বাণিজ্য প্ৰতিবেদনঃ গুগলৰ সহায়ত অনাগত সময়ত এক নতুন ৰূপ লাভ কৰিব ভাৰতে। ভাৰতত মাৰ্কিন প্ৰতিষ্ঠানটোৱে ৭৫ হাজাৰ কোটি টকা বিনিয়োগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে এই আশা দেখা গৈছে। প্ৰকাশিত বাতৰি অনুযায়ী অহা ৫-৭ বছৰলৈকে উক্ত ধনৰাশিৰ জৰিয়তে ভাৰতত বিভিন্ন আঁচনি ৰূপায়ণ কৰিব মাৰ্কিন প্ৰতিষ্ঠানটোৱে। 

এই বৃহৎ ধনৰাশি ব্যয় কৰা হ’ব ডিজিটেল উদ্ভাৱন অৰ্থাৎ ইণ্টাৰনেটৰ পৃথিৱীত নতুন কাম কৰা অথবা কাৰিকৰী কেন্দ্ৰ স্থাপনৰ ক্ষেত্ৰত। গুগলৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাইয়ে  ১৩ জুলাইত "গুগল ফৰ ইণ্ডিয়া" কাৰ্যসূচীত এই ঘোষণা কৰে। উক্ত কাৰ্য্যসূচীত গুগলক সহযোগিতা আগবঢ়াইছে ভাৰতৰ ইলেকট্ৰনিক এণ্ড ইফৰ্মেচন টেকনলজী বিভাগে। বিষয়টোক লৈ সুন্দৰ পিচাইয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতেও আলোচনাত মিলিত হয়।

আশাবাদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এই আলোচনা সন্দৰ্ভত টুইটযোগে দেশবাসীক জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। "আজি পুৱা সুন্দৰ পিচাইৰ লগত বহু লাভৱান হ’ব পৰা কথা আলোচনা কৰো। আমি বহু বিষয়ৰ লগতে বিশেষকৈ ভাৰতীয় কৃষক, যুৱক আৰু উদ্যমীসকলৰ জীৱন পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰো। আমি ক্ৰীড়াজগতৰ আৰম্ভ কৰি প্ৰতিটো ক্ষেত্ৰতে দেখা দিয়া মহামাৰীৰ প্ৰভাৱৰ বিষয়ৰ কথা পাতো। ইয়াৰ লগতে ডাটা চিকিউৰিটি, চাইবাৰ স্পেচ আদিৰ দৰে বিষয়ো আলোচনা কৰো।’-গুগলে শিক্ষা, ডিজিটেল ইণ্ডিয়া, ডিজিটেল প্ৰমোশ্যন আদি ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি উল্লেখ কৰি এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

কি ক'লে পিচাইয়ে?

বিষয়টো সন্দৰ্ভত গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়েও মন্তব্য কৰে। তেওঁ কয়, "গুগলে ভাৰতত ডিজিটেলাইজেশ্যনৰ বাবে বৃহৎ ধনৰ এক আঁচনি তৈয়াৰ কৰিছে। এই ধন দহ বিলিয়ন ডলাৰ যি নেকি ভাৰতীয় টকাৰ হিচাপত ৭৫ হাজাৰ কোটি টকা। বুজি লওক যে এই টকাৰে ভাৰতে ৭৭ বাৰ চন্দ্ৰযান-২ ৰ দৰে মিছন সম্পূৰ্ণ কৰিব পাৰে। কাৰণ চন্দ্ৰযান-২ৰ মিছনত ৯৭০ কোটি টকা ব্যয় কৰা হৈছিল। 

পিচাইয়ে আৰু কয়, '৭৫ হাজাৰ কোটি টকাত অহা ৫-৭ বছৰত গুগলে নিজাববীয়াকৈ অংশ লৈ ডিজিটেল আন্তঃগাথনি নিৰ্মাণৰ ক্ষেত্ৰত খৰছ কৰিব। গুগলে ভাৰতীয় কোম্পানীৰ সৈতে মিলি কাম কৰিব। কিছুমান কাম নিজাববীয়াকৈও কৰিব আৰু কিছুমান কামৰ বাবে আৰ্থিক সহায় আগবঢ়াব।’

গুগলৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে উক্ত ধনেৰে ইণ্টাৰনেটক ভাৰতীয়কৰণ কৰি তোলা হ’ব বুলিও উল্লেখ কৰে। তেওঁ কয়, 'গুগলৰ বহুত সেৱা-সুবিধা এতিয়া ভাৰতীয় ভাষাসমূহত উপলব্ধ হ’ব। ইয়াৰ জৰিয়তে সাধাৰণ মানুহে নিজৰ প্ৰয়োজনমতে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব। মুঠৰ ওপৰত প্ৰতিজন ভাৰতীয়ৰ নিজা ভাষা ইণ্টাৰনেটত উপলব্ধ হ’ব।’

কি কি ক্ষেত্ৰত ধন বিনিয়োগ কৰা হ’ব?

প্ৰথমতে ইণ্টাৰনেটত ভাৰতীয় ভাষাসমূহ সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত কৰাত ধন বিনিয়োগ কৰা হ’ব।  হিন্দী, তামিল, তেলেগু, মাৰাঠী, পঞ্জাৱী, বাংলা যিয়েই নহওঁক কিয় সকলো ভাষাতে ইণ্টাৰনেটৰ সেৱাসমূহ উপলব্ধ কৰি তোলা হ’ব।

দ্বিতীয়তে ভাৰতীয়সকলৰ প্ৰয়োজনৰ ওপৰত নিৰ্ভৰ কৰি নতুন প্ৰডাক্ট আৰু সেৱা তৈয়াৰ কৰা হ’ব।

তৃতীয়তে সৰু সৰু ক্ষেত্ৰত জড়িতসকলে যাতে ইণ্টাৰনেট ব্যৱহাৰ কৰি নিজৰ কামত আগবাঢ়ি যাব পাৰে তাৰ ব্যৱস্থা কৰা হ’ব। সকলোকে ডিজিটেলি সক্ষম কৰি তোলা হ’ব যাতে ইণ্টাৰনেটৰ জৰিয়তে নিজৰ কামসমূহ সহজতে সম্পন্ন কৰিব পাৰে। 

চতুৰ্থতে ভাৰতীয়সকলৰ প্ৰতিটো কামতে ডিজিটেল কৌশল আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ব্যৱহাৰক গুৰুত্ব দি আগবঢ়াই লৈ যোৱা হ’ব। ইয়াৰ জৰিয়তে স্বাস্থ্য, শিক্ষা আৰু খেতিৰ দৰে দিশ সমৰি লোৱা হ’ব।

উদাহৰণৰে বুজাই দিলে পিচাইয়ে

সৰ্বসাধাৰণ ভাৰতীয়সকলে যাতে গুগলৰ বিনিয়োগৰ ফলত হোৱা লাভৰ সমগ্ৰ প্ৰক্ৰিয়া বুজিব পাৰে তাৰ বাবে দুটা উদাহৰণ উল্লেখ কৰিছে চিইঅ’গৰাকীয়ে। প্ৰথম উদাহৰণত তেওঁ বানপানীৰ পূৰ্বানুমানৰ প্ৰসংগ অৱতাৰণা কৰিছে। তেওঁ কয় যে গুগলে ভাৰতৰ ইণ্টাৰনেটৰ ক্ষেত্ৰত ধন বিনিয়োগ কৰাৰ ফলত বানপানীৰ পূৰ্বানুমান লাভ কৰাতো সহজ হৈ পৰিব। এই পূৰ্বানুমানৰ ফলত বানপানী হোৱাৰ সম্ভাৱনা থকা  ঠাইসমূহক তাৎক্ষণিক ভাৱে খালী কৰিব পৰা যাব। ফলত  ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস পাব। 

দ্বিতীয় উদাহৰণত তেওঁ অনলাইন পাঠদান কৰা বোল’ এপৰ বিষয়ে কয়। বৰ্তমান এই এপৰ নাম ৰখা হৈছে "ৰিড অনলাইন"। ইয়াৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে নিজে অনলাইনযোগে পঢ়া-শুনা কৰিব পাৰিব। এই এপটো ভাৰতৰ বাবে বিশেষভাৱে তৈয়াৰ কৰা হৈছিল। বৰ্তমান এই এপ ১৮০ খন দেশত উপলব্ধ আৰু ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হৈছে।

পিচাইৰ বিশেষ পইণ্ট

"গুগল ফৰ ইণ্ডিয়া" কাৰ্যসূচীত পিচাইয়ে আন কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। এনে মন্তব্যসমূহৰ জৰিয়তে গুগলে ভাৰতত নীৰৱে ইণ্টাৰনেটৰ ক্ষেত্ৰখনত আগুৱাই লৈ যাবলৈ কি কি কৰি গৈছে তাৰ আভাস পাব পাৰি। তলত তেনে কেইটিমান গুৰুত্বপূৰ্ণ মন্তব্য উল্লেখ কৰা হ’ল।
 
পিচাইয়ে 'ইণ্টাৰনেট সাথী’ নামৰ কাৰ্যসূচীৰ সফলতাৰ কথা উল্লেখ কৰে। তেওঁ দাবী কৰে যে ইয়াৰ জৰিয়তে ভাৰতৰ কেবা কোটি মহিলাই ডিজিটেল প্ৰশিক্ষণ লাভ কৰিবলৈ সমৰ্থ হৈছ। এই কাৰ্যসূচী ভাৰতত টাটা ট্ৰাষ্ট আৰু গুগলে যৌথভাৱে ৰূপায়ণ কৰিছে। ইয়াৰ জৰিয়তে মহিলাসকলক মোবাইল আৰু ইণ্টাৰনেট ব্যৱহাৰৰ প্ৰশিক্ষণ দি অহা হৈছে।

পিচাইয়ে জনোৱা মতে ভাৰতত ১০ লাখৰো অধিক ছাবছক্ৰাইবাৰ থকা ২৫০০ৰ অধিক ইউটিউব ক্ৰিয়েটৰ আছে। ৰসিকতাৰে চিইঅ’গৰাকীয়ে কয় যে যোৱা কেইসপ্তাহমানত এনে ইউটিউব চেনেলৰ ভিডিঅ’ চাই তেওঁ পনীৰ মাখন আৰু পিজ্জা বনাবলৈ শিকিছে।

ভাৰতত আজিৰ তাৰিখত ২.৬০ কোটি ক্ষুদ্ৰ ব্যৱসায়ীয়ে ইণ্টাৰনেট ব্যৱহাৰ কৰি লাভান্বিত হোৱাৰ কথাও উল্লেখ কৰে গুগলৰ চিইঅ’গৰাকীয়ে। এইসকল ব্যৱসায়ীৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোকেশ্যন গুগল মেপত উপলব্ধ বুলিও মন্তব্য কৰে পিচাইয়ে। অনাগত সময়ত হোৱা একাধিক উদ্ভাৱনত ভাৰতে নেতৃত্ব প্ৰদান কৰিবলৈ সমৰ্থ হ’ব বুলিও আশা প্ৰকাশ কৰে বিশ্বৰ আগশাৰীৰ তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানটোৰ প্ৰধানগৰাকীয়ে।