প্ৰতিকী ফটো
প্ৰতিকী ফটো

গুৱাহাটীঃ গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যোৱা দুদিন ধৰি পুৱাৰ ভাগত হাজাৰ হাজাৰ যাত্ৰীয়ে ফেৰীৰে বিপদসংকূলভাৱে আহ-যাহ কৰিব লগা হৈছে।মহানগৰীৰ ফাছী বজাৰ, ভৰলু, মাছখোৱাৰ পৰা উত্তৰ গুৱাহাটীলৈ আহ-যাহ কৰা যাত্ৰীবাহী ফেৰী সমূহে ঘন কুৱলীৰ বাবে যোৱা দুদিন ধৰি পুৱাৰ ভাগত বিপদত পৰা দেখা গৈছে৷

ঘন কুঁৱলীৰ বাবে ফেৰীসমূহে উত্তৰ গুৱাহাটীৰ দিশৰ পৰা মহানগৰীলৈ অহাত ব্যাপক সমস্যাত পৰে৷ ঘন কুৱলীৰ বাবে দিশ ধৰিব নোৱাৰা হোৱাত ব্ৰহ্মপুত্ৰত আৱদ্ধ হৈ পৰে ফেৰীসমূহ৷ শুকুৰবাৰেও তদ্ৰুপ পৰিৱেশৰ সৃষ্টি হয়৷ ব্ৰহ্মপুত্ৰৰ সো মাজত আৱদ্ধ হয় যাত্ৰীৰ সৈতে কেইবাখনো ফেৰী৷ পথ হেৰুৱাই  গুৱাহাটী অভিমুখে অহা ফেৰী পুনৰ উত্তৰ গুৱাহাটীৰ ঘাটলৈ উভতি যায়৷