নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে ঘোষণা কৰা ধৰণেই আজি সংবাদমেলৰ জৰিয়তে ২০ লাখ কোটিৰ আৰ্থিক পেকেজৰ সবিশেষ দেশবাসীক জনায় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। বিয়লি ৪ বজাত অনুষ্ঠিত এই সংবাদমেলত বিত্তমন্ত্ৰীগৰাকীক সংগ দিয়ে বিভাগটোৰ ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে।

'আত্মনিৰ্ভৰশীল ভাৰত’ নাম দিয়া এই আঁচনিৰ সবিশেষ বৰ্ণনা কৰি বিত্তমন্ত্ৰীগৰাকীয়ে MSME, NBFC, এমএফআই, ৰিয়েল ইষ্টেট, আয়কৰদাতা আৰু ঠিকাদাৰসকলক সকাহ দিবলৈ চৰকাৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা সম্পৰ্কে ১৫টা বিশেষ ঘোষণা কৰে।

চৰকাৰে সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগ, কুটীৰ উদ্যোগ আৰু গৃহ উদ্যোগৰ বাবে ৩ লাখ কোটি টকাৰ কলেটৰেল ফ্ৰি অটোমেটিক ঋণ প্ৰদানৰ ব্যৱস্থা কৰিছে বুলি সংবাদমেলত জনায় বিত্তমন্ত্ৰী সীতাৰমণে। এই ঋণ লাভৰ বাবে পাৰ্ছনেল গেৰাণ্টিৰ কোনো প্ৰয়োজন নাথাকিব আৰু সময়সীমা হ’ব ৪ বছৰ। চলিত বৰ্ষৰ ৩১ অক্টোবৰৰ পৰা ইয়াৰ সুবিধা লাভ কৰিব পৰা যাব।

এনপিএ হোৱা আৰু হতাশ হৈ পৰা MSME-ক প্ৰদান কৰা হ’ব ২০ হাজাৰ কোটিৰ ছাবঅৰ্ডিনেট ঋণ। ইয়াৰ জৰিয়তে ২ লাখৰো অধিক MSME উপকৃত হ’ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আনহাতে যিসমূহ MSME-এ ভাল ফল দেখুৱাইছে আৰু ব্যৱসায়ৰ অধিক বিস্তাৰ কৰিব বিচাৰিছে, কিন্তু পৰ্যাপ্ত সুবিধা লাভ কৰা নাই তেনে MSMEসমূহে 'ফাণ্ড অব ফাণ্ডছ’ৰ জৰিয়তে পুঁজি লাভ কৰিব।  

সলনি হ’ল MSMEৰ সংজ্ঞা

বিত্তমন্ত্ৰীগৰাকীয়ে আজিৰ সংবাদমেলত MSME অৰ্থাৎ সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগৰ সংজ্ঞা সলনি কৰাৰ কথাও সদৰী কৰে। এই অনুযায়ী এতিয়াৰে পৰা ১ কোটি মূলধন আৰু ১০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যোগসমূহক সূক্ষ্ম, ১০ কোটিৰ মূলধন আৰু ৫০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যেগসমূহক লঘু আৰু ২০ কোটিৰ মূলধন তথা ১০০ কোটিৰ টাৰ্ন অভাৰ হোৱা উদ্যোগসমূহক মজলীয়া উদ্যোগ হিচাপে ধৰা হ’ব। 

ইয়াৰ পূৰ্বে নিৰ্মাণ ক্ষেত্ৰত ২৫ লাখৰ মূলধন আৰু সেৱা খণ্ডত ১০ লাখ মূলধন বিনিয়োগ কৰা উদ্যোগক সূক্ষ্ম, ৫ কোটি আৰু ২ কোটি বিনিয়োগ কৰা উদ্যেগক লঘু উদ্যোগ হিচাপে ধৰা হৈছিল। একেদৰে মজলীয়া উদ্যোগৰ ক্ষেত্ৰত নিৰ্মাণ খণ্ডত ১০ কোটি আৰু সেৱা খণ্ডত ৫ কোটি বিনিয়োগ কৰা উদ্যোগে লাভ কৰিছিল মজলীয়া উদ্যোগৰ মৰ্যাদা।

MSMEৰ বাবে গ্ৰহণ কৰা আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে ২০০ কোটি টকা পৰ্যন্ত কোনো গ্লোবেল টেণ্ডাৰৰ প্ৰয়োজন নহ’ব বুলি কৰা ঘোষণা। ইয়াৰ লগতে MSMEক ই-মাৰ্কেটৰ সৈতে সংলগ্ন কৰা হ’ব বুলিও জনায় বিত্তমন্ত্ৰীগৰাকীয়ে। 'ফাণ্ড অব ফাণ্ডছ’ৰ জৰিয়তে MSMEৰ বাবে ৫০ হাজাৰ কোটি টকা ইকুইটি ইনফিউজন কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

ইপিএফক লৈ বিশেষ ঘোষণা

আজিৰ সংবাদমেলত বিত্তমন্ত্ৰী সীতাৰমণে কয় যে অহা আগষ্টলৈকে চৰকাৰে কোম্পানী আৰু কৰ্মচাৰীসকলৰ EPFO প্ৰদান কৰিব। ইয়াৰ ফলত উপকৃত হ’ব অতিকমেও ৭৫ লাখ ২২ হাজাৰ কৰ্মচাৰী। চৰকাৰৰ এই ঘোষণা সেইসমূহ কোম্পানীয়ে লাভ কৰিব যিসমূহ কোম্পানীৰ ১০০ জনতকৈ কম কৰ্মচাৰী আছে আৰু ৯০ শতাংশ কৰ্মচাৰীৰ দৰমহা ১৫০০০ টকাতকৈ কম।

ইয়াৰ লগতে বৃহৎ কোম্পানীসমূহৰ বাবে EPFৰ পৰিমাণ ১২-১২ শতাংশৰ পৰিৱৰ্তে ১০-১০ কৰা হৈছে। অৱশ্যে কেন্দ্ৰীয় আৰু ৰাজহুৱা খণ্ডৰ বাবে এয়া ১২ শতাংশই হৈ থাকিব। চৰকাৰৰ এই পদক্ষেপৰ ফলত EPFOৰ অন্তৰ্গত লোকসকলৰ মাজলৈ ৬৭৫০ কোটি টকা সৰহকৈ আহিব।

NBFCৰ বাবে কি ঘোষণা?

NBFC অৰ্থাৎ নন বেংকিং ফাইনেন্স কোম্পানী, মাইক্ৰ’ ফাইনেন্স কোম্পানীৰ বাবে ৩০,০০০ কোটিৰ বিশেষ লিকুইডিটি আঁচনিৰ ব্যৱস্থা কৰিছে চৰকাৰে। NBFCৰ বাবে ইতিপূৰ্বে ঘোষণা কৰা ৪৫ কোটিৰ আঁচনিৰো বিস্তাৰ কৰা হ’ব বুলিও জনায় সীতাৰমণে। আংশিক ঋণ গেৰাণ্টি আঁচনিকো নতুন মাত্ৰা প্ৰদান কৰাৰ ফলত কম ৰেটিঙৰ NBFC সমূহেও ঋণ লাভ কৰিবলৈ সমৰ্থ হ’ব।

বিত্তমন্ত্ৰীগৰাকীয়ে আজিৰ সংবাদমেলত বিজুলী বিতৰণ কোম্পানীসমূহকো সহায় কৰাৰ কথা ঘোষণা কৰে। এই কোম্পানীসমূহক সহায়ৰ বাবে চৰকাৰে প্ৰদান কৰিব ৯০ হাজাৰ কোটিৰ জৰুৰীকালীন লিকুইডিটি। একেদৰে ৰিয়েল ইষ্টেট কোম্পানীসমূহৰ বাবেও নতুন নিয়ম যুগুত কৰি সকলো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ পূৰ্বতকৈ ৬ মাহ অধিক সময় প্ৰদান কৰা হ’ব। ৰেলৱে, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ, গড়কাপ্তানীকে আদি কৰি একাধিক ক্ষেত্ৰৰ সৈতে জড়িত ঠিকাদাৰসকলকো ৬ মাহৰ অতিৰিক্ত সময় প্ৰদানৰ কথা সদৰী কৰে বিত্তমন্ত্ৰীগৰাকীয়ে।

আয়কৰ প্ৰদান কৰা লোকসকলকো সকাহ প্ৰদানৰ চেষ্টা চলাইছে চৰকাৰে। কৰ’না কালত আয়কৰ ৰিটাৰ্নৰ সময় ৩০ নৱেম্বৰলৈ বৃদ্ধি কৰা হৈছে। 'বিবাদ নিষ্পত্তি আৰু বিশ্বাস’ আঁচনিৰ সময়সীমাও ৩০ জুনৰ পৰিৱৰ্তে ৩১ ডিচেম্বৰলৈকে বঢ়াই দিয়া হৈছে। 

নন ছেলাৰী পেমেণ্টৰ বাবে TDS, স্পেচিফাইড ৰেচিপ্টাছৰ বাবে TCSৰ হাৰ ৩১ মাৰ্চ ২০২১ লৈকে বৰ্তমানৰ হাৰতকৈ ২৫ শতাংশ কমাই দিয়া হৈছে। ইয়াৰ ফলত ৫০,০০০ কোটি টকাৰ লিকুইডিটি সৰ্বসাধাৰণে লাভ কৰিব। এই সিদ্ধান্ত কাইলৈৰ পৰা প্ৰযোজ্য হ’ব বুলিও জনাইছে বিত্তমন্ত্ৰীগৰাকীয়ে। 

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে কি ক’লে?

কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমে বিত্তমন্ত্ৰীৰ সংবাদমেলৰ পিছতে উক্ত পেকেজক হতাশজনক আখ্যা দিয়ে। তেওঁ কয় যে সংবাদমেলত বিত্তমন্ত্ৰী সীতাৰমণে ২০ লাখ কোটিৰ মাত্ৰ ৩.৬ লাখ কোটিৰহে হিচাপ দিলে আৰু বাকী ১৬.৪ লাখ কোটিৰ বিষয়ে উল্লেখেই নকৰিলে। 'MSMEৰ বাবে কৰা ঘোষণাক আদৰণি জনাইছো। কিন্তু সংজ্ঞা সলনি কৰাৰ ফলত ইয়াৰ লাভ মাত্ৰ ৪৫ লাখ সূক্ষ্ম, লঘু আৰু মজলীয়া উদ্যোগে পাবলৈ সমৰ্থ হোৱাৰ বিপৰীতে বাকী থকা ৬.৩ কোটি এনে উদ্যোগ সম্পূৰ্ণৰূপে বঞ্চিত হৈ পৰিব।'-চিদাম্বৰমে কয়। 

আনহাতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই পেকেজৰ পৰা ৰাজ্যসমূহে একো নাপালে বুলি মন্তব্য কৰে। তেওঁ কয়, 'সৰ্বসাধাৰণে আশা কৰিছিল যে চৰকাৰে সকাহ প্ৰদান কৰিব। কিন্তু তেওঁলোকে একোৱেই নাপালে। ৰাজ্যসমূহৰ বাবেও একো ঘোষণা নকৰিলে। কেন্দ্ৰ চৰকাৰে বলপূৰ্বকভাৱে সকলো নিজৰ মাজতে সীমাৱদ্ধ ৰাখিছে আৰু আৰ্থিক পেকেজৰ নামত দেশবাসীক মূৰ্খ সজাইছে।’

আম আদমী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে আকৌ এই পেকেজে একাংশ লোকক কোটি কোটি টকাৰ লুণ্ঠনৰ বাট মোকলাই দিব বুলি দাবী কৰি চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰিছে। 'আজিৰ পেকেজৰ পৰা এটা কথা স্পষ্ট যে যিসকল বেইমানে দেশৰ লক্ষ কোটি টকা এনপিএৰ নামত আগতেই লুণ্ঠন কৰিলে সেইসকলকে চৰকাৰে পুনৰ আৰু কেবা লাখ কোটি টকা লুণ্ঠন কৰাৰ ব্যৱস্থা কৰি দিছে। দৰিদ্ৰসকলৰ বাবে একোৱেই কৰা নহ’ল, তেওঁলোকে এতিয়া ঈশ্বৰৰ ওচৰত হাত পতাৰ বাদে গত্যন্তৰ নাই।’-এক টুইটত এইদৰে কয় আপ সাংসদগৰাকীয়ে।

কংগ্ৰেছৰ প্ৰবক্তা ৰণদীপ সুৰজেৱালায়ো এই সন্দৰ্ভত টুইটযোগে চৰকাৰক সমালোচনা কৰে। টুইটত তেওঁ কয়, 'কালি, আজি আৰু কাইলৈ... কালি ২০ হাজাৰ কোটিৰ হেডলাইন পেকেজ, আজি ৩,৭০,০০০ কোটিৰ ঋণৰ পেকেজ, কিন্তু 'হেডলাইনৰ পৰা হেল্পলাইন পেকেজ’ কেতিয়ালৈ? দুখীয়াসকলৰ হাতত এটা ফুটাকড়িও নপৰিল, খেতিয়কৰ একাউণ্টলৈ নগ’ল এটাও টকা, প্ৰবাসী শ্ৰমিকৰ ঘৰলৈ ওভতাৰ ধন, ৰেচন, দোকানীসকলৰ ভাগত একোৱেই নপৰিল।’