newsnextone.com| গুৱাহাটীঃ দক্ষিণ শালমাৰাৰ পাটাকাটা, বজাৰ সংলগ্ন গাওঁ, মহুৰীৰ চৰ মনিৰ চৰত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গল পাটাকাটাৰ ২৫০ টা, মহুৰীৰ চৰৰ ২৫০টা আৰু মনিৰ চৰৰ ১৫০ টাকৈ মুঠ প্ৰায় ৬৫০টা পৰিয়ালৰ গৃহ। ব্ৰহ্মপুত্ৰত জাহ গল খাৰাপাৰা এল পি স্কুল, কাঠডাঙ্গা সাতডুবি এম ই মাদ্ৰাছা, ৫০১নম্বৰ সটিমাৰী এল পি স্কুল, চৰ সটিমাৰী এল পি স্কুল, ২১১৬ নং কাঠডাঙ্গা এল পি স্কুল খন মাএ ৪ টা দিনৰ ভিতৰত কি দৰে ব্ৰহ্মপুত্ৰ নদীয়ে খহাই নিলে ভি ডি ও(নং ৮ ), চৰ কাঠডাঙ্গা ছিদ্দিকীয়া মাদ্ৰাছাকে ধৰি কেবাটাও শিক্ষা প্ৰতিষ্ঠান আৰু অঙ্গনাবাদী কেন্দ্ৰ। খহনীয়াৰ ভাবুকিত মহুৰীৰ চৰ হাইস্কুল। আনহাতে আকৌ ব্ৰহ্মপুত্ৰৰ খহনীয়াত জাহ গ’ল কেবাটাও উচ্চ ক্ষমতা সম্পন্ন বিদ্যুত পৰিবাহী তাঁৰৰ খুটি। বিদ্যুত যোগান ব্যাহতহৈ পৰিছিল দক্ষিণ শালমাৰা-মানকাচৰ জিলাত। স্থানীয় ৰাইজে জানিব দিয়া মতে বত্তৰ্মান লৈকে কোনো জনপ্ৰতিনিধি বা চৰকাৰী বিষয়া উপস্থিত হোৱা নাই। তেওঁলোকে নিজৰ গাঠিৰ ধন খৰছ কৰি সা-সম্পদ উদ্ধাৰ চলাই গৈছে বুলি জানিব পৰা গৈছে৷
আমাৰ লক্ষ্য 'News Next One’ক মুক্ত আৰু স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান হিচাপে গঢ়ি তোলা। কিন্তু আপোনাৰ আৰ্থিক সহায় অবিহনে মুক্ত আৰু স্বতন্ত্ৰ সাংবাদিকতা কৰাতো আমাৰ পক্ষে অসম্ভৱ। সোঁতৰ বিপৰীতমুখী এই সাংবাদিকতাৰ ধাৰা অব্যাহত ৰাখিবলৈ আমাক আৰ্থিকভাৱে সহায় কৰক। আমাৰ বেংক একাউণ্ট নম্বৰঃ NEWSNEXTONE.COM, A/C No: 50200046365374, IFSC: HDFC0000758, HDFC BANK, Noonmati Branch।