গোৱালপাৰাঃ কৰ’না ভাইৰাছৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে গোৱালপাৰা জিলাত এইবাৰ ভূতৰ ওপৰত দানহ স্বৰূপ হৈ পৰিছে বানপানী। চুবুৰীয়া ৰাজ্য মেঘালয়ৰ গাৰোপাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে জিলাখনৰ বিস্তীৰ্ণ অঞ্চল। 

জিলাখনৰ বলবলা, চান্দমাৰী, ৰংচাই, মাৰকুলা আদিকে ধৰি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰি তুলিছে গাৰোপাহাৰৰ পৰা বৈ অহা বাঢ়নী পানীয়ে। কিছু অঞ্চল মুকলি হৈছে যদিও এতিয়াও বুৰ গৈ আছে একাধিক অঞ্চল।

গছৰ ডাল-পাতেৰে আশ্ৰয়স্থল​ নিৰ্মাণ

বানে সমগ্ৰ অঞ্চল ডুবাই পেলোৱাৰ বাবে নিৰাপদ স্থান বিচাৰি অস্থায়ী শিবিৰ পাতি আশ্ৰয় লবলৈ বাধ্য হৈছে শতাধিক পৰিয়ালে। ইয়াৰ মাজতে সৃষ্টি হৈছে অভাৱনীয় পৰিস্থিতিৰ। জিলাখনৰ মাৰকুলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত পানদোৱা অঞ্চলত বানাক্ৰান্তই প্লাষ্টিক আৰু গছৰ ডাল-পাত আদিৰে আশ্ৰয়স্থল সাজি দিন অতিবাহিত কৰিবলগীয়া হৈছে।

বানৰ কবলত পৰি কেবাটাও পৰিয়ালে ওখ ঠাইত আশ্ৰয় লৈ আছে যদিও খোৱা পানীৰ তীব্ৰ সংকটৰ লগতে খাদ্যৰ নাটনিয়ে দেখা দিছে পৰিয়ালকেইটাৰ মাজত। শিশুখাদ্য, পশুখাদ্য, ঔষধ আদিও এতিয়া এইসকল লোকৰ বাবে কল্পনাতীত হৈ পৰিছে।

উপস্থিত হোৱা নাই জিলা প্ৰশাসনৰ প্ৰতিনিধি

বাতৰি যুগুতোৱা পৰলৈকে জিলা প্ৰশাসনৰ কোনো প্ৰতিনিধি উপস্থিত নোহোৱাৰ কথা NNOৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে বানাক্ৰান্তসকলে। অনাহাৰত দিন অতিবাহিত কৰা বানাক্ৰান্তসকলে খাদ্যৰ যোগান ধৰিবলৈকো চৰকাৰক কাতৰ আহ্বান জনায়।

প্ৰতিবছৰে বানত ডুব যোৱা এই অঞ্চলকেইটাত বান সমস্যা সমাধানৰ কোনো স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰাক লৈয়ো চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলবাসী। আনহাতে, কৰ’নাৰ এই সংকটকালৰ মাজতে বানত জুৰুলা হৈ পৰিবলগীয়া হোৱাত জিলাখনৰ হাজাৰ হাজাৰ পৰিয়ালে এতিয়া চৰম অনিশ্চয়তাত জীৱন অতিবাহিত কৰিবলৈ বাধ্য হৈ পৰিছে।