চেন্নাইঃ মানৱীয়তা পাহৰি এতিয়া যেন পশুহত্যাৰ নিচাত ডুব গৈছে দেশৰ একাংশ লোক। কেৰালাত অন্তঃসত্বা এটা হাতীয়ে বিস্ফোৰক ভৰ্তি আনাৰস খাই কৰণ মৃত্যুক সাৱটি লোৱাক লৈ আৰম্ভ হোৱা বিতৰ্কৰ বৰ্তমানো অব্যাহত আছে। ঘটনাটোক লৈ ছ’চিয়েল মিডিয়াত একাধিক আলোচনা চলিলেও বাস্তৱত যে এনে আলোচনাই একাংশ লোকক স্পৰ্শ কৰিব নোৱাৰে সেয়া স্পষ্ট কৰি তুলিছে অনুৰূপ আন এক ঘটনাই।

টাইমছ অব ইণ্ডিয়াৰ লগতে কেবাখনো ৰাষ্ট্ৰীয় সংবাদ পত্ৰত প্ৰকাশিত বাতৰি মতে, সোমবাৰে তামিলনাডুৰ তিৰুচিৰ জিয়াপুৰমৰ সমীপৰ চাহৰ দোকান এখনৰ পৰা এটা শিয়ালৰ ক্ষতবিক্ষত মৃতদেহ উদ্ধাৰ কৰে স্থানীয় বন বিভাগে। ৰাজ্যখনৰ বিন বিভাগৰ সূত্ৰই সংবাদ মাধ্যমৰ আগত কৈছে যে বিস্ফোৰক ভৰ্তি মাংস খোৱাৰ ফলত শিয়ালটোৰ মুখমণ্ডল সম্পূৰ্ণৰূপে নিশ্চিহ্ন হৈ পৰিছে। 

'মাংসৰ ভিতৰত কৌশলেৰে বিস্ফোৰক সুমুৱাই দিছিল। সেই মাংস খোৱাৰ লগে লগে শিয়ালটোৰ মুখৰ ভিতৰতে বিস্ফোৰণ সংঘটিত হয়। ফলত তীব্ৰ যন্ত্ৰণাৰ অন্তত শিয়ালটোৰ মৃত্যু হয়। এতিয়ালৈকে ঘটনা সন্দৰ্ভত ১২ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।’-এইদৰে কয় ৰাজ্যখনৰ এগৰাকী শীৰ্ষ বন বিষয়াই। 

বিষয়াগৰাকীয়ে আৰু জনোৱা মতে, দাঁত আৰু মাংসৰ বাবেই শিয়ালটোক এনেদৰে বিস্ফোৰক ভৰ্তি মাংসৰ টোপ দিয়া হৈছিল। যিকেইজন লোকে উক্ত কাণ্ড সংঘটিত কৰিছিল সেইসকলে শিয়ালৰ মৃতদেহ উদ্ধাৰ হোৱা বনাঞ্চলখনৰ সমীপৰ গাঁৱত বাস কৰে। উক্ত বনাঞ্চলখনত লোককেইজনে মৌজোল সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰি আহিছিল বুলিও জানিবলৈ দিছে বন বিভাগে।

মৌজোল সংগ্ৰহ কৰি ঘৰলৈ ঘূৰি আহোতে প্ৰায়েই এটা শিয়ালৰ মুখামুখি হৈ আহিছিল লোককেইজন। তাৰ পিছতে তেওঁলোকে শিয়ালটোক কিদৰে ফান্দত পেলাব পৰা যায় সেই বিষয়ে আলোচনা কৰে আৰু এনেদৰে বিস্ফোৰক ভৰ্তি মাংস টোপ হিচাপে দিয়ে। শিয়ালটো চিকাৰ কৰাৰ বাবে লোককেইজনে দেশী বোমা ব্যৱহাৰ কৰিছিল বুলি জানিব পৰা গৈছে।

প্ৰকাশিত বাতৰি অনুযায়ী লকডাউন শিথিল কৰাত সোমবাৰে এখন চাহৰ দোকানত ১২ জনীয়া লোকৰ এটা দলে এটা বস্তা একোণত ৰাখি চাহ খাই আছিল। সেই চাহৰ দোকানখনতে চাহ খাবলৈ উপস্থিত হৈছিল এজন আৰক্ষী কনিষ্টবল। সন্দেহবশতঃ কনিষ্টবলজনে লোককেইজনক বস্তাটোৰ বিষয়ে প্ৰশ্ন কৰাত কথাবোৰৰ খেলিমেলি লক্ষ্য কৰে। পিছত তেওঁ বস্তাটো পৰীক্ষা কৰাত তাত শিয়ালৰ মৃতদেহটো প্ৰত্যক্ষ কৰে।

লগে লগে আৰক্ষী কনিষ্টবলজনে বন বিভাগ আৰু নিজে কৰ্তব্যৰত আৰক্ষী থানাৰ বিষয়ালৈ ফোন কৰে। অৱশেষত ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ দল উপস্থিত হৈ আটাইকেইজন লোকক থানালৈ লৈ যোৱা হয়। থানাত সোধ-পোছত আটাইকেইজন লোকে ঘটনাটোৰ সত্যতা স্বীকাৰ কৰাৰ লগতে কিদৰে সংঘটিত কৰিছিল সেয়াও জনায়।

তামিলনাডুৰ বন বিভাগে প্ৰকাশ কৰা মতে শিয়াল চিকাৰ কৰা মূল অভিযুক্ত কেইজন হৈছে ৰামৰাজ (২১), ছাৰাভানান (২৫), ইছু দাস (৩৪), শৰতকুমাৰ (২৮), দেৱ (৪১), পাণ্ডিয়ান (৩১), বিজয়কুমাৰ (৩৮), সত্যামূৰ্তি (৩৬), ৰাজামানিকাম (৭০), ৰাজু (৪৫) আৰু পাতামপিল্লাই (৭৮)। এই আটাইকেইজনেই থিৰুভাৰুমবাৰৰ সমীপৱৰ্তী পুলানকুড়িৰ বাসিন্দা।