ডিজিটেল ডেস্কঃ হাঁহ-কুকুৰাক উমনিত বহা হয়তো দেখিছে। কিন্তু দেখিছেনে কোনোবা মানুহক কণী লৈ উমনিত বহা। তেনেই এক নোহোৱা-নোপোজা কাণ্ড ঘটিছে ফ্ৰান্সত।

শিল্পীৰ মন হেনো উৰি ফুৰে। কিন্তু এইজন শিল্পীৰ মন বহিল কণীত। দহোটা কণী লৈ কাঁচৰ ঘৰ এটাত পৰীক্ষামূলকভাৱে বহিল ফৰাছী শিল্পী আব্ৰাহাম পইনচেভেল।

মাৰ্চ মাহৰ শেষৰফালে আব্ৰাহামে এনেদৰে আৰম্ভ কৰা পৰীক্ষাটোত কণীকেইটা কণ্টেইনাৰৰ ভিতৰত ৰাখি চকী এখনত গাত কম্বল মেৰিয়াই কাঁচৰ ঘৰ এটাত সোমাই উমনিত বহিছিল।

পালাইছ ডে টকিঅ’ সংগ্ৰহালয়ত উমনি লোৱা আব্ৰাহামে দিনটোত মাত্ৰ ৩০ মিনিটৰ বাবেহে উঠি যাব পাৰিছিল। পৰিকল্পনা আছিল ২০-২১ দিন বহাৰ। কিন্তু তিনি সপ্তাহ নৌহওতেই শুকুৰবাৰে ৯ টাকৈ কণী ফুটি পোৱালি ওলায়।

এনেদৰে মানুহে কণী উমনি দি জগোৱা কুকুৰাৰ পোৱালিকেইটা বৰ্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা গৈছে।