গুৱাহাটীঃ শুকুৰাবৰে গুৱাহাটীৰ ‘ভিভাণ্টা বাই তাজ’ত (Vivanta by Taj) নৰ্থ ইষ্ট ডিভাৰ এক সংবাদ মেল আয়োজন কৰা হয়৷

উক্ত অনুষ্ঠানৰ আয়োজক মণ্ডলীৰ হৈ চৈয়দ জাৰিৰ হুছেইনে সংবাদ মাধ্যমৰ আগত কয় যে উত্তৰ পূৱৰ প্ৰতিভাৱান যুৱতীসকলক মঞ্চ দিয়াৰ বাবে আয়োজন কৰা হৈছে এই প্ৰতিযোগিতা। ইতিপূৰ্বে অনুষ্ঠিত হোৱা নৰ্থ ইষ্ট ডিভা প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলে ৰাষ্ট্ৰীয় পৰ্য্যায়ত কাম কৰি আছে। এইবাৰৰ প্ৰতিযোগিতাৰ প্ৰথম গৰাকী বিজয়ী প্ৰতিযোগীয়ে ‘মিচ ডিভা ২০২০’ ৰ গ্ৰেণ্ড ফিনালেত পোনপতীয়াকৈ অংশগ্ৰহণ কৰাৰ বাবে সুযোগ লাভ কৰিব৷

প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালিকা ৰিনিকি ভূঞা শৰ্মাই কয় যে নৰ্থ ইষ্টৰ বহুতো সুন্দৰ যুৱতী আছে। কিন্তু উপযুক্ত মঞ্চ নোপোৱাৰ পৰিপ্ৰেক্ষিতত পিছপৰি আছে। এই ক্ষেত্ৰত প্ৰাইড ইষ্ট ইণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত হোৱা নৰ্থ ইষ্ট ডিভাই বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে বুলি শৰ্মাই কয়৷

অহা ৫ আগষ্টত গুৱাহাটীত নৰ্থ ইষ্ট জিভাৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে৷