গুৱাহাটীঃ মাজুলীত বসবাস কৰা লোকসকলৰ কলা-কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা ঐতিহ্য আদি সংকটাপন্ন হোৱা বুলি চৰ্চা হৈ আহিছে। ইমানে নহয় প্ৰতিবছৰে বানপানী, খহনীয়াৰ কবলত পৰি হাহাকাৰ কৰিব লগা হয় মাজুলীবাসীয়ে। মাজুলীৰ সংকটাপন্ন কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক তথা সমস্যা সমূহ দাঙি ধৰিবলৈ এক প্ৰচেষ্টা চলাইছে অনুপম কৌশিক বৰা নামৰ এজন যুৱকে৷

সমাজ, কৃষ্টি, সংস্কৃতি, পৰম্পৰা, সভ্যতা, সংস্কৃতি, লোক নৃত্য, গীত, খাদ্য, সাজ-পোছাক আদিৰ উপৰিও মাজুলীবাসীৰ জীৱনৰ কৰুণ গাঁথা বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ বোলছবি নিৰ্মাণ কৰিব অনুপম কৌশিক বৰাই৷ আধুনিকতাৰ কৱলত পৰি স্বকীয়তা বৰ্তাই ৰাখিবলৈ কৰা প্ৰচেষ্টা, ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰা ঐতিহ্যৰ ছবিখন, জীৱন সংগ্ৰামৰ জীয়া ছবিক লৈ প্ৰস্তুত হ’ব ছবি খন।

মুঠৰ ওপৰত মাজুলীৰ জীয়া বাস্তৱ প্ৰতিচ্ছবি খন বোলছবি আকাৰে ৰাইজৰ মাজলৈ লৈ আহিব অনুপম কৌশিক বৰাই। যন্ত্ৰণাকাতৰ এখন হাঁহি-কান্দোন, সুখ-দুখৰ জীয়া স্মৃতিক সমল কৰি অনুপম কৌশিক বৰাৰ ৰচনা আৰু পৰিচালনাৰে ভাৱৰীয়া-দ্য টি পজিটিভ য়ে প্ৰথমবাৰৰ বাবে "বৰনদী ভটিয়ায়" নামৰ এখন পূৰ্ণ দৈৰ্ঘ্যৰ ছবি নিৰ্মাণৰ প্ৰস্তুতি চলাই গৈছে।

মাজুলীৰ বিশিষ্ট নাট্যকৰ্মী তথা মাজুলীৰ পৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ একমাত্ৰ স্নাতক অনুপম কৌশিক বৰাৰ  প্ৰচেষ্টাত ২০১৭ চনৰ শেষত আশাৰ বাতৰি কঢ়িয়াই আনিছে। অসমৰ বুকু ফালি বৰনদী ভটিয়ায়। বাৰিষা নদীয়ে বুকু ওফন্দায়। পানী উপৰছনিয়া হৈ দুপাৰলে বান হৈ ঢপলিয়াব খুজিলে মথাউৰি দি পানী ভেটিব লাগে। মথাউৰিয়ে বানৰ বেমাৰ ভাল কৰে। পিছে কেতিয়াবা কেতিয়াবা মথাউৰি ভাঙি ভয়ংকৰ বিপদ নামি আহে।

বানে মানুহ-গৰু মাৰে, ঘৰ ভাঙে, খেতি নিঃশেষ কৰে। বৰনদীয়ে বুকু ওফন্দাবৰ সময়ত আৰু বানৰ পাছতে পানী কমাৰ সময়ত দুয়োপাৰ খহে। খহনীয়াত মাটি যায় নদীত, অঘৰী হয় বহুজন। কিছুমানে তাকে লৈ ৰাজনীতি কৰে। নিনাদিত মাজুলীয়ে কৰে আৰ্তনাদ। মাজুলী খহে, মাজুলী উটে। লাহে লাহে মাজুলী নোহোৱা হোৱাৰ উপক্ৰম হ’ব।

মাজুলীৰ বিভিন্ন মনোমোহা ঠাইত জানুৱাৰী মাহৰ পৰা চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হ'বলগীয়া কথাছবি খনৰ সংগীত সজাব ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাই। প্ৰয়াশ শৰ্মা তামুলীয়ে চিত্ৰগ্ৰহণ কৰিব লগা কথাছবি খনৰ সম্পাদনা ৰন্টু চেতিয়াৰ আৰু ধ্বনি পৰিকল্পনা কৰিব দেৱজিৎ গায়নে। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ বহুকেইজন স্নাতকৰ লগতে নতুন প্ৰজন্মৰ কেইবাজনো সম্ভাৱনময় শিল্পীয়ে অভিনয় কৰিব লগীয়া কথাছবি খনৰ নিৰ্মানৰ খবৰে মাজুলীৰ লগতে ৰাজ্যখনৰ চলচিত্ৰ উদ্যোগটোলৈ বছৰটোৰ শেষত এক আশাৰ বতৰা কঢ়িয়াই আনিছে।