বৰঙাজুলিঃ বৰঙাজুলি চাহ বাগিছাত অনুষ্ঠিত আন্তঃ চাহ বাগিছা ফুটবল খেল প্ৰতিযোগিতাত আজি অনুষ্ঠিত খেলত বৰঙাজুলি চাহ বাগিছা (বি) দলে ৩-১ গ'লত চন্দনা চাহ বাগিচাৰ লগত জয় লাভ কৰে৷

বৃহস্পতিবাৰে ঢেকীয়াজুলি চাহ বাগিছা আৰু বৰগড়া চাহ বাগিচাৰ মাজত খেল অনুষ্ঠিত হ'ব৷ পহিলা অক্টোবৰৰ পৰা অনুষ্ঠিত হোৱা এই আন্তঃবাগিছা

ফুটবল খেলখনৰ ফাইনেল খেলখন অহা ২২ অক্টোবৰত অনুষ্ঠিত হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে৷ আন্তঃবাগিছা ফুটবল প্ৰতিযোগিতা খনত সৰ্বমুঠ ১৮ ফুটবল দলে অংশগ্ৰহণ কৰিছে।