শিমলু অথবা পলাশে ছটিয়ায় বুকুত অজুত ভালপোৱা। শিমলু তোলাৰ শুকুলাৰ মাজত উৰে ৰাগি। ভালপোৱাৰ ৰাগি। ভৰ দুপৰীয়া পকা বেলিটো মূৰত লৈ কোনোবা গৰখীয়াৰ বাঁহীৰ সুৰে ব্যাকুল কৰে অদূৰত অপেক্ষাৰত নীড় মুখী প্ৰেমিক পখীক। ফাগুনৰ পচোৱাই যে কেৱল উৰাব বিচাৰে মন। উচ্চতৰ পৰা উচ্চতালৈ। য’ত শুকুলা মেঘে বাহ সাজে।

আগলি কলাপাতত পৰি বিনোৱা কাউৰীৰ মাতে উথপথপ লগায় তাঁতৰ শালত থকা সহজাত গাভৰুক। বতাহত উৰুৱাই অনা প্ৰেমাষ্পদৰ ঘ্ৰাণে শিপায় কোনোবা গাভৰুৰ বুকু। অৱসাদত আৰামী চকীত বহি থকা আশীৰ ঊৰ্ধ্বৰ আইতাৰ টোপনি ভাঙে ডাকোৱালৰ টিলিঙা অথবা ফেৰিৱালাৰ চিঞৰে।

ফাগুনৰো আছে এক স্বকীয় ৰূপ। ৰূপৰ ছন্দময়তাত নাচে প্ৰকৃতি। কাণে কাণে গুণগুণায় গান। বাৰীৰ ঢাপৰ বাঁহনিডৰাই বতাহত তোলে সুৰ। শিলকপৌজনীয়ে বিনায়। হ’ব পাৰে লগৰী হেৰায়।

ফাগুনে নানে ওফোন্দা নদীৰ সোঁত। নাথাকে কঁকাল কুঁজা খেতিয়কৰ জঞ্জাল। থাকে মাথোঁ হালধীয়াত লীন যোৱা শুকান সৰাপাতৰ বাঁহ পাতৰ ছন্দময় লয়লাস। বেলিৰ কিৰণ পৰি জলমলাই থকা নদীৰ বুকুত যেন পাৰি লয় প্ৰকৃতিয়ে এখন সুকোমল চাদৰ। সেই চাদৰ ফালি কোনোবা নৈপৰীয়া গাভৰুৱে আচল তিয়ায়। নৈ গৰাৰ কঁহুৱনিত দুটামান বালিমাহিয়ে লুকা-চুৰি খেলে। বুকুৰ কোমলতাত আঁচল তিওৱা গাভৰুৱে পাহৰি যায় মেথনিৰ সৰলতা।

ধূলিয়ৰী বালিৰে শুকানৰ সাজতো ফাগুনে আনে সজীৱতা। শুকুলাৰ মাজত নীড়মুখী বগলী জাকৰ গতি ৰোধ কৰি ওফোন্দা গংগাটোপেৰে আকাশে অভিমানৰ চকুলো টুকে। চকুলোৰ বৰষুণত তিতি জুৰুলি জুপুৰি হয় প্ৰকৃতি। আকুলতাত হেৰায় দুটি মন। ছাগলী খেদা বৰষুণত তিতি তিতি দাঙি ধৰে ফুটুফুটীয়া ছাতি। ইমানতে শান্ত নহয় দুষ্ট ফাগুন। বৰষুণ নেওচি সেমেকা সৰাপাতৰ গোন্ধ লৈ আহে ফাগুন। বলীয়া বতাহ হৈ।

বতাহে আনে আন্ধাৰ। আন্ধাৰত জোন হয় ঋতুমতী। ঋতুমতীৰ পৰা ষোড়শী গাভৰু। ফাগুনৰ চঞ্চলা জোনে আকাশ নচুৱাই। ফাগুনৰ বতাহে কোবাই খিৰিকী। খিৰিকিৰ শিপাৰৰ ছতিয়না জোপাত বাজে কেতেকীৰ হিয়া বঙা বিননি।

এনেকৈয়ে আহে ফাগুন। ৰেডিঅৰ মিঠা মাত,নিৰ্জন দুপৰীয়াত ফাগুনৰ উৰুঙা ঠেলি ভাহিঁ অহা বাঁহ কটাৰ শব্দ, চৰাইৰ মাত, শুকুলা তুলাৰ নাচোন অথবা তোমাৰ হাঁহিত জিলিকি থকা তেজৰঙা শিমলুৰ ঈষত ৰঙা হাঁহিটিৰে।

সৰাপাতৰ আচলৰ আঁৰ লৈ আহে ফাগুন। উদাস অথবা উন্মনা। হালধীয়াৰ পৰা সেউজীয়া। বতাহত সুহুৰি তুলি কয় কাণে কাণে বহু কথা। ঋতুৰাজ বসন্তৰ আগমনৰ বতৰা।