ঈশ্বৰৰ সৃষ্টিত সকলো মানুহেই গুৰুত্বপূৰ্ণ৷ জন্মৰে পৰা কোনো শিশু মুক-বধিৰ হঁলেও প্ৰতিটো শিশুৱেই একো একোটি মানৱ সম্পদ৷ প্ৰতিটো শিশুকেই জীৱন যুদ্ধৰ বাবে যোগ্য কৰি তোলা সকলোৰে কৰ্তব্য৷ 

মুক-বধিৰ সকলক শিক্ষা প্ৰদানৰ বাবে প্ৰয়োজনীয় সাংকেতিক ভাষা উদ্ভাৱন কৰা চাৰ্লছ মিচেল ডি এপীৰ আজিৰ পৰা ৩০০ বছৰ আগতে জন্ম হৈছিল৷ এইজনা মহান ব্যক্তিৰ ওপজা দিনত গুগলে তেওঁক সন্মান যাচিছে৷

২৪ নৱেম্বৰ দিনটো মুক-বধিৰসকলৰ বাবে বিশেষ দিন। সাংকেতিক ভাষাৰে মুক-বধিৰক নতুন জীৱন দিয়া ফ্ৰান্সৰ শিক্ষাবিদ চাৰ্লছ মিচেল ডি এপীৰ জন্ম হয় আজিৰ দিনটোতেই৷ চাৰ্লছ মিচেলে ফ্ৰান্সত স্কুল প্ৰতিষ্ঠা কৰি দুখীয়া ল’ৰা-ছোৱালীক আৰু মুক-বধিৰ সকলক শিক্ষা প্ৰদান কৰিছিল৷

মুক-বধিৰসকলৰ পিতৃ স্বৰূপ চাৰ্লছ মিচেল ডি এপীৰ ৩০৬ সংখ্যক জন্মদিন উপলক্ষে গুগলে চাৰ্চ ইঞ্জিনত ডি এপীয়ে আৱিষ্কাৰ কৰা সাংকেতিক ভাষা ব্যৱহাৰ কৰি মহান লোকজনলৈ সন্মান জনাইছে৷ উদাৰ আৰু সহানুভূতিশীল মনোভাবৰ বাবেই ফ্ৰান্সৰ ৰাষ্ট্ৰীয় সভাই এপীক মানৱ সেৱকৰ সন্মান প্ৰদান কৰিছিল৷ তেওঁৰ বাবেই মুক-বধিৰসকলে ফ্ৰান্সত পূৰ্ণ নাগৰিকৰ অধিকাৰ লাভ কৰিছিল৷