কোকৰাঝাৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা কোকৰাঝাৰ জিলাৰ চিম্বৰগাঁও বাতাবাৰীৰ কঞ্চাই বৰগয়াৰী আজি এজন সাধাৰণ অটোচালক। ঝাৰখণ্ডত অনুষ্ঠিত হোৱা নেচনেল গেমছত অংশগ্ৰহণ কৰি তিনিটাকৈ সোণৰ পদক বুটলা তথা দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা আৰ্চাৰী প্ৰতিযোগিতাক অংশগ্ৰহণ কৰি সৰ্বমুঠ ২২ টা পদক বুটলা ৰাজ্যৰ গৌৰৱ কঞ্চাই বৰগয়াৰী এতিয়া একমাত্ৰ পেটৰ তাড়নাতে অটো চলাবলগীয়া হৈছে।  

চিৰাঙৰ বুলি বসুমতাৰীয়ে পদপথত কমলা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰাৰ বাতৰি প্ৰকাশ হোৱাৰ পিছত ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু অৱশেষত চৰকাৰ বাধ্য হৈ  আৰ্চাৰী খেলুৱৈ বুলি বসুমতাৰীক সংস্থাপিত কৰিছিল যদিও বুলি বসুমতাৰীৰ সতীৰ্থ কঞ্চাই বৰগয়াৰীয়ে এতিয়াও অটো চলাইয়ে পৰিয়ালক পোহপাল দিব লগা হৈছে।

২০০৮ চনত আৰ্চাৰীৰে খেলুৱৈ জীৱন আৰম্ভ কৰা কঞ্চাই বৰগয়াৰীয়ে ২০১১ চনত ঝাৰখণ্ডত অনুষ্ঠিত হোৱা ৩৪ তম নেচনেল গেমছত তিনিটাকৈ স্বৰ্ণ পদক লাভ কৰিছিল । ইয়াৰোপৰি গোৱা, মধ্যপ্ৰদেশ, মেঘালয় আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হোৱা আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক বুটলি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল যদিও এতিয়া কঞ্চাই বৰগয়াৰী সাধাৰণ অটোচালক । একমাত্ৰ আৰ্থিক দৈন্যতাৰ বাবেই ধনু এৰি অটোৰ ষ্টেয়ৰিং ধৰা কঞ্চাই বৰগয়াৰীৰ দুৰৱস্থাই ৰাজ্যৰ ক্ৰীড়াবিদ সকলৰ প্ৰকৃত অৱস্থা উদঙাই দিছে।

নিজৰ অনবদ্য প্ৰদৰ্শনেৰে যেতিয়া কঞ্চাইহঁতে ৰাজ্যলৈ পদক বুটলি আনে তেতিয়া সকলোৱে কঞ্চাইহঁতক ফুলৰ থোপাৰে সম্বৰ্ধনা জনায় যদিও আজি কঞ্চাইহঁত একমাত্ৰ পেটৰ তাড়নাতে নিজৰ প্ৰিয় ধনু এৰি অটো চলাবলগীয়া হোৱাটো খেলজগতৰ বাবেই দূৰ্ভাগ্যজনক বিষয় যদিও এইক্ষেত্ৰত সকলোৱে মৌনতাৰ আশ্ৰয় লৈছে। অসমত অকল খেলেৰে যে পৰিয়াল-সংসাৰ পোহপাল দিব নোৱাৰি সেয়া কঞ্চাই বৰগয়াৰী, বুলি বসুমতাৰীৰ উদাহৰণে স্পষ্ট কৰি তুলিছে আৰু জীয়া বাস্তৱৰ এই ছবিখনে খেলুৱৈসকলক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

কঞ্চাই বৰগয়াৰীৰ ভাষাত আৰ্চাৰী খেলত আৰ্থিক নিৰাপত্তা নথকা বাবেই একমাত্ৰ পৰিবাৰ- সন্তানৰ পেটৰ ভাত মোকলাবলৈ তেওঁ আজি ধনু এৰি অটোৰ ষ্টিয়েৰিং ধৰিব লগা হৈছে। আৰ্চাৰী খেলেৰে জগত জিনিবলৈ মনত এতিয়াও প্ৰচণ্ড হেঁপাহ আছে যদিও এদিন অটো নচলালে যে সংসাৰ নচলে সেয়াই হে কঞ্চাইক ভৱাই তুলিছে।

প্ৰতিদিনে অটো চলাই প্ৰায় ৩০০ টকাকৈ উপাৰ্জন কৰা কঞ্চাইৰ ভাষাত এদিন অটো নচলালে দেখোন কণমানি সন্তানো নোখোৱাকৈ থাকিব লাগিব !!!  "কণমানি সন্তানক ভাতমুঠিৰ পৰা বঞ্চিত কৰি মই কেনেকৈ খেলজগতলৈ উভতি যাওঁ ? চৰকাৰে যদি পৰিয়ালটো চলি থাকিবলৈ নুন্যতম আৰ্থিক সাহায্য প্ৰদান কৰে তেনেহ'লে পুনৰাই খেলজগতলৈ উভতি ৰাজ্যৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ মই বদ্ধপৰিকৰ।"-এনেদৰে এতিয়াও সপোন পুহি ৰাখিছে কঞ্চাইয়ে। কঞ্চাইৰ এই সপোন পূৰ হ'বনে ? এই ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবনে? চৰকাৰ-প্ৰশাসনৰ ওপৰতে এতিয়া বহুখিনি নিৰ্বৰ কৰিছে কঞ্চাইৰ ক্ৰীড়া জীৱনৰ ভৱিষ্যত।