নগৰ হাভেলীঃ প্ৰাক্তন আইএএছ বিষয়া কান্নান গোপীনাথনৰ বিৰুদ্ধে কৰ’না ভাইৰাছক সম্পৰ্কীয় বিষয়ক লৈ গোচৰ ৰুজু কৰিছে কেন্দ্ৰীয় শাসিত অঞ্চল দমন-দিউ আৰু দাদৰা নগৰ হাভেলীৰ আৰক্ষীয়ে। সংবাদ প্ৰতিষ্ঠান PTIৰ বাতৰি মতে কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পদত্যাগ কৰা বিষয়াজনক পুনৰ কৰ্তব্যত যোগদান কৰিবলৈ নিৰ্দেশ দিছিল যদিও সেয়া অস্বীকাৰ কৰা বাবেই তেওঁৰ বিৰুদ্ধে মহামাৰী আৰু দুৰ্যোগ প্ৰশমন আইনৰ অধীনত দাদৰা থানাত গোচৰ ৰুজু কৰা হৈছে।

দাদৰা থানাৰ আৰক্ষী বিষয়া লীলাধৰ মাকৱানাই সংবাদ মাধ্যমক জনোৱা মতে, বিগত বৰ্ষৰ আগষ্টত পদত্যাগ কৰা বিষয়াগৰাকীৰ বিৰুদ্ধে চৰকাৰৰ নিৰ্দেশ অমান্য কৰা বাবে ভাৰতীয় দণ্ডবিধিৰ ১৮৮ নং ধাৰাতো ৰুজু কৰা হৈছে এটি গোচৰ। 'কৰ’না মহামাৰী সত্বেও চৰকাৰী নিৰ্দেশ অনুযায়ী কৰ্তব্যত যোগদান নকৰা বাবে ছুপাৰিডেণ্টেণ্ট অব পাৰ্ছনেল (কৰ্মচাৰীসকলৰ অধীক্ষক) এইছ কে কাম্বলেৰ অভিযোগৰ ভিত্তিত গোপীনাথনৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে।’-এইদৰে কয় আৰক্ষী বিষয়াগৰাকীয়।  

উল্লেখ্য যে, বিগত বৰ্ষত জম্মু-কাশ্মীৰৰ পৰা বিশেষাধিকাৰ প্ৰত্যাহাৰ কৰাৰ প্ৰতিবাদ হিচাপে দাদৰা নগৰ হাভেলীৰ উপায়ুক্ত পদৰ পৰা পদত্যাগ কৰিছিল আইএএছ বিষয়াগৰাকীয়ে। যোৱা ৯ এপ্ৰিলত দমন-দিউ আৰু দাদৰা নগৰ হাভেলীৰ প্ৰশাসনে তেওঁক পদত্যাগ পত্ৰ গ্ৰহণ কৰা নোহোৱাৰ ভিত্তিত পুনৰ যোগদানৰ নিৰ্দেশ দিয়ে।

CLICK ► লকডাউনৰ সদব্যৱহাৰত ব্যৰ্থ নেকি চৰকাৰ! টাস্ক ফ'ৰ্চৰ বৈঠকত কি আলোচনা চলিছিল?

দমন-দিউ আৰু দাদৰা নগৰ হাভেলীৰ প্ৰশাসনৰ উক্ত নিৰ্দেশ মানিবলৈ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে গোপীনাথনে। আনকি প্ৰাক্তন আইএএছ বিষয়াগৰাকীয়ে চৰকাৰে তেওঁক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন কৰিছে। তেওঁ কয় যে স্বেচ্ছাই দমন-দিউ আৰু দাদৰা নগৰ হাভেলীৰ জনতাক সহায় কৰিবলৈ তেওঁ সাজু আছে যদিও কোনো কাৰণতে আইএএছ বিষয়া হিচাপে পুনৰ যোগদান কৰাৰ প্ৰশ্নই নুঠে।

'৮ মাহ পূৰ্বে যোৱা আগষ্টত মই ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা পদত্যাগ কৰিছো আৰু তেতিয়াৰ পৰা চৰকাৰেও মোক দা-দৰমহা দিয়া নাই। গতিকে চৰকাৰৰ উক্ত নিৰ্দেশ পালন কৰিবলৈ মই বাধ্য নহয়। কিন্তু এগৰাকী দায়িত্বশীল নাগৰিক হিচাপে মই দমন-দিউ আৰু দাদৰা নগৰ হাভেলীৰ ৰাইজক এই দুৰ্যোগৰ সময়ত নিজাববীয়াকৈ সাধ্যানুযায়ী সহায় কৰিবলৈ সাজু আছো।’-টুইটযোগে এইদৰে বিষয়টোক লৈ স্পষ্ট কৰি দিয়ে গোপীনাথনে।

CLICK  মৃতকৰ সংখ্যা ৭২৩ লৈ বৃদ্ধি, ২৪ ঘণ্টাত নতুনকৈ কৰ'নাত আক্ৰান্ত ১,৭৫২ জন

চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে আইএএছ বিষয়া পদৰ পৰা পদত্যাগৰ পিছতে সমগ্ৰ দেশতে আৰম্ভ হোৱা 'কা’ বিৰোধী আন্দোলনত জপিয়াই পৰা গোপীনাথনৰ বিৰুদ্ধে যোৱা জানুৱাৰী মাহতো উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰুজু কৰিছিল এটি গোচৰ। উত্তৰ প্ৰদেশৰ এক প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল’বলৈ যোৱা বাবেই তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল উক্ত গোচৰত। পিছত তেওঁক ব্যক্তিগত জামিনত মুকলি কৰি দি ৰাজ্যখনৰ আৰক্ষীয়ে এছকৰ্ট দি পুনৰ দিল্লীলৈ ওভতাই পঠিয়াইছিল।