ডিজিটেল ডেস্কঃ সমকামীতা এতিয়া বিশ্বৰ বিভিন্ন আগশাৰীৰ দেশত গ্ৰহণযোগ্য হ’লেও এতিয়াও ইয়াক সহজভাৱে মানি ল’ব পৰা নাই কিছুমান দেশে।

ধৰ্ম নিৰপেক্ষ দেশ হিচাপে জাহিৰ কৰা ইণ্ডোনেছিয়াত আজি শ্বৰিয়া আইনৰ দোহাই দি সমকামী লোক দুজনক ৰাজহুৱাকৈ শাস্তি প্ৰদান কৰে কট্টৰপন্থীয়ে।

সমকামী লোক দুজনে যৌন সংগম কৰাৰ অপৰাধতে প্ৰায় এহাজাৰ মানুহৰ উপস্থিতিত মছজিদৰ সমুখৰ এখন মঞ্চত থিয় কৰাই দুয়োকে বেতেৰে এশ কোব দিয়াৰ বাবে সাজু কৰা হয়।

অৱশ্যে ৮২ কোব পৰাৰ পিছত লোক দুজন লেবেজান হৈ পৰাত তাতেই সামৰে শাস্তি প্ৰদানকাৰীয়ে। দেশখনৰ ইছালামিক প্ৰভূত্ব থকা বান্দা আকাহ নামৰ অঞ্চলটোত এই অমানৱীয় দৃশ্য প্ৰত্যক্ষ কৰি আনন্দত কিৰিলি পাৰিলে ভালেমান লোকে।

কিছুমানে যদি ম’বাইলত আবদ্ধ কৰিলে এই দৃশ্য, কিছুমানে আকৌ লাইভ ষ্ট্ৰিমিং কৰি আনন্দ ল’লে। উল্লেখ্য যে ইণ্ডোনেছিয়াত সমকামীতাক অপৰাধ হিচাপে বিবেচনা কৰা হয়।