.......পিতৃ-মাতৃৰ হাততে সদায় সুৰক্ষিত হয় সন্তান ...... পিতৃ-মাতৃয়ে কেতিয়াও অবাটে যাব নিদিয়ে সন্তানক..... কভিড-১৯  সংক্ৰমণ ৰোধৰ বাবে দিয়া দীৰ্ঘকালীন লকডাউনে এচাম মানুহক এনেদৰে প্ৰভাৱিত কৰিছে যে তেওঁলোকে শিশু বা কিশোৰী কণ্যাক আগবঢ়াই দিছে এক অবাঞ্চিত পথেৰে!..... কি সেই পথ...?
.....সেই পথৰ অনুসন্ধানত আমি পালো কেতবোৰ অবাঞ্চিত কেকুঁৰি-------

 
 দিগন্ত শৰ্মা

ৰাজপথৰ একাষে কাঠৰ সৰু ‘ৰেক’ এখনত তামোল-পান আৰু চকলেট, চানা-বাদামৰ কেবাটাও টেমা সজাই থোৱা আছিল আৰু 'ৰেক’খনত ওলোমাই থোৱা আছিল কেইবা লানিও গুটখা জাতীয় পেকেট-শিখৰ, বিমল, কমলা-পচন্দ(কে-পি ) আদি৷ পথৰ দাঁতিৰ সেই ক্ষুদ্ৰ দোকানখনত বিক্ৰেতা হিচাপে আছিল এজনী কন্যা; যাৰ বয়স প্ৰায় দহ বছৰ৷   আন সামগ্ৰীৰ উপৰিও কণমানি ছোৱালীজনীয়ে গ্ৰাহকৰ হাতত তুলি দিছিল ধপাতযুক্ত (পাণমচলা বুলি লেবেল লগোৱা) শিখৰ বা কে-পি৷ দোকানখনৰ কাষলৈ গৈ জানিব পৰা গ’ল যে গ্ৰাহকে দেখাকৈ গুটখাজাতীয় শিখৰ,কে-পি আদিৰ পেকেটবোৰ ওলোমাই থোৱাৰ উপৰিও দোকানখনত আছে চিগাৰেট, বিড়ি, ধপাত আদিও৷সেই কণমানি জনীৰ নাম জেবিন (নাম সলনি কৰা হৈছে)৷ অসমৰ হৃদপিণ্ড স্বৰূপ গুৱাহাটী মহানগৰীৰ মাজ-মজিয়াৰ চানমাৰিৰ পৰা নাৰেংগী অভিমুখী পথৰ বামুণীমৈদাম এলেকাত জেবিনৰ ক্ষুদ্ৰ দোকানখন৷ এখন প্ৰাথমিক বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী জেবিন৷ কণমানি জেবিনক সেই দোকানখনত নিয়োগ কৰি লকডাউনৰ সময়ত প্ৰচলন নিষিদ্ধ গুটখাজাতীয় সামগ্ৰী বিক্ৰী কৰিবলৈ দিছে কোনে?
অনুসন্ধান কৰি জানিব পৰা গ’ল এই কামত নিয়োগ কৰিছে তাইৰ মাতৃয়ে৷ জেবিনৰ পিতৃ নাই৷ বিধৱা মাতৃয়ে এটা উদ্যোগত কাম কৰিছিল৷ গুৱাহাটীৰ মিলনপুৰ অঞ্চলত এটি ভাৰাঘৰত থকা জেবিনৰ মাতৃয়ে সংস্থাপন হেৰুৱালে লকডাউনৰ সময়ত৷ যোৱা মাৰ্চ মাহৰ শেষৰ সপ্তাহত চৰকাৰে কভিড-১৯ অতিমাৰীৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত জেবিনৰ মাক আৰু আন একাংশ কৰ্মচাৰীক উদ্যোগটোৰ পৰা অব্যাহতি দিলে৷ কি কৰিব সেই বিধৱা মহিলাগৰাকীয়ে? অৱশেষত হাতত থকা কিছু ধনেৰে সেই ৰেকখন কিনি আনি পথৰ দাঁতিত দোকানখন দিলে৷ আৰ্থিক দুৰৱস্থাৰ যোৰা মাৰিবলৈ আৰু দৈনন্দিন উপাৰ্জনৰ বাবে সেই সৰু দোকানখন দিয়াটো ঠিকেই আছিল৷ কিন্তু দোকানখনৰ বিক্ৰেতা হিচাপে মাকে নিয়োগ কৰিলে কণমানি জেবিনক৷ দিনৰ দিনটো দোকানখনত থাকে জেবিন আৰু মাকে ইফালে-সিফালে গৈ আন কিবা কামত জড়িত হয়৷ যিসময়ত শিক্ষানুষ্ঠানৰ ওচৰতেই নিচাজাতীয় সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰা হৈছে, ওঠৰ বছৰ বয়সৰ তলৰ লোকক নিচাজাতীয় সামগ্ৰী, ধপাতযুক্ত সামগ্ৰী বিক্ৰী নিষিদ্ধ কৰা হৈছে, লকডাউনৰ সময়ত গুটখা, ধপাতযুক্ত সামগ্ৰীৰ প্ৰচলন বন্ধ কৰা হৈছে আৰু এনে কামত জড়িত হোৱাটো অপৰাধ বুলি গণ্য কৰা হৈছে আৰু এনে কামত জড়িত হোৱটো অপৰাধ বুলি গণ্য কৰা হ’ব বুলি চৰকাৰে ঘোষণা কৰিছে, তেনে সময়তে কণমানি ছোৱালীক ৰাজপথত নিয়োজিত কৰোৱা হৈছে ধপাতযুক্ত সামগ্ৰীৰ বিক্ৰীত৷  দোকানখনৰ আশেপাশে থকা এজন মানুহে কলে–”তাইৰ মাতৃৰ বয়স প্ৰায় ত্ৰিশ বছৰ৷ ছোৱালীজনীৰ স্কুল লকডাউনৰ কাৰণে বন্ধ বাবে এইদৰে নিয়োগ কৰিছে৷ ’’ জানিব পৰা গ’ল লকডাউনে সৃষ্টি কৰা অৰ্থসংকট যোৰা মাৰিবলৈ সেই উপায় অৱলম্বন কৰিছে জেবিনৰ মাতৃয়ে৷
জেবিনৰ দোকানখনৰ পৰা প্ৰায় তিনিশ মিটাৰমান দূৰৈত দেখা গৈছিল একেধৰণৰ দৃশ্য৷ এইবাৰ মাত্ৰ দোকানখন কিছু উন্নত৷ চকা লগোৱা এখন টেবুলত আন সামগ্ৰীৰ লগতে ধপাতজাতীয়,নিকটিনযুক্ত সামগ্ৰী ওলোমাই থোৱা আছে৷ বিক্ৰেতা প্ৰায় বাৰ বছৰীয়া ছোৱালী৷ দোকানখন পথৰ দাঁতিত ৰখা হৈছে৷ বিক্ৰেতা ছোৱালীজনী এখন প্ৰাথমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আছিল৷ স্কুল বন্ধ,সেয়ে পিতৃয়ে কণমানি কন্যাক নিয়োগ কৰিছে দোকানখনত৷ সেই কিশোৰীয়ে ৰাজপথৰ দাঁতিত বিনা বাধাই বিক্ৰী কৰিছে বিড়ি,চিগাৰেট আৰু অন্যান্য ধপাত জাতীয় সামগ্ৰী৷ সেই পথেৰে আহ যাহ কৰিছে প্ৰশাসনৰ লোক তথা আৰক্ষীৰ লোক৷ কিন্তু কোনেও বাধা প্ৰদান কৰা নাই৷ কামৰূপ মহানগৰ জিলাৰ নাৰেংগীৰ পৰা চন্দ্ৰপূৰ সংযোগী পথৰ দাঁতিত কেইবাখনো সৰু পানদোকানত দেখা গৈছিল প্ৰায় বাৰ-তেৰ বছৰ বয়সীয়া কিশোৰীক৷ স্কুল বন্ধ হোৱা বাবে আত্মীয় তথা অভিভাৱকে সেই কিশোৰীক জড়িত কৰাইছে ব্যৱসায়ত৷ কিন্তু কি বিক্ৰী কৰিছে পানদোকানত? সেই ব্যৱসায়ৰ স্থানলৈ গৈ জানিব পৰা গ’ল—- দোকানৰ সন্মুখত ৰাখি থোৱা আছে পান-তামোল, দুই এটা বিস্কুটৰ পেকেট৷ কিন্তু গ্ৰাহকে বিচাৰিলে গোপন স্থানৰ পৰা সেই কিশোৰীয়ে উলিয়াই দিয়ে গুটখা বা ধপাতযুক্ত পান-মচলাৰ পেকেট, ধপাত, বিড়ি চিগাৰেট৷
অভিভাৱকৰ জীৱিকাত শিশুৱে সহায় কৰাত কোনো বাধা নাই৷ কিন্তু শিশুক মাদকদ্ৰব্য, ধপাত, গুটখা, চিগাৰেটৰ দৰে সামগ্ৰীৰ প্ৰচলন কাৰ্যত জড়িত কৰোৱাটো অপৰাধ৷  যিবোৰ বস্তু শিশুক বিক্ৰী কৰিলে আইন অনুসৰি বিক্ৰেতাই সাত বছৰ পৰ্যন্ত কাৰাবাস, এক লক্ষ টকা পৰ্যন্ত জৰিমনা হয়৷ সেই সামগ্ৰী  শিশুৰ হাতেৰে বিক্ৰী কৰিছে অভিভাৱকে? তাকো লকডাউনৰ কালত৷ শিশুৰ বাবে এনে স্পৰ্শ কৰাটোৱে নিষিদ্ধ । কিন্ত্ব এনে সামগ্ৰীৰ বেহাত জড়িত কৰাইছে কন্যা শিশুক ;তাকো কিশোৰীক।

কন্যা শিশুক ব্যৱহাৰ কৰিছে কিয়?

ৰাজপথৰ দাঁতিৰ ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অভিভাৱকে কন্যা শিশুক ব্যৱহাৰ কৰিছে কিয় -এই সন্দৰ্ভত একাংশ অভিভাৱকে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে৷ তেওঁলোকৰ মতে স্কুল বন্ধ৷ গতিকে উপাৰ্জনৰ কামত নিয়োগ কৰাইছে৷ আনহাতে ৰাজপথৰ দাঁতিত জ্যেষ্ঠ লোকে বা লৰা মানুহে দোকান দিলে; সামগ্ৰী বিক্ৰী কৰিলে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰে৷ যাৰ বাবে শিশু কন্যাক দোকানত থৈছে৷ এচামৰ মতে লকডাউনৰ কালত অভিভাৱকে উপাৰ্জন হেৰুৱাইছে, সংস্থাপন হেৰুৱাইছে৷ নতুন কামৰ সন্ধান কৰিছে যদিও পোৱা নাই৷ প্ৰতিদিনে কামৰ সন্ধানত পিতৃ মাতৃয়ে ওলাই যাবলগীয়া হোৱা বাবে ক্ষুদ্ৰ দোকানত ছোৱালীজনীকে থৈ যায়৷ লকডাউনে আৰ্থিকভাৱে জুৰুলা কৰাৰ সমান্তৰালকৈ এনে পৰিয়ালে পূৰ্বৰ দৰে পুষ্টিদায়ক খাদ্যৰ অভাৱতো ভুগিছে৷ ক্ষুদ্ৰ দোকানবোৰত থকা কন্যা শিশুবোৰৰ বেছিভাগেই পুষ্টিহীনতাত ভোগা দেখা গৈছে৷ এজন অভিভাৱকে কলে- “লৰাটোক দোকানত থৈছিলো যদিও লগৰ সমনীয়াৰ সৈতে খেলিবলৈ গুচি গ’ল৷ গতিকে ছোৱালীজনীকে থৈছো৷’’ প্ৰশ্ন হৈছে-এনে কাৰ্যৰে কণ্যা শিশুক অভিভাৱকে কোন দিশে আগবঢ়াই দিছে? শিশু শ্ৰম বিৰোধী আইনেতএনে কাৰ্য ঢুকি নাপায় কিয়? শিশু অধিকাৰ কিয় সুৰক্ষিত নহয়?

অভিভাৱকৰ দুৰ্ব্যৱহাৰৰ বলি কন্যা শিশু

গুৱাহাটীৰ ”চাইল্ড লাইনে’’ লকডাউনৰ সময়ত পোৱা অভিযোগ সমূহৰ ভিতৰত অন্যতম আছিল অভিভাৱকৰ দ্বাৰা শিশুক কৰা দুৰ্ব্যৱহাৰ৷ উদাহৰণ স্বৰূপে এটি কন্যা শিশুক পিতৃয়ে ঘৰত প্ৰায়ে দুৰ্ব্যৱহাৰ কৰিবলৈ লৈছিল৷ লকডাউনত সংস্থাপন হেৰুৱা পিতৃয়ে কন্যা শিশুক আৰ্থিক অৱস্থা শোচনীয় হোৱা বাবে প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব পৰা নাছিল৷ ফলত কন্যা শিশুটিক মাৰধৰ পৰ্যন্ত কৰিছিল৷ প্ৰায়ে দুৰ্ব্যৱহাৰ কৰিছিল৷ একাংশ সচেতন ব্যক্তিৰ তৎপৰতাত কিশোৰীগৰাকীক উদ্ধাৰ কৰিছিল ‘চাইল্ড লাইনে’৷ উল্লেখযোগ্য যে এনে ঘটনা কামৰূপ মহানগৰ জিলাত লকডাউনৰ সময়ত ব্যাপক ভাৱে বৃদ্ধি পাইছে৷ আনকি গ্ৰাহস্থ্য হিংসাৰ ঘটনায়ো বহু কন্যা শিশুৰ মানসিক অৱস্থাত নেতিবাচক প্ৰভাৱ পেলাইছে৷ চাইল্ড লাইনৰ পৰা লাভ কৰা তথ্য অনুসৰি, ‘চাইল্ড লাইন’ গুৱাহাটীয়ে লকডাউনৰ সময়ত অৰ্থাৎ এপ্ৰিল মাহৰ পৰা জুলাই মাহ পৰ্যন্ত শিশু সম্পৰ্কীয় ১৫১টা অভিযোগ লাভ কৰিছে৷ ইয়াৰে ভিতৰত অধিক সংখ্যক ঘটনাৰে ভুক্তভোগী হৈছে কন্যা শিশু৷ একেদৰে অভিভাৱকৰ দুৰ্ব্যৱহাৰ ঘটনাৰ দহটা অভিযোগ লাভ কৰিছে চাইল্ড লাইনে৷ যিবোৰ ঘটনাৰ ভুক্তভোগীৰ অধিক সংখ্যকেই কন্যা শিশু৷

লকডাউনত আৰ্থিক দুৰ্দশাৰ বাবে বিক্ৰী কন্যা শিশু

গুৱাহাটীৰ অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগে লকডাউন কালত কণ্যা শিশু বিক্ৰীৰ দুটি গোচৰ লাভ কৰিছে। কভিড-১৯ অতিমাৰী ৰোধৰ বাবে দিয়া দীৰ্ঘদিনীয়া লকডাউনৰ বাবে অসমৰ একাংশ লোক এনদৰে আৰ্থিকভাবে জুৰুলা হৈছে যে যিকোনো কামকে কৰিবলৈ বাধ্য হৈছে৷ আৰ্থিক দুৰ্দশাৰ যোৰা মাৰিবলৈ এগৰাকী ব্যক্তিয়ে কন্যা সন্তানকে ধনৰ বিনিময়ত আনৰ হাতত তুলি দিছে৷ কোকৰাঝাৰ জিলাৰ কচুগাঁও থানাৰ অন্তৰ্গত ধনতোলা মান্দাৰীয়া গাঁৱত বাস কৰা দীপক ব্ৰহ্মই যোৱা জুলাই মাহৰ দ্বিতীয় সপ্তাহত তেওঁ কন্যা সন্তানটিক ৪৫ হাজাৰ টকাৰ বিনিময়ত আন এগৰাকী লোকৰ ওচৰত বিক্ৰী কৰে৷  পিছত পত্নীয়ে অভিযোগ কৰাত শিশুটিক উদ্ধাৰ কৰে আৰক্ষীয়ে৷ উল্লেখ্য যে শিশুটিৰ পিতৃ দীপক ব্ৰহ্মই বহিঃৰাজ্যত কাম কৰি পৰিয়াল পোহপাল দিছিল৷ কিন্তু লকডাউনৰ বাবে কৰ্মসংস্থাপন হেৰুৱাই ঘৰলৈ আহে৷ এটকাও ধন হাতত নথকাত কন্যা শিশুটিক ৪৫ হাজাৰ টকাৰ বিনিময়ত আনৰ ওচৰত বিক্ৰী কৰি দিয়ে৷ উল্লেখ্য যে ৰাজ্যত এনে ঘটনা লকডাউনৰ সময়ত দুটকৈ সংঘটিত হৈছে৷ ঘটনাৰ অনুসন্ধান কৰি জানিব পৰা গৈছে যে আত্মীয়ই শিশুটিক বিক্ৰী কৰিছে আৰ্থিক দিনতাৰ বাবে আৰু শিশুটি কন্যা হোৱাৰ বাবে৷

অৰ্থাভাৱত পৰি বহু পিতৃ-মাতৃয়ে বিয়া দিছে কিশোৰীক

কভিড-১৯ অতিমাৰী ৰোধৰ বাবে দিয়া লকডাউনৰ প্ৰভাৱে অতিকে প্ৰভাৱিত কৰিছে নাৰী সকলোক৷ গুৰুত্বপূৰ্ণ যে কন্যা শিশু-কিশোৰী এচাম অভিভাৱকৰ দ্বাৰা নেতিবাচকভাৱে ব্যৱহাৰ হৈছে৷ গুৱাহাটীতে ১৫ বছৰীয়া ছোৱালীক ৩৫ বছৰীয়া লোকলৈ বিয়া দিয়াৰ ঘটনা পোহৰলৈ আহিছে৷ ওডালবাক্ৰা আৰক্ষী চকীৰ অন্তৰ্গত জ্যোতিকুছী এলেকাত বাল্য বিবাহৰ এই ঘটনা অতি সংগোপনে ঘটিছিল ৷ কিন্তু 'চাইল্ড লাইন গুৱাহাটী' য়ে উদ্ধাৰ কৰে কিশোৰী জনীক। আচলতে আৰ্থিক অভাৱত ভোগা পৰিয়ালে কন্যা সন্তানক পৰিয়ালৰ বোজা কমাবলৈ বিয়া দিছে৷ 
ৰাজ্যৰ আন প্ৰান্ততো ঘটিছে  পিতৃ-মাতৃয়ে আন যুৱকৰ সৈতে  বুজাবুজি কৰি কিশোৰীক জনীক পঠিয়াই দিয়ে৷ বিবাহৰ নামত  কোনো আনুষ্ঠানিকতাও সম্পন্ন নকৰে৷ এনে ঘটনা ৰাজ্যৰ বিভিন্ন জিলাত সংঘটিত হৈ আছে আৰু ৰাজ্যিক শিশু সুৰক্ষা আয়োগে এনে শতাধিক অভিযোগ লাভ কৰিছে৷ বাল্য বিবাহৰ বহু ভুক্তভোগীক উদ্ধাৰ কৰিছে৷ তথ্য অনুসৰি লকডাউন আৰম্ভ হোৱাৰে পৰা জুন মাহলৈকে অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগে মাত্ৰ তিনিমাহতে ১৩৩টা শিশু নিৰ্যাতনৰ ঘটনাৰ সন্নিৱিষ্ট কৰিছে৷ ইয়াৰে ভিতৰত ৪৭টা বাল্য বিবাহৰ ঘটনা৷ এয়া নিসন্দেহেই কভিড-১৯ অতিমাৰীৰ প্ৰভাৱ৷

 চৈধ্য বছৰীয়া ছোৱালীক ত্ৰিশ বছৰ বয়সৰ যুৱকৰ লগত গোপন বিয়া
  
লকডাউনৰ সময়ত অৰ্থাভাৱত ভোগা বহু পৰিয়ালৰ মুৰব্বী পুৰুষবোৰে কঠোৰ সিদ্ধান্ত লৈ চৈধ্য পোন্ধৰ বছৰীয়া ছোৱালীক ত্ৰিশ বছৰতকৈয়ো ওপৰৰ বয়সৰ যুৱকৰ লগত গোপনে বিয়া দি উলিয়াই দিয়ে৷ ছোৱালীবোৰক সোনকালে উলিয়াই দি ঘৰৰ বোজা পাতলোৱা বুলি এক নেতিবাচক ধাৰণা এচামৰ মাজত গা-কৰি উঠিছে৷  এচাম দুষ্ট চক্ৰই আৰ্থিকভাৱে দুৰ্বল আৰু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা লোকৰ দুৰ্দশাজনক অৱস্থাৰ সুযোগ লৈছে। তাৎপৰ্যপূৰ্ণ যে বাল্যবিবাহৰ পৰিণতি মানেই এজনী কন্যা শিশুক ভয়ংকৰ ভৱিষ্যতৰ পিনে ঠেলি দিয়া৷
গুটখা-চিগাৰেট-পানমচলা-ধপাতৰ দৰে ব্যৱসায়ত শিশুক নিয়োগ কৰাৰ পৰা কন্যা শিশুক বিক্ৰী কৰা, কিশোৰী কালতে যুৱকৰ সৈতে বলপূৰ্ব্বকভাৱে বিয়া দিয়াৰ দৰে ঘটনাত জড়িত আছে কন্যা শিশুসকলৰ একাংশ অভিভাৱকেই৷ আনকি ঘৰৰ সমস্যা সমাধান কৰিব নোৱাৰি শিশুক দুৰ্ব্যৱহাৰ কৰি মানসিক উৎপীড়ন চলোৱা কাৰ্যৰ আৰঁতো এচাম অভিভাৱকেই জড়িত আছে৷  
অনুসন্ধান কালত আমি পাইছো যে লকডাউনৰ কালত আৰ্থিকভাৱে সংকটৰ সন্মুখীন হোৱা বা জীৱিকা হেৰুওৱা
অভিভাৱকে জটিল পৰিস্থিতিত পৰি নিজৰ ইচ্ছাৰ বিৰুদ্ধে গৈয়ো কন্যাজনীকেই ব্যৱসায়ত লিপ্ত কৰাইছে বা কিশোৰী কালতে বিয়া দিবলগীয়া হৈছে 
কন্যা শিশুৱে লকডাউনৰ কালত প্ৰভাৱিত হোৱা সন্দৰ্ভত চাইল্ড লাইন গুৱাহাটীৰ সমন্বয়ক নিৰ্মল ডেকা ই কয়, ” এই সময়ছোৱাত শিশুৰ বিৰুদ্ধে বিভিন্ন ঘটনা ঘটিছে৷ অভিভাৱকেই কেতিয়াবা এনে কাৰ্যত জড়িত কৰাইছে৷ বাল্য বিবাহৰ পৰা গুটখা, পান মচলা, ধপাত চিগাৰেট বিক্ৰীত জড়িত কৰোৱালৈকে৷ যৌন নিৰ্যাতন আৰু কন্যা শিশু সৰবৰাহৰ ঘটনাও আগতকৈ বাঢ়িছে৷ যদিহে সচেতনতা গঢ়ি নুঠে তেন্তে অধিক ঘটনা ঘটিব৷’’ একেদৰে ৰাজ্যিক শিশু সুৰক্ষা সমিতি ৰ অধ্যক্ষ ড° সুনীতা চাংকাকতি য়ে কয়, ”কভিড-১৯ৰ প্ৰভাৱত শিশুসকল ক্ষতিগ্ৰস্ত হৈছে বাৰুকৈয়ে৷ শিশুৰ বিৰুদ্ধে অপৰাধ লকডাউনৰ সময়ছোৱাত বাঢ়িছে৷ আমি এনে প্ৰভাৱ যিদৰে কমাব পাৰি চেষ্টা কৰিছো৷ ৰাইজক সজাগ হবলৈ আহ্বান জনাইছো৷ আৰক্ষীৰ সহযোগ এই অপৰাধ কমাব পৰা যাব৷ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব লাগিব নহলে এনে ঘটনা হ্ৰাস নাপাব৷ ’’
একেদৰে বৰপেটা জিলা ‘চাইল্ড লাইন’ৰ সমন্বয়কৰফিকুল ইছলামে  কয়, “বৰপেটাত প্ৰতিদিনে বাল্য বিবাহৰ ঘটনা ঘটি আছে৷ এনে ঘটনাৰ খবৰ আমি বহু পলমকৈ পাওঁ৷ বিশেষভাৱে লকডাউনৰ সময়ত অৰ্থাভাৱত ভোগা বহু পৰিয়ালৰ মুৰব্বী পুৰুষবোৰে কঠোৰ সিদ্ধান্ত লৈ চৈধ্য পোন্ধৰ বছৰীয়া ছোৱালীক ত্ৰিশ বছৰতকৈয়ো ওপৰৰ বয়সৰ যুৱকৰ লগত গোপনে বিয়া দি উলিয়াই দিয়ে৷ ছোৱালীবোৰক সোনকালে উলিয়াই দি ঘৰৰ বোজা পাতলোৱা বুলি এক নেতিবাচক ধাৰণা এচামৰ মাজত গা-কৰি উঠিছে৷ আমি এনে কিছুমান ঘটনা ৰোধ কৰিছো যদিও বহু ঘটনাৰ সম্ভেদ পোৱা নাযায়৷ এয়া লকডাউনৰ প্ৰভাৱ৷ এচাম দুষ্ট চক্ৰই আৰ্থিকভাৱে দুৰ্বল আৰু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা লোকৰ দুৰ্দশাজনক অৱস্থাৰ সুযোগ লৈছে’’।

এনেকৈয়ে কভিড-১৯ ৰ পৰিস্থিতি আৰু লকডাউনে  প্ৰভাৱিত কৰিছে অসমৰ কন্যা শিশুক৷ কিশোৰী কালতে  জীৱিকা-পথৰ অবাঞ্চিত কেকুঁৰিত  খোজি দিবলগীয়া হৈছে । এনে ভুক্তভোগীৰ ন্যায়প্ৰাপ্তি দুৱাৰ কেনি-এক তাৎপৰ্যপূৰ্ণ প্ৰশ্ন।দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো উলংঘা হৈছে শিশুৰ অধিকাৰ৷ ♦

( দিগন্ত শৰ্মা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘লাডলী মেডিয়া ফেলশ্বিপ’ প্ৰাপক সাংবাদিক৷ এই প্ৰতিবেদন ফেল’শ্বিপৰ অংশ৷ প্ৰতিবেদনত প্ৰকাশিত মন্তব্য সাংবাদিক গৰাকীৰ নিজা৷ এই মন্তব্যৰ সৈতে UNFPA আৰু Population First জড়িত নাই৷ )