তুলসীবাৰী/ৰঙিয়াঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বালিসত্ৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত ঘৰুৱা দল বাছাই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

বালিসত্ৰ আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত আজি অনুষ্ঠিত ফাইনেল খেলত বাছাই ঢোলকুছি সত্যকাম সংঘক ১-০ গ'লৰ ব্যৱধানত পৰাজিত কৰে।

বাছাৰ হৈ একমাত্র গ'লটো দিয়ে ধীৰাজ দাসে। শ্ৰেষ্ঠ গ'লদাতাৰ বঁটা লাভ কৰে ঢোলকুছি সত্যকাম সংঘৰ অংকুৰ দাস আৰু প্ৰাঞ্জল দাসে।