মুম্বাইঃ ইউৰোপৰ দৰেকৈ ভাৰতৰো প্ৰতিদিনেই বৃদ্ধি পাব ধৰিছে ক'ৰনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা। ভাৰতৰ প্ৰায় ২০খনতকৈয়ো অধিক ৰাজ্যত ক'ৰনাই মহামাৰীৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হোৱাৰ সময়তে দেশৰ আগশাৰীৰ এক ব্যক্তিগত প্ৰতিস্থান ৰিলায়েন্স ফাউণ্ডেশ্যনে এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ বাবে মুম্বাইত প্ৰতিস্থা কৰিলে প্ৰথমখন চিকিৎসালয়। ভাৰতবৰ্ষৰ অনুন্নত চিকিৎসা ব্যৱস্থা তথা এইসকল ৰোগীক ৰখাৰ বাবে প্ৰয়োজন হোৱা আইছ’লেছনৰ অভাৱৰ কথা বিভিন্ন মাধ্যমত প্ৰকাশ হৈ থকাৰ সময়তে ৰিলায়েন্স ফাউণ্ডেশ্যনে স্থাপন কৰা চিকিৎসালয়খনে দেশবাসীক যথেষ্ট সকাহ দিব বুলি আশা কৰা হৈছে।

মুকেশ আৰু নীতা আম্বানিয়ে দেখুৱাইছে মানৱতাৰ নিদৰ্শন

মুম্বাইত ৰিলায়েন্স গ্ৰুপে স্থাপন কৰা চিকিৎসালয়খনত প্ৰায় ১০০ গৰাকী ক'ৰনাক্ৰান্ত ৰোগীক ৰখাৰ ব্যৱস্থা কৰা হৈছে। এইখনেই ভাৰতত স্থাপন হোৱা প্ৰথমখন কৰ’না হাস্পতাল য'ত বহুতো অত্যাধুনিক প্ৰযুক্তি সংযুক্ত কৰা হৈছে। মহাৰাষ্ট্ৰ চৰকাৰক কৰ’নাৰ বিপক্ষে যুঁজ দিয়াৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ প্ৰস্তুত বুলি ৰিলায়েন্স গ্ৰুপে প্ৰকাশ কৰাৰ লগতে কৰ’নাত আক্ৰান্তসকলক প্ৰতিনিয়ত চিকিৎসা প্ৰদান কৰি থকা স্বাস্থ্য কৰ্মীসকলৰ বাবে প্ৰয়োজন হোৱা সা-সজুলি যেনে মাস্ক, হেণ্ড গ্ল’ভছ ইত্যাদিৰ লগতে প্ৰয়োজনীয় পোছাক যোগান ধৰাৰ কথাও ঘোষণা কৰিছে।

ৰিলায়েন্স গ্ৰুপৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰলৈ ৫ কোটি টকাৰ সাহায্য

মহাৰাষ্ট্ৰ চৰকাৰক সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰিলায়েন্স গ্ৰুপে টুইটযোগে সাহায্যৰ পৰিমাণো প্ৰকাশ কৰিছে। মহাৰাষ্ট্ৰ চৰকাৰলৈ প্ৰায় ৫ কোটি টকাৰ সাহায্য প্ৰদান কৰাৰ কথাও সদৰী কৰিছে ৰিলায়েন্সে। "আৰ আই এলে বৰ্তমান মহাৰাষ্ট্ৰৰ ৰাজকোষলৈ তৎকালীনভাৱে এই সাহায্য প্ৰদান কৰিছে। কোভিড-১৯ ৰ বিপক্ষে যুঁজ দিবলৈ চৰকাৰক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আৰ আই এল প্ৰতিনিয়ত প্ৰস্তুত। ৰিলায়েন্স ইণ্ডাষ্ট্ৰীৰ সমূহ সদস্য তথা ৰিলায়েন্সৰ পৰিয়ালৰ প্ৰায় ৬ লাখ কৰ্মচাৰীৰ শক্তিকো আমি কৰ’নাৰ বিপক্ষে যুঁজ দিবলৈ অনুৰোধ জনাম। ৰিলায়েন্সৰ স্বাস্থ্যখণ্ডৰ কৰ্মচাৰীসকলক এদিনত প্ৰায় ১ লাখ মাস্ক নিৰ্মাণ কৰিবলৈ দিয়া হৈছে। আমি আশাবাদী আমাৰ এই পদক্ষেপে কিছু পৰিমাণে হ'লেও ৰাইজক সকাহ প্ৰদান কৰিব। আমি নিশ্চিত জয় মানৱতাৰেই হ'ব।"-এইদৰে সাহায্য প্ৰদান কৰাৰ কথা সদৰী কৰিছে দেশৰ আগশাৰীৰ প্ৰতিষ্ঠানটোৱে।