প্ৰতিকী ফটো (সংগৃহীত)
প্ৰতিকী ফটো (সংগৃহীত)

গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে ৱেষ্ট বেংগল ছ’ছাইটি ৰেজিষ্টেচন এক্ট ১৯৬১ দ্বাৰা পঞ্জীয়নভুক্ত দ্যা এচ’ছিয়েন অব মাইন’ৰিটি প্ৰফেচনেল একাডেমিক ইনষ্টিটিউট (এএমপিএআই)য়ে। দেশৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ ইঞ্জিনিয়াৰিং লগতে ফাৰ্মাচি পাঠ্যক্ৰম অধ্যায়নৰ সুযোগ প্ৰদানৰ লক্ষ্যৰে ২৪ মে তাৰিখে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত 'চিইই এএম পি এআই ২০১৭ ডব্লিউ বি’ পৰীক্ষা অনুষ্ঠিত হ’ব।

পশ্চিমবংগ চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ নিৰ্দেশ অনুযায়ী অনুুষ্ঠিত হ’বলগীয়া এই পৰীক্ষা এই বেলি উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটী শিলচৰ, আগৰতলা আদিকে ধৰি দেশখনৰ ২১ স্থানত অনুষ্ঠিত হ’ব।

আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুস্থিত হোৱা এক সংবাদ মেল যোগে এএমপিএ আইৰ আহ্বায়ক বিদ্যুৎ মজুমাদাৰে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ফলত ইচ্ছুক ছাত্ৰ-ছাত্ৰীসকলে জে আই এচ কলেজ অব ইঞ্জীনিয়াৰিং (পশ্চিমবংগ), নাৰুলা ইনষ্টিটিউট অব টেকন’লজি (কলকাতা), গুৰু নানক ইনষ্টিটিউট অব টেকন’লজি (কলকাতা),  গুৰু নানক ইনষ্টিটিউট অব ফাৰমাচিউটিকেল চায়েন্স এণ্ড টেকন’লজি (কলকাতা) আৰু ড০ সুধীৰ চন্দ্ৰ সুৰ ডিগ্ৰী ইঞ্জীনিয়াৰিং (কলকাতা)ত নাম ভৰ্তি কৰিবলৈ সুযোগ পাব।

কলেজসমূহৰ ৱেবচাইটত থকা পাঠ্যক্ৰমসমূহত যোগ্য প্ৰাৰ্থীসকলে অনলাইন ৱেবচাইটৰ মাধ্যমেৰে অথবা অফলাইনত www.cpai.in ৱেবচাইটৰ পৰা আবেদনপত্ৰ ডাউনলোড কৰি আবেদন কৰিব পাৰিব৷

সংবাদমেলত উপস্থিত থকা শান্তনু মুখাৰ্জী আৰু পিন্টু গুপ্তাই উল্লেখ কৰা অনসৰি অহা ৬ মে পৰ্যন্ত প্ৰাৰ্থীসকলে অফ লাইন আৰু অনলাইন যোগে আবেদন কৰিব পাৰিব৷