গোলাঘাটঃ সম্প্ৰতি ক'ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা অনুসৰি ৰাজ্যৰ ধৰ্মীয় পীঠস্থান অথবা ৰাজহুৱা উপাসনা স্থলীসমূহ বন্ধ হৈ আছে। এনে স্থলীসমূহলৈ  এতিয়া ভক্তপ্ৰাণ ৰাইজ আহিব পৰা নাই । 

গোলাঘাট জিলাৰ দেৰগাঁৱৰ সমীপৰ ঐতিহ্য মণ্ডিত নেঘেৰিটিং শিৱ মন্দিৰ এনে এক ধৰ্মীয় পীঠস্থান য'ত দৈনিক কেইবা শতাধিক লোকৰ সমাগম ঘটা দেখা যায়। নেঘেৰিটিং শিৱ মন্দিৰৰ অন্যতম আকৰ্ষণ হৈছে ইয়াৰ চৌপাশে বিচৰণ কৰি ফুৰা অগণন কপিকূল। কিন্তু বৰ্তমান ক'ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই নেঘেৰিটিং শিৱ মন্দিৰলৈও কোনো আহিব পৰা নাই।  ফলত ইয়াৰ আশে পাশে বিচৰণ কৰি ফুৰা বান্দৰৰ জাকসমূহ তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হোৱা দেখা গৈছে কিয়নো এই কপিকূলে মন্দিৰ কৰ্তৃপক্ষ আৰু ইয়ালৈ অহা ভক্তই আগবঢ়োৱা প্ৰসাদৰ ওপৰতেই নিৰ্ভৰ কৰি চলি আহিছে। কিন্তু এতিয়া যেন সকলো ওলট পালট হৈ গ'ল।  

নেঘেৰিটিং শিৱ মন্দিৰৰ এই কপিকূলৰ কথা চিন্তা কৰিয়েই আজি গোলাঘাটৰ এক অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন প্ৰয়াস উন্নয়ন সমিতিয়ে এই কপিকূলক অকনমান খাদ্য যোগান ধৰে।  আজি পুৱাই নেঘেৰিটিং শিৱ মন্দিৰ প্ৰাঙ্গণত উপস্থিত হয়গৈ প্ৰয়াস উন্নয়ন সমিতিৰ সভাপতি তথা এজন সচেতন যুৱক পাৰ্থ প্ৰতীম ৰাজপুত।  কেইজনমান সহযোগীসহ ৰাজপুতে নেঘেৰিটিং শিৱ মন্দিৰ প্ৰাঙ্গণত  খাদ্য সংকটত ভুগি থকা কপিকূলৰ জাকক বুট,  ফলমূল , বিস্কুট আদি খাবলৈ দিয়ে।  উল্লেখ্য যে বিগত বৰ্ষত দীৰ্ঘদিনীয়া লকডাউনৰ কালছোৱাত পাৰ্থ প্ৰতীম ৰাজপুতে অনুৰূপ কাৰ্যসূচী হাতত লৈছিল।  প্ৰয়াস উন্নয়ন সমিতি আৰু পাৰ্থ প্ৰতীম ৰাজপুতৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ শলাগ লৈছে স্থানীয় ৰাইজে ।
গোলাঘাটৰ পৰা সিদ্ধাৰ্থ সন্দিকৈ