সমগ্ৰ দেশৰ লগতে অসমতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে পালন কৰা হৈছে জনতাৰ কাৰ্ফিউ। যোৱা ১৯ মাৰ্চৰ নিশা ৮ বজাত এক ভাষণযোগে এই ৰোগৰ পৰা বাছি থকাৰ উপায়সমূহ অৱগত কৰাৰ লগতে আজি পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ স্বতঃস্ফূৰ্ত কাৰ্ফিউ পালন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল।

ইয়াৰ পিছতে ছ’চিয়েল মিডিয়াযোগে এটি মেছেজ ভাইৰেল হৈ পৰে। এই ভাইৰেল মেছেজটোত কোৱা হৈছে যে কৰ’না ভাইৰাছৰ জীৱনকাল যিকোনো নিৰ্জীৱ পদাৰ্থৰ ওপৰত অতি বেছি ১২ ঘণ্টা। সেয়ে ১৪ ঘণ্টা 'জনতা কাৰ্ফিউ’ পালন কৰিলে ইয়াৰ সংক্ৰমণৰ শৃংখল বা ছেইনডাল ভাঙি যাব। এই মেছেজটো #JantaCurfew হেছটেগেৰে হিন্দী, ইংৰাজী, বাংলা, তামিল, তেলেগু, গুজৰাটী, পঞ্জাৱী, বাংলাত অনুবাদ কৰি শ্বেয়াৰ কৰিছে অসংখ্যজনে। 

অসমতো অসমীয়া ভাষালৈ কোনো অজ্ঞাত লোকে অনুবাদ কৰাৰ পিছত সেয়া হাজাৰ হাজাৰ লোকে আজি পৰ্যন্ত শ্বেয়াৰ কৰি থকা দেখা গৈছে। মেছেজটোত আৰু কোৱা হৈছে যে ১৪ ঘণ্টাৰ 'জনতা কাৰ্ফিউ’ পালনৰ পিছত আমি এখন কৰ’নামুক্ত দেশ পোৱাৰ সম্ভাৱনা আছে, যদি সকলোৱে ইয়াক ভালদৰে পালন কৰো। 

প্ৰশাসনেও বিয়পাইছে নেকি ফেক নিউজ!

আচৰিত কথা এয়ে যে এই ভাইৰেল মেছেজটোত উল্লেখ কৰা তথ্যখিনি শুদ্ধ নে অশুদ্ধ সেয়া বিচাৰ নকৰাকৈয়ে অসমৰ সৰু-বৰ চহৰ আৰু গাঁও অঞ্চলত প্ৰশাসনৰ তৰফৰ ৰাইজক জনতাৰ কাৰ্ফিউ পালন কৰিবলৈ মাইকযোগে কৰা ঘোষণাতো প্ৰচাৰ কৰা দেখা গৈছে। বিভিন্ন গাঁও অঞ্চলতো প্ৰশাসনৰ তৰফৰ পৰা জনোৱা আহ্বানত ভাইৰাছবিধ মাত্ৰ ১২ ঘণ্টাহে জীয়াই থাকে বুলি দাবী কৰি 'জনতাৰ কাৰ্ফিউ’ পালন কৰাৰ পিছত সেয়া নাইকিয়া হৈ পৰিব বুলি ঘোষণা কৰাৰ কথা NNOৰ ফেক্ট চেক টীমক জানিবলৈ দিছে সচেতন লোকসকলে। 

সত্যনে এই ভাইৰেল মেছেজৰ তথ্য?

ভাইৰেল মেছেজত প্ৰকাশ পোৱা এই তথ্য মুঠেই সত্য নহয়। কৰ’না ভাইৰাছৰ জীৱনকাল কিমান সেয়া এতিয়াও সঠিককৈ ক’ব পৰা হোৱা নাই যদিও প্ৰাৰম্ভিক গৱেষণাত ৩ দিন পৰ্যন্ত জীয়াই থকা দেখা গৈছে। অৰ্থাৎ এয়া স্পষ্ট যে ভাইৰেল মেছেজটোত দাবী কৰাৰ দৰেকৈ নিৰ্জীৱ পদাৰ্থৰ ওপৰত ই মাত্ৰ ১২ ঘণ্টা নহয়, তাতোকৈয়ো বহু দীঘলীয়া সময়লৈকে জীয়াই থাকে।

আনহাতে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ পৰা সংস্পৰ্শলৈ অহা আন এজন সুস্থ ব্যক্তিলৈ এয়া অনাগত দুই সপ্তাহ পৰ্যন্ত বিয়পি পৰাৰ সম্ভাৱনা থাকে। এই ভাইৰাছ সাধাৰণতে প্ৰত্যক্ষ আৰু পৰোক্ষ দুই ধৰণে এজনৰ পৰা আন এজনলৈ বিয়পে। সংক্ৰমিত ব্যক্তিক স্পৰ্শ কৰিলে বা ওচৰলৈ আহোতে কাহ, হাঁচি আদি মাৰিলে প্ৰত্যক্ষভাৱে এই ভাইৰাছ বিয়পিব পাৰে। দ্বিতীয়তে সংক্ৰিমত ব্যক্তিয়ে স্পৰ্শ কৰা যিকোনো বস্তু আন কোনোৱে স্পৰ্শ কৰিলে।

১৪ ঘণ্টাৰ জনতাৰ কাৰ্ফিউ কিমান ফলপ্ৰসূ?

'জনতাৰ কাৰ্ফিউ’ পালনে আমাক সকলোকে একেলগে এই সংকটৰ সময়ছোৱাত নিজকে গৃহবন্দী কৰি ৰখাৰ অভ্যাস গঢ়ি তোলাত সহায়ক হ’ব। কিন্তু কেৱল মাত্ৰ ১৪ ঘণ্টা জনতাৰ কাৰ্ফিউ পালন কৰি কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা সম্পূৰ্ণৰূপে হাত সাৰিব পৰা যাব বুলি ভবাতো হ’ব অন্যতম ভুল। কিয়নো কৰ’না ভাইৰাছ সংক্ৰমিত স্থানত অতি কমেও ২-৩ দিন পৰ্যন্ত জীয়াই থাকে। 

আগতেই কোৱা হৈছে যে সংক্ৰিমত ব্যক্তি এজনৰ পৰা আন এজন ব্যক্তিলৈ এই ভাইৰাছ দুই সপ্তাহ পৰ্যন্ত বিয়পিব পাৰে। গুৰুত্বপূৰ্ণ কথাটো হ’ল লক্ষণসমূহ লগে লগে দেখা নিদিয়ে বাবে ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কেবাদিনলৈ সেয়া আক্ৰান্ত ব্যক্তিগৰাকীয়ে নিজেই নাজানিব পাৰে। গড় হিচাপত এজন সংক্ৰমিত ব্যক্তিৰ পৰা ওচৰ-পাজৰৰ অতিকমেও ৩ জন লোকলৈ এই ভাইৰাছ বিয়পি পৰাৰ সম্ভাৱনা থাকে।

ইনফ্লুয়েঞ্জাৰ দৰেকৈ এই ভাইৰাছ সংক্ৰমিত হয়। সাধাৰণ ইনফ্লুয়েঞ্জা বিয়পি পৰাৰ সম্ভাৱনা যথেষ্ট কম হয় আৰু তাৰ দ্বাৰা আক্ৰান্ত হ’লেও সেয়া ২-৩ দিনৰ ভিতৰত নিজে নিজে ঠিক হৈ পৰে। বিপৰীতে 2019-nCoV দুই সপ্তাহ পৰ্যন্ত বিয়পাৰ সম্ভাৱনা থাকে। সেয়ে কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তি এজন পৰা প্ৰথম অৱস্থাত লোকজনৰ দেহত লক্ষণসমূহ দেখা নগ’লেও তেওঁৰ পৰা আন এজন বা তাতোকৈ বেছি লোকলৈ দুই সপ্তাহ পৰ্যন্ত সংক্ৰমিত হ’ব পাৰে। সেয়ে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনাৰ পৰা হাত সাৰি থাকিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰা দুই সপ্তাহ পৰ্যন্ত কোৱাৰেণ্টাইনড থাকিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছে। 

কৰ’না ভাইৰাছ ৩দিন পৰ্যন্ত সংক্ৰমিত স্থানত জীয়াই থাকে

'নিউ ইংলেণ্ড জাৰ্ণেল অব মেডিচিন'ত আমেৰিকাৰ বিজ্ঞানীৰ এটা দলে কৰা গৱেষণা (Doremalen et al 2020)ৰ ফলাফল প্ৰকাশ পাইছে। এই গৱেষণাৰ ফলাফলত দেখা গৈছে যে COVID-19 বায়ুত কেবা ঘণ্টা আৰু সংক্ৰমিত স্থানত ২-৩ পৰ্যন্ত জীৱিত হৈ থাকে। গৱেষকৰ দলটোৱে সংক্ৰমিত ব্যক্তিৰ হাঁচিৰ দৰেকৈ বিশেষ যন্ত্ৰৰ সহায়ত কৰ’না ভাইৰাছ এৰি দি ইয়াৰ পৰীক্ষা সম্পন্ন কৰিছিল। তেওঁলোকে এই পৰীক্ষাত দেখিছিল যে ভাইৰাছবিধ বায়ুত অতিকমেও ৩ ঘণ্টা, তামৰ পাত্ৰত ৪ ঘণ্টা, কাৰ্ডব’ৰ্ডত ২৪ ঘণ্টা আৰু প্লাষ্টিক তথা ষ্টেইনলেছ ষ্টিল (নিষ্কলংক তীখা)ত ২-৩ দিন পৰ্যন্ত জীয়াই আছিল।

যিকোনো ভাইৰাছৰ জীৱনকাল সেয়া ধ্বংস হৈ পৰা বা আধা জীৱনকাল (হাফ-লাইফ)ৰ ওপৰত ভিত্তি কৰি ঠাৱৰ কৰা হয়। এয়া হৈছে সেই সময় যেতিয়া ভাইৰাছবিধৰ প্ৰতি লিটাৰ বায়ুত ৫০ শতাংশ টিচু-কালচাৰ ইনফেকছ ড’জ (TCID50) পৰ্যন্ত ৰৈ যায়। ইয়াৰ পৰা এয়া প্ৰতিপন্ন হয় যে তাম অথবা বায়ুৰ কণিকাৰ তুলনাত কাৰ্ডব’ৰ্ড, ষ্টেইনলেছ ষ্টীল অথবা প্লাষ্টিকত অধিক সময় জীয়াই থাকে। গড় হিচাপত ভাইৰাছ বিধৰ আধা জীৱনকাল প্লাষ্টিকতে অধিক হোৱা দেখা গৈছে। অৱশ্যে কাপোৰত কিমান সময় এই ভাইৰাছবিধ জীয়াই থাকে সেই লৈ এতিয়ালৈকে কোনো গৱষেণা কৰা হোৱা নাই।

গৱেষণাত আৰু দেখা গৈছে যে এই ভাইৰাছ বায়ুৰ দ্বাৰা সংক্ৰমিত লোকৰ দ্বাৰা কোনো পদাৰ্থ স্পৰ্শ কৰা পোনপটীয়াকৈ মানৱ সংস্পৰ্শৰ জৰিয়তে  বিয়পে। ভাইৰাছবিধৰ নাম দিয়া হৈছে 2019-nCoV। কিন্তু এই গৱেষণাত ইয়াক SARS-CoV2 হিচাপে চিনাক্ত কৰা হৈছে। ইয়াৰ জীৱনকাল পূৰ্বতে পোৱা হোৱা কৰ’না ভাইৰাছ  SARS-CoV আৰু SARS-CoV1ৰ সৈতে কৰা হৈছে।

কিছু সকাহৰ কাৰণ

কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ জৰিয়তে এই ভাইৰাছ আন লোকলৈ ১৪ দিন পৰ্যন্ত বিয়পাৰ সম্ভাৱনা থাকে। ওপৰত উল্লেখ কৰা গৱেষণাত স্পষ্ট হৈ পৰিছে যে ভাইৰাছবিধ প্লাষ্টিক আৰু ষ্টেইনলেছ ষ্টীলত অতি কমেও ২-৩ দিন পৰ্যন্ত জীয়াই থাকে। সকাহৰ কাৰণ এয়াই যে বায়ুমণ্ডলত ইয়াৰ জীৱনকাল যথেষ্ট কম। সেয়া হ’লেও ভাইৰেল মেছেজত দাবী কৰাৰ দৰেকৈ ১৪ ঘণ্টা জনতাৰ কাৰ্ফিউ পালন কৰিলেই এই ভাইৰাছৰ সংক্ৰমণৰ শৃংখল বা ছেইনডাল ভাঙি যোৱাতো মুঠেই শুদ্ধ নহয়। অৱশ্যে ১৪ ঘণ্টা ঘৰতে আৱদ্ধ হৈ থাকিলে কিছু পৰিমাণে এই ভাইৰাছবিধৰ সংক্ৰমণক ৰোধ কৰিব পৰা যাব যদিও সেয়াই যথেষ্ট নহয়।

যদিহে ভাইৰেল মেছেজৰ কথা সত্য বুলি ভাবি ১৪ ঘণ্টাৰ পিছতে সকলোৱে বাহিৰলৈ ওলাই আহে আৰু তেতিয়াই বা তাৰ এদিন পিছত কোনো লোক কৰ’না ভাইৰাছ সংক্ৰমিত পদাৰ্থ বা ব্যক্তিৰ সংস্পৰ্শলৈ আহে তেন্তে তাৰ জৰিয়তে পুনৰ শ শ লোক ৰোগবিধত আক্ৰান্ত হৈ পৰিব পাৰে। সেয়ে সাৱধানে থাকক, সতৰ্ক থাকক। কেৱল ১৪ ঘণ্টাৰ কাৰ্ফিউ পালন কৰিলেই কৰ’নাক বাধা দিয়াৰ ক্ষেত্ৰত থকা আপোনাৰ দায়িত্ব শেষ হোৱা বুলি কোনো কাৰণতে ধৰি নল’ব।