গুৱাহাটীঃ আৰক্ষীয়ে নিজাববীয়াকৈ দেশদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ পিছতে শ শ লোকেৰে ভৰি পৰিছে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইৰ বাসগৃহ। একাধিক দল-সংগঠনৰ সদস্যৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা বহুজনে গোচৰ ৰুজু কৰাৰ খবৰ পোৱাৰ লগে লগে এইদৰে বিশিষ্ট চিন্তাবিদগৰাকীৰ কাষত উপস্থিত হয়।

জানিব পৰা মতে, গোচৰ ৰুজু কৰাৰ পিছতে নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী ভিন্নজনে ছ’চিয়েল মিডিয়াযোগে চৰকাৰৰ এনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সকলোকে ড০ গোহাঁইৰ বাসগৃহত বিয়লি ৫ বজাত উপস্থিত হ’বলৈ আহ্বান জনায়। উক্ত আহ্বানৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে অসংখ্যাজনে ভিৰ কৰিছে তেওঁৰ বাসগৃহত।

ড০ গোহাঁইৰ বাসগৃহত উপস্থিত হৈ সকলোৱে চৰকাৰে ৰুজু কৰা এনে গোচৰক হঠকাৰী আখ্যা দিয়াৰ লগতে সমগ্ৰ অসমৰ ৰাইজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ আহ্বান জনায়। উল্লেখ্য যে, ৭ জানুৱাৰীৰ এখন সভাত স্বাধীন অসমৰ পোষকতা কৰাৰ অভিযোগ তুলি অসম আৰক্ষীয়ে বিশিষ্ট চিন্তাবিদগৰাকীৰ বিৰুদ্ধে ৰুজু কৰে দেশদ্ৰোহৰ গোচৰ।

ড০ গোহাঁইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে গুৱহাটী মহানগৰীত ১৪৪ ধাৰাও জাৰি কৰে প্ৰশাসনে। প্ৰশাসনে জাৰি কৰা ১৪৪ ধাৰাকো আওকাণ কৰি ইতিমধ্যে বিশিষ্ট চিন্তাবিদগৰাকীৰ বাসগৃহত শতাধিক লোক সমবেত হোৱাটোৱে বহন কৰিছে বিশেষ তাৎপৰ্য।

ড০ গোঁহাইৰ বাসগৃহত সমবেত হোৱা শতাধিকে তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হোৱা গোচৰক ভুৱা গোচৰ আখ্যা দিছে। লগতে সাহস আছে যদি বিশিষ্ট চিন্তাবিদগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈকো প্ৰত্যাহ্বান জনাইছে ভিন্নজনে।