Printer-friendly version

newsnextone.com | ডিজিটেল ডেস্কঃ গুগল। কোনে লোকে বিপদত নপৰাকৈ তথ্য লাভৰ এক ভাণ্ডাৰ হোৱাৰ লগতে গুগল হ’ল বিশ্বৰ অন্যতম চহকী চাৰ্জ ইঞ্জিন প্ৰতিষ্ঠান৷ স্মাৰ্ট ফোন আৰু ইণ্টাৰনেট সেৱাৰ দ্ৰুত ব্যৱহাৰৰ লগে লগে গুগলৰ প্ৰয়োজনীয়তা কিমান সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷ বিশ্বৰ ভিন্ন প্ৰান্তৰ লগতে আমাৰ দেশতো অধিক জনপ্ৰিয় হৈ পৰিছে গুগল৷ 

তথ্যৰ ভাণ্ডাৰ গুগলে আনিছে ভাৰতৰ বাবে এটা ভাল খবৰ৷ ইতিমধ্যে কৰি থোৱা ঘোষণা অনুসৰি দেশৰ বহু ৰেল ষ্টেচনত গুগলে দিব বিনামূলীয়া ইণ্টাৰনেট সেৱা৷ গুগলে নিজৰ জনপ্ৰিয়তা আৰু ব্যৱসায় বৃদ্ধিৰ লক্ষ্যৰে ৰেল ষ্টেচনক বিনামূলীয়া ইণ্টাৰনেট সেৱা আগবঢ়াব৷ 

এতিয়া আৰু ৰে’ল ষ্টেচনত এনেয়ে বহু সময় অতিবাহিত কৰাৰ দিন উকলিব৷ কিয়নো ইণ্টাৰনেট সেৱা হ’ব বিনামূলীয়া৷ দেশৰ ৪০০ ৰে’ল ষ্টেচনত বিনামূলীয়া ৱাই-ফাইৰ সেৱা আগবঢ়াইছে গুগলে৷ ২০১৬ চনত ডিজিটেল ভাৰতৰ কাৰ্যসূচীৰ জৰিয়তে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই মুম্বাই ৰে’ল ষ্টেচনত এই সেৱাৰ প্ৰথম আৰম্ভণি কৰা হৈছিল৷ শীঘ্ৰে অসমৰ ডিব্ৰুগড় ৰে’ল ষ্টেচনকে ধৰি আন আন ৰেল ষ্টেচনত এই সেৱা আগবঢ়াব গুগলে৷ মুঠ ৪০০ টা ষ্টেচনলৈ বৃদ্ধি কৰিব খোজা এই সেৱাৰ সুযোগ জনগণে লাভ কৰিব বুলি মত ব্যক্ত কৰে গুগলে৷ 

প্ৰথমতে দেশৰ আটাইতকৈ ব্যস্ত ১০০টা ৰে’ল ষ্টেচনত এই সেৱা আগবঢ়াব৷ এই সেৱাৰ দ্বাৰা ১৫ হাজাৰ লোকে ইণ্টাৰনেটৰ লাভ উঠাবলৈ সক্ষম হ’হ৷ যদিও কিছু নিয়ম নীতি বান্ধি দিয়া হৈছে এই সেৱাত৷ অৰ্থাৎ প্ৰথমাৱস্থাত ৩০ মিনিটলৈকে উপভোক্তাই বিনামূলীয়াভাৱে ইণ্টাৰনেট সেৱা লাভ কৰিব৷