বোকাজানঃ অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান বজাৰত আজি দিনৰ প্ৰায় ১ বজাত এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ঘন জনবসতিপূৰ্ণ অঞ্চলটোত হঠাতে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ ফলত বৃহৎ অঞ্চলটোৰ স্থানীয় ৰাইজৰ মাজত হুৱাদুৱা লাগে। 

জুইৰ লেলিহান শিখাই নিমিষতে বৃহৎ অঞ্চলটো আগুৰি ধৰাৰ ফলত সমগ্ৰ অঞ্চলটোৰ লগতে আকাশৰ বহু ওপৰলৈ কলা ধোৱাই ছানি ধৰে ৷ অগ্নিকাণ্ডত ১০ টাকৈ ভাৰাঘৰ জুইত সম্পূৰ্ণৰূপে জাহ যায়। ঘটনাস্থলীত খটখটি আৰক্ষী, বোকাজান অগ্নিনিৰ্বাপক বাহিনীৰ ২ খনকৈ গাড়ীৰ লগতে চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ ডিমাপুৰৰ অগ্নিনিৰ্বাপক বাহিনীৰো ২ খন গাড়ীয়ে বহু কষ্টৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। 

প্ৰত্যক্ষদৰ্শীসকলৰ মতে লাহৰিজানৰ কাৰাগাঁওস্থিত দ্বিতীয় অসম বিশেষ সংৰক্ষিত বাহিনীৰ মাটিত অবৈধভাৱে নিৰ্মাণ কৰা উক্ত ভাৰাঘৰ কেইটাৰ কোনো এটা ভাৰাঘৰৰ পৰাই জুইৰ সূত্ৰপাত ঘটে। অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ নিৰ্দিষ্টকৈ জানিব পৰা হোৱা নাই যদিও সেয়া লক্ষাধিক হ'ব বুলি অনুমান কৰা হৈছে।

উল্লেখ্য যে সময়ে সময়ে ভিন্ন স্থানত এনেধৰণে অবৈধভাৱে নিৰ্মাণ কৰা বাসগৃহত অগ্নিকাণ্ড সংঘটিত হৈ আহিছে যদিও উক্ত ঘটনাৰ পৰা শিক্ষা লৈ সতৰ্ক নোহোৱাৰ পৰিপ্ৰেক্ষিততে ঠায়ে ঠায়ে এনে ঘটনাৰ পুনৰাবৃত্তি হৈয়ে আছে।