নগাঁওঃ বিভিন্ন ক্ষেত্ৰত সদায়েই উপেক্ষিত হৈ আহিছে উত্তৰ-পূৱ ভাৰত। শেহতীয়াকৈ এই উপেক্ষিত অঞ্চলতেই শেনচকু নিৱদ্ধ হৈছে বিশ্বৰ বিভিন্ন পেছাদাৰী ফুটবল সংস্থাৰ। এটুকুৰা হীৰাৰ মূল্য হয় এজন স্বৰ্ণকাৰে বুজিব অথবা আন এটুকুৰা হীৰাই বুজিব।

একেদৰে ভাৰতীয় ফুটবল ফেডাৰেশ্যনে নুবুজিলেও বিশ্বৰ বিভিন্ন আগশাৰীৰ পেছাদাৰী ফুটবল সংস্থাই বাৰুকৈয়ে বুজি উঠিছে যে উত্তৰ-পূৱ ভাৰত প্ৰতিভাবান ফুটবল খেলুৱৈৰ খনি । হয়তো কাইলৈ উৱেফা কাপত ৰিয়েল মাদ্ৰিদ বা জুভেন্টাছৰ দৰে বিশ্বৰ প্ৰথম শ্ৰেণীৰ ফুটবল ক্লাৱ বা ইংলিছ প্ৰিমিয়াৰ লীগত আৰ্ছেনাল, লিভাৰপুল বা মানচেষ্টাৰ ইউনাইটেড এফ চিৰ দৰে ক্লাৱক প্ৰতিনিধিত্ব কৰি অ’ল্ড ট্ৰে’ফৰ্ড  ষ্টেডিয়ামত কোনো অসমীয়া ফুটবলাৰে দুভৰিৰ যাদুৰে ছন্দোবদ্ধ ফুটবলৰ লহৰ তুলিলেও তাত আচৰিত হ’বলগীয়া একো নাথাকিব।

উত্তৰ-পূৱ ভাৰতৰ ভৌগোলিক পৰিৱেশ ফুটবলৰ বাবে সদায়েই অনুকূল। ইয়াৰ পৰাই সৃষ্টি হৈছিল ডা: টালিমেৰণ আওৰ দৰে অলিম্পিকত ভাৰতীয় ফুটবলক অধিনায়কত্ব প্ৰদান কৰা ধ্ৰুপদী ফুটবলাৰৰ। বাইচুং ভূটীয়াৰ দৰে বিশ্বমানৰ প্ৰতিভাবান দুৰন্ত ফুটবলাৰৰ। পৰৱৰ্তী সময়তো মণিপুৰৰ বিদ্যানন্দ সিং , আইবৰলাং খংগী, অসমৰ দূৰ্গা বড়ো, এলেন দেউৰী আদিয়ে এই ধাৰা অব্যাহত ৰাখিছে। 

শেহতীয়াকৈ এই শাৰীত আশাৰ আৰু উৎসাহৰ বতৰা লৈ থিয় দিছেহি নগাঁও জিলাৰ আমোলাপট্টি নিবাসী মঞ্জিল মাধৱ বৰা আৰু নয়নমনি ডেকা বৰাৰ পুত্ৰ মাধুৰ্য মাধৱ বৰা। সুঠাম শৰীৰ, দুৰন্ত গতি আৰু শক্তি, সময়ত সঠিক সিদ্ধান্ত ল’ব পৰাৰ সামৰ্থ্য ,দুভৰিৰ যাদু আৰু ফুটবলৰ প্ৰতি উৎসৰ্গিত এটা মনেৰে মাধুৰ্য হৈ পৰিছে ভৱিষ্যৎ ফুটবলৰ এটা নক্ষত্ৰৰ নাম।

চেন্নাইন এফ চিৰ দৰে ক্লাৱক স্পনশ্বৰ কৰা নেডাৰলেণ্ডৰ অ’জন ফুটবল একাডেমীৰ বাংগালুৰুস্থিত শাখাৰ প্ৰশিক্ষাৰ্থী মাধুৰ্য বৰ্তমান বেংগালুৰুৰ মাথাকুন্দাপাল্লী মডেল স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ। শৈশৱৰ পৰাই ফুটবল প্ৰেমী কিশোৰজনে ভৱিষ্যতে ফুটবলকে নিচা তথা পেচা ৰূপে গঢ়ি তুলিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে।

অলপতে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ বাছনি পৰীক্ষাত নিজ যোগ্যতা আৰু দক্ষতাৰ বলত মাধুৰ্যই জাৰ্মানিৰ ডাচ্চ ফুটবল একাডেমীত প্ৰশিক্ষণ লাভ কৰাৰ সুযোগ লাভ কৰিছে। ইয়াৰ সমান্তৰালকৈ মাধুৰ্যই একেই পদ্ধতিৰে নিৰ্বাচিত হৈছে ইংলেণ্ডৰ মানচেষ্টাৰ ইউনাইটেডৰ ফুটবল একাডেমীলৈয়ো।

সদ্যহতে মাধুৰ্য এটি তিনিমহীয়া এক্সপ’জাৰ ট্যুৰত ফুটবলৰ উচ্চ প্ৰশিক্ষণৰ বাবে এই সপ্তাহতে জাৰ্মানীলৈ উৰা মাৰিব। জাৰ্মানীত ফুটবলাৰজনে ক্ৰীড়া নৈপুণ্য প্ৰদৰ্শন কৰিব পাৰিলে জাৰ্মানীৰ কোনো ক্লাৱে ক্ৰয় কৰিব পাৰে তেওঁক। বিকল্প হিচাপে মাধুৰ্যৰ বাবে খোলা থাকিব মানচেষ্টাৰ ইউনাইটেডৰ ফুটবল একাডেমীৰ দুৱাৰ।

“কৃতকাৰ্য্যতাৰ বাবে কঠোৰ শ্ৰম আৰু উদ্দেশ্যৰ প্ৰতি এশ শতাংশ আত্মোৎসৰ্গৰ বিকল্প নাই” – মাধুৰ্যই কয় । এই কম বয়সতেই প্ৰতিভাবান খেলুৱৈ গৰাকীৰ গাত মানসিক পৰিপক্কতাও সমানেই বিৰাজমান। আক্ৰমণাত্মক ফুটবল আৰু ফৰৱাৰ্ড পজিশ্যন মাধুৰ্যৰ সৰ্বদা প্ৰিয়। 

মাধুৰ্যৰ ফুটবলৰ আদিগুৰু দুলাল আহমেদ। নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামতেই দুলাল আহমেদৰ তত্বাৱধানত মাধুৰ্যই ফুটবলৰ আদিপাঠ গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক প্ৰশান্ত বেনাৰ্জীৰ অধীনতো মাধুৰ্যই ফুটবলৰ শিক্ষা গ্ৰহণ কৰিছিল।  

বাংগালুৰুৰ অ’জন ফুটবল একাডেমীত অন্তৰ্ভুক্ত হোৱাৰ পাছত পাছত একাডেমীৰ মুখ্য প্ৰশিক্ষক বাৰ্ট জৰমান (Bert Zorman) আৰু মানচেষ্টাৰ ইউনাইটেডৰ প্ৰাক্তন প্ৰশিক্ষক ডেনিছ আৰউইনৰ (Danish Irwin) পৰা মাধুৰ্যই ফুটবলৰ সূত্ৰ আৰু প্ৰায়োগিক শিক্ষাৰ খুঁটি-নাটি শিকিছে। প্ৰতিভাবান ফুটবলাৰগৰাকীৰ উত্তৰোত্তৰ কামনাৰে বহুকেইজন হৃদয়বান ব্যক্তিয়ে মাধুৰ্যলৈ সহায় তথা মৰম আৰু আৰ্শীবাদৰ হাত আগবঢ়াইছে ।

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে মাধুৰ্যলৈ আঢ়ৈলাখ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ উপৰিও জাৰ্মানীত মাধুৰ্যৰ প্ৰথমখন মেচত জুবিন নিজে উপস্থিত থাকিব বুলি মাধুৰ্যক প্ৰতিশ্ৰুতি দিছে। তাৰোপৰি নগাঁওৰ বিধায়ক ৰূপক শৰ্মাই এক লাখ টকাৰ আৰু বিশিষ্ট অসমীয়া উদ্যোগপতি তথা হোটেল ব্যৱসায়ী (অম্বৰীশ গ্ৰুপ অব্ হোটেল খ্যাত) পুষ্পেন্দ্ৰনাথ বৰাই পঞ্চাশ হাজাৰ টকা আগবঢ়াইছে।

ইতিমধ্যে মাধুৰ্যৰ পিতৃয়ে এই সম্পৰ্কে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈকো পত্ৰ প্ৰেৰণ কৰিছিল। উক্ত পত্ৰৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ক যথোপযুক্ত পদক্ষেপ ল’বলৈ নিৰ্দেশ জাৰি কৰিছে।

তথাপিও মাধুৰ্যক এতিয়াও যথেষ্ট ধনৰাশিৰ প্ৰয়োজন। কোনোবা হৃদয়বান দৰদী ব্যক্তি বা সংগঠন আগবাঢ়ি আহিলে মাধুৰ্যই সেয়া শ্ৰদ্ধা তথা সন্মান সহকাৰে গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে। বিভিন্ন দল-সংগঠন, ৰাইজ তথা ব্যক্তিবিশেষে মাধুৰ্যক শুভেচ্ছা, মৰম আৰু আৰ্শীবাদেৰে ওপচাই পেলাইছে।

“ ৰাইজৰ শুভেচ্ছা, মৰম আৰু আৰ্শীবাদেই হ’ব মোৰ সফলতাৰ ছাবি-কাঠি।”এইদৰে কয় হাঁহিমূখীয়া মাধুৰ্যইয। অসম তথা ভাৰতৰ ফুটবলৰ জগতখনত নতুন যুগৰ সূচনা হওঁক। এনে হাজাৰ মাধুৰ্যৰ জন্ম হওঁক। newsnextone.comৰ তৰফৰ পৰাও মাধুৰ্যলৈকে থাকিল  অলেখ শুভকামনা।