ডিফুঃ সদৌ অসম ছাত্ৰ সন্থাৰ ডিফু আঞ্চলিক সমিতিয়ে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্ব সহকাৰে উত্তীৰ্ণ ছাত্ৰ- ছাত্ৰী সকলক সম্বৰ্ধনা জনায়৷ 

দুয়োটা পৰীক্ষাত ডিফুৰ যি সকল ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰৰ পৰা আৰম্ভ কৰি ডিষ্টিংছন সহ উজলি উঠিছে সেই সকল ছাত্ৰ- ছাত্ৰীক ডিফু ক্লাৱত এক বিশেষ সম্বৰ্ধনা অনুষ্ঠানত ছাত্ৰ সংগঠনটোৱে একোখনকৈ ফুলাম গামোছা, মানপত্ৰ আৰু স্মাৰকেৰে সম্বৰ্ধনা জনায় ৷ 

আজি ডিফুৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷ সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে কাৰবি আংলং জিলা প্ৰশাসনৰ অতিৰিক্ত উপায়ুক্ত কে জেমি, আমন্ত্ৰিত অতিথি ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: নিৰৱ কুমীৰ শৰ্মা,প্ৰৱক্তা অতুল কলিতা, আছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি ভৱেস গগৈ, জিলা ছীত্ৰ সন্থাৰ সভাপতি সৰ্জোণ হাঞ্চে, ডিফু আঞ্চলিকৰ সভাপতি নেকিব আলী আৰু সম্পাদক এল্ড্ৰিণ ৰংপি উপস্থিত থাকে ৷ 

সভাত নিজৰ ভাষণ প্ৰসংগত অতিৰিক্ত উপায়ুক্ত কে জেমিয়ে শিক্ষাৰ্থী সকলক উদ্দেশি কয়যে, ছাত্ৰ-ছাত্ৰী সকলৰ আঁৰত পিতৃ-মাতৃৰ অৱদান উল্লেখনীয়৷জিলা খনে ৰাজ্যৰ ভিতৰত সৰ্বশ্ৰেষ্টতাৰ সম্মান আনিব পাৰিব বুলি তেওঁ আশাবাদী ৷ 

আনহাতে ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ডা: নিৰব কুমাৰ শৰ্মাই ভাষণ প্ৰসংগত এই সফলতাই জীৱনৰ শেষ সফলতা নহয়, ইয়াৰ পিছতো ক্ৰমবৰ্ধমান সফলতাৰে জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই অনীৰ লগতে সমাজ তথা দেশৰ উন্নয়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ শিক্ষাৰ্থী সকললৈ আহ্বান জনায় ৷