জঁটাধাৰী শিৱ। দেৱাদিদেৱ মহাদেৱ। হিন্দু ধৰ্মাৱলম্বীসকলৰ কোনো কোনোৱে তেওঁক সমীহ কৰে, কোনোৱে ভক্তি কৰে। আন কোনোজনে আকৌ তেওঁক সকলোত দেৱতাতকৈ পৃথক জ্ঞান কৰে। কিয়নো সাধাৰণতে হিন্দু ধৰ্মৰ দেৱ-দেৱীসকলৰ যি ছবি আমি সচৰাচৰ দেখো, তাৰ তুলনাত সম্পূৰ্ণৰূপে ব্যতিক্ৰম মহাদেৱ শিৱ।

তেওঁৰ নাই সুন্দৰ বেশভূষা। পিন্ধে ব্যাঘ্ৰ ছাল, মূৰত জঁটা, শৰীৰত ছিতাভস্ম। হিন্দু ধৰ্ম মতে তিনি আদি দেৱতা হৈছে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ। মহেশ্বৰেই হৈছে মহাদেৱ। ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা, বিষ্ণু পালনকৰ্তা আৰু শিৱ অশুভ শক্তিক বিনাশ কৰোতা।

আহকচোন এই শাওণ মাহতে মহাদেৱ সম্পৰ্কে এনে কেইটামান কথা জানি লও, যি হয়তো বহুতেই নাজানে।

⇒ উচ্চতা

• মহাদেৱ অত্যন্ত শক্তিশালা আৰু পেশীবহুল শৰীৰৰ অধিকাৰী। হিন্দু পুৰাণত মহাদেৱৰ শৰীৰৰ যি বৰ্ণনা পোৱা যায়, তাৰ পৰা জানিব পাৰি যে তেওঁৰ উচ্চতা প্ৰায় ৭ ফুট। শৰীৰত আছে ব্যাঘ্ৰ ছাল। কিন্তু বাঘৰ ছালৰ বাবে কেতিয়াও বাঘ হত্যা কৰা নাছিল তেওঁ। মৃত বাঘৰ ছাল সংগ্ৰহ কৰিহে নিজৰ শৰীৰৰ মেৰিয়াই লৈছিল মহাদেৱে।

⇒ মাদকদ্ৰব্য সেৱন

• শিৱ মানেই ভাং-গাঞ্জা খোৱাৰ এখন ছবিয়েই আমাৰ মনলৈ আহে। সেই অজুহাতত 'বাবাৰ প্ৰসাদ’ নাম দি বহুতে এই নিচাজাতীয় দ্ৰব্য সেৱন কৰে। কিন্তু কি কাৰণত মহাদেৱে ভাং-গাঞ্জা সেৱন কৰিছিল সেয়া জানেনে? কিয়নো হিমালয়ৰ যি অঞ্চলত তেওঁৰ বাস, সেই অঞ্চল প্ৰচণ্ড ঠাণ্ডা বাবেই তেওঁ ভাং সেৱন কৰে। লগতে কঠোৰ তপস্যাত মনোসংযোগ কৰিবলৈকো তেওঁ ভাং সেৱন কৰে।

⇒ শৰীৰ সুখ

• অত্যন্ত শক্তিশালী মহাদেৱে জানিছিল যে শাৰীৰিক মিলনৰ ক্ষেত্ৰত তেওঁৰ সৈতে কোনো নাৰীয়ে তিষ্ঠিব নোৱাৰিব। কিন্তু দেৱী পাৰ্বতীয়ে মহাদেৱক ঘনিষ্ঠভাৱে পাবলৈ বিচাৰে। শিৱই প্ৰথমে অমান্তি হ’লেও পাৰ্বতীৰ আব্দাৰত সন্মতি দিবলৈ বাধ্য হৈ পৰে। ইয়াৰ পিছত দুয়ো গোপনে কোনো এঠাইত মিলিত হৈছিল। এই মিনল চলিছিল মাহৰ পিছত মাহ। এটা সময়ত গোটেই পৃথিৱী কম্পমান হৈ উঠে, পাহাৰ-পৰ্বতবোৰ দুলিবলৈ ধৰে। উপায়ন্তৰ হৈ সকলো দেৱতাই শিৱ-পাৰ্বতীক উভতি আহিবলৈ অনুৰোধ কৰে। তেতিয়া মহাদেৱ পতিয়ন যায় যে পাৰ্বতী তেওঁৰ যোগ্য পত্নী। 

⇒ অসুৰ প্ৰীতি

• মহাদেৱে দেৱতাসকলক যিদৰে আপোন জ্ঞান কৰিছিল তেনেদৰে অসুৰসকলকো নিৰজ বুলি ভাবিছিল। তেওঁ বিশ্বাস কৰিছিল যে জন্ম নহয়, কৰ্মহে মুখ্য। সেয়ে তপস্যাৰত অনেক অসুৰকো তেওঁ বৰ প্ৰদান কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল। বহু দেৱতাই তেওঁৰ এনে কাৰ্যত ক্ষুব্ধ হৈছিল। পিছে নিজৰ মতত অটল আছিল মহেশ্বৰ।

এয়া হৈছে বিভিন্ন পুৰাণত বৰ্ণিত মহাদেৱ সম্পৰ্কীয় কেইটিমান তথ্য। অৱশ্যে কোনো পুৰাণত তেওঁক সঠিকভাৱে বৰ্ণনা কৰা হোৱা নাই। কিয়নো তেওঁ হৈছে সকলো ব্যাখ্যাৰ উৰ্ধত। তেওঁ চিৰকালীন, তেওঁ অপৰাজেয়।

• Courtesy: eisamay.indiatimes.com •