মুম্বাইঃ লকডাউন খোলাৰ পিছতে বৃদ্ধি পাব পাৰে সোণৰ দাম। বজাৰ বিশেষজ্ঞসকলে চলিত বিত্তীয় বৰ্ষৰ শেষৰ ফালে দেশত সোণৰ দাম আকাশলংঘী হৈ পৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰিছে। একাংশ বজাৰ বিশেষজ্ঞৰ মতে লকডাউন খোলাৰ কেইদিনমানৰ পিছতে ১০ গ্ৰাম সোণৰ দাম হ’ব পাৰে ৫০ হাজাৰ টকা।

বাণিজ্য ঘাটি নিয়ন্ত্ৰণৰ বাবে দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰৰ ক্ষমতালৈ অহাৰ পিছতে স্বৰ্ণ আমদানিৰ ওপৰত চাপ বৃদ্ধি কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে। ইয়াৰ লগতে ধাতুবিধৰ ওপৰত আৰোপ কৰা হৈছে অধিক পৰিমাণৰ শুল্ক আৰু কৰ। ইয়াৰ ফলত চৰকাৰ লাভান্বিত হৈছে যদিও মধ্যবিত্তৰ বাবে দুৰ্লভ হৈ পৰিছে সোণ। 

বিগত বৰ্ষৰে পৰা দেশৰ বজাৰত ক্ৰমাৎ বৃদ্ধি পাইছে সোণৰ দাম। ২০১৯ চনৰ এপ্ৰিল মাহত ১০ গ্ৰাম সোণৰ মূল্য আছিল ৩৩,০০০ টকা। কিন্তু ২০২০ পোৱাৰ লগে লগে পূৰ্বৰ অভিলেখ ভংগ কৰি ১০ গ্ৰাম সোণৰ মূল্য হয়গৈ ৪৭,০০০ টকাৰো অধিক। অৰ্থাৎ এবছৰৰ ভিতৰতে সোণৰ মূল্য বৃদ্ধি পাইছে প্ৰায় ৪৩ শতাংশ। লকডাউন চলি থকা সময়তো বিক্ৰী বন্ধ হৈ থাকিলেও বজাৰৰ হিচাপত ১০ গ্ৰাম সোণৰ মূল্য হৈছে প্ৰায় ৪৬ হাজাৰ ৫০০ টকা।


 তলৰ বাতৰিটো পঢ়িবলৈ ফটোখনত ক্লিক কৰক...

Click ►কৰ'নাৰ পিছত 'সুখ-দুখ আনকি প্ৰেম'ৰ ওপৰতো আপুনি হেৰুৱাব পাৰে অধিকাৰ!


৩ মে’ত লকডাউন খোলাৰ পিছতো সোণৰ মূল্য হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা দেখা নাই বজাৰ বিশেষজ্ঞসকলে। বিপৰীতে কৰ’নাৰ পৰিপ্ৰেক্ষিতত দেখা দিয়া মন্দাৱস্থাৰ বাবে বিশ্বৰ বজাৰত সোণৰ দাম বৃদ্ধি পোৱাৰ ফলত ভাৰতত ইয়াৰ দাম আৰু উৰ্ধগামী হৈ পৰিব বুলিহে অনুমান ব্যক্ত কৰিছে বিশেষজ্ঞসকলে। একাংশ বিশেষজ্ঞই ২০২১ৰ মাৰ্চলৈকে সোণৰ দাম ১০ গ্ৰামত ৬০ হাজাৰৰ ওচৰা-ওচৰি হ’ব পাৰে বুলিও আংশকা প্ৰকাশ কৰিছে।

সেয়ে বজাৰ বিশেষজ্ঞসকলে কৈছে যে যদিহে কোনোৱে সোণ কিনিব বিচাৰিছে তেন্তে লকডাউন খোলাৰ লগে লগেই ক্ৰয় কৰা উচিত। কিয়নো দিন যিমানেই অতিক্ৰম কৰিব সিমানেই বৃদ্ধি পাই গৈ থাকিব ইয়াৰ মূল্য।