গুৱাহাটীঃ অসহ্য গৰম!!! সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো গৰমৰ প্ৰকোপৰপৰা কোনো হাত সৰা নায়৷ 

অসহ্য গৰমৰ পাছত মানুহে বৰষুণ দিয়াটো বিচাৰে৷ কিন্তু বৰষুণৰ পাছত এয়া মহানগৰীৰ পুতৌ লগা অৱস্থা৷

এইবাৰৰ মহানগৰীত কৃত্ৰিমবান। কৃত্ৰিম বানত বোৰ গৈছে মহানগৰীৰ বহুকেইটা গুৰুত্বপূৰ্ণ পথ। পুৱাৰপৰা অহা বৰষুণৰ ফলত স্তব্ধ হৈ পৰিছে মহানগৰীৰ জনজীৱন। সদাব্যস্ত জু-ৰোড, জি-এছ ৰোড এতিয়া কৃত্ৰিম বানৰ কবলত।