newsnextone.com | চতিয়াঃ কোৱা হয়, পিতৃ পৃথিৱীৰ শ্ৰেষ্ঠতম দাঁতা আৰু ত্যাগ কৰ্তা৷ সন্তান যিয়েই নহওক, যেনেকুৱাই নহওঁক, পিতৃ বা মাতৃৰ বাবে সন্তান সদায় সন্তান৷ কিন্তু একবিংশ শতিকাৰ দ্বিতীয় দশকতো এনে একাংশ পিতৃ আছে, যি তথাকথিত শিক্ষিত আৰু ভদ্ৰতাৰ মুখা পিন্ধি ফুৰিলেও আজিও সন্তানৰ মাজত পুত্ৰ সন্তান, কন্যা সন্তান লৈ বিভেদ সৃষ্টি কৰি আহিছে৷ এনে এক পিতৃয়েই হৈছে বিশ্বনাথ চাৰিআলিৰ আদৰ্শ বহুমূখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সোনাৰাম ভূঞা৷

সমাজক নৈতিকতাৰ পোহৰ দেখুৱাই উচিত পথ দেখুৱাই দিয়া শিক্ষকৰ দৰে এক কৰ্মত জড়িত থকাৰ পিছতো এইগৰাকী মুখা পিন্ধা ভদ্ৰলোকে আজিও কন্যা সন্তানক আকোঁৱালি ল’ব নোৱাৰিলে৷ পুত্ৰ সন্তান কামনা কৰা সোণাৰাম ভুঞা নামৰ শিক্ষিত ভদ্ৰলোক জনৰ এনে কাণ্ডই এতিয়াই সমগ্ৰ বিশ্বনাথত এক আলোচনাৰ বিষয় হৈ পৰিছে৷

উল্লেখ্য যে, সোণাৰাম ভুঞাৰ প্ৰথমা পত্নীৰ ফালৰ পৰা এটি কন্যা সন্তান থকাৰ বাবে অসন্তুষ্ট হৈ পৰিছিল শিক্ষক প্ৰবৃত্তিৰ লোকজন৷ পুত্ৰ সন্তান লোভ কৰাৰ আশা কৰি তেওঁ পিছত বিশ্বনাথৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ যুৱতীক দ্বিতীয়া পত্নী হিচাপে আকোৱালি লয় যদিও দ্বিতীয়া পত্নীয়েও ১৯৯৯ চনৰ জুনত বিশ্বনাথ চাৰিআলিৰ কে পি মেমৰিয়েল হস্পিতালত এটি কন্যা সন্তানেই জন্ম দিয়ে৷

যাৰ পৰিণতিত উচ্চ শিক্ষিত সোণাৰাম ভূঞাই দ্বিতীয়া পত্নী আৰু সদ্যজাত কন্যা সন্তানক পত্নী আৰু সন্তানৰ মৰ্যাদা প্ৰদান নকৰি ঘৰৰ পৰা উলিয়াই পঠিয়ায়৷ ইয়াৰ পিছতে স্বামীৰ দ্বাৰা লাঞ্চিত আৰু প্ৰতাৰিত হৈ মহিলা গৰাকীয়ে কন্যা সন্তানটি সহ মাতৃ গৃহত আশ্ৰয় ল’ব লগা হয়৷ ইফালে, দৰিদ্ৰ মহিলা গৰাকীয়ে আদালতৰ ওচৰ চপাত আদালতে সোণাৰাম ভূঞাক তেওঁৰ দ্বিতীয়া পত্নীক খোৰাকি দিয়াৰ নিৰ্দেশ দিছিল যদিও আদাৱতৰ এই নিৰ্দেশৰো অৱমাননা কৰা বুলি অভিযোগ কৰে দৰিদ্ৰ মহিলাগৰাকীয়ে৷

আনফালে, পিতৃৰ মৰম তথা আশ্বাসৰ পৰা বঞ্চিত হৈ ডাঙৰ হোৱা সৌ সিদিনাৰ কণমানি ছোৱালী জনী এতিয়া দৰিদ্ৰ মাতৃৰ অশেষ কষ্ট আৰু ত্যাগৰ বিনিময়ত মহিবিদ্যালয়ৰ দেওনা চুইছে৷ পিতৃৰ মৰম তথা সহায়ৰ পৰা বঞ্চিত ছাত্ৰীজনী আৰু দৰিদ্ৰ মহিলাগৰাকীৰ ওপৰত কিন্তু পাষাণ হৃদয়ৰ পিতৃৰ মানসিক নিৰ্যাতন ইমানতে অন্ত পৰা নাই। 

NRC ৰ চূড়ান্ত খচৰাত ছাত্ৰী গৰাকীৰ নাম সোণাৰাম ভূঞাৰ কন্যা হিচাপে অন্তৰ্ভূক্ত হোৱাত পুনৰ দৰিদ্ৰ ছাত্ৰী গৰাকীৰ ওপৰত বিশ্বনাথ চাৰিআলি থানাত তেওঁৰ লিগেছি চুৰি কৰি অকৰ্তৃত্বশীল ভাবে ব্যৱহাৰ কৰা বুলি এজাহাৰ দাখিল কৰি পুনৰ ছাত্ৰীগৰাকী আৰু মহিলা গৰাকীৰ ওপৰত মানসিক নিৰ্যাতন আৰাম্ভ কৰিছে বুলি অভিযোগ কৰিছে নিৰ্যাতিতা মহিলাগৰাকীয়ে। 

দেওবাৰে ছাত্ৰীগৰাকী আৰু তেওঁৰ মাতৃ বিশ্বনাথ চাৰিআলি থানাত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ জন্ম হোৱা চিকিৎসালয়ৰ প্ৰমান পত্ৰ, জন্মৰ চৰকাৰী প্ৰমান পত্ৰ আৰু বিদ্যালয়-মহাবিদ্যালয়ৰ প্ৰমান পত্ৰ আৰক্ষীৰ ওচৰত দাখিল কৰে। যিবোৰ প্ৰমান পত্ৰত ছাত্ৰীগৰাকীৰ পিতৃ সোণাৰাম ভূঞা বুলি স্পষ্টকৈ উল্লেখ আছে।

ইফালে, পিতৃৰ দ্বাৰা বাৰে বাৰে লাঞ্চিত, বঞ্চিত হৈ মেধাবী ছাত্ৰী গৰাকীয়ে এতিয়া চকুৰ পানীৰে বাট নেদেখা হৈছে। তথাকথিত উচ্চ শিক্ষিত তথা শিক্ষকৰ দৰে এটি পবিত্ৰ বৃত্তিক কলুষিত কৰা সোণাৰাম ভূঞাৰ নিজ কন্যা আৰু দ্বিতীয়া পত্নীৰ সৈতে থকা এলাগী আচৰণ আৰু পয়ালগা মনোভাৱৰ বাবে ব্যক্তিজন বিভিন্ন জনৰ সমালোচনাৰ সন্মুখীন হৈছে৷