ডিজিটেল ডেস্কঃ এইবাৰ মহ নিধন কৰিবলৈ আগবাঢ়িছে গুগল আৰু মাইক্ৰছফটে৷ মহৰ দ্বাৰা হ’ব পৰা ৰোগসমুহ ৰোধ কৰিবলৈ তৎপৰ হৈ পৰিছে এই দুই প্ৰতিষ্ঠান৷ 

অটোমেছন আৰু বেৰোটিকছ প্ৰযুক্তিৰ সহায়ৰে এই ৰোগসমুহ প্ৰতিৰোধ কৰিব গুগল আৰু মাইক্ৰছফটে৷ মহৰ নিধন কৰিবলৈ কোনো প্ৰযুক্তিৰ প্ৰতিষ্ঠান আগবাঢ়ি অহা ঘটনা এয়েই প্ৰথম৷ 

সমগ্ৰ বিশ্বতে মহৰ দ্বাৰা হোৱা ৰোগসমুহে সন্ত্ৰাসৰ সৃষ্টি কৰিছে৷ ডেংগী, চিকুনগুনীয়াৰ পিছত এতিয়া জিকা ভাইৰাছে গ্ৰাস কৰিছে ভালেকেইখন দেশক।

দক্ষিণ আমেৰিকা আৰু আফ্ৰিকাৰ কেইবাখনো দেশত জিকা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ গৰ্ভৱতী মহিলাৰ শৰীৰত জিকা ভাইৰাছে প্ৰৱেশ কৰিলে জন্ম হ’ব পাৰে অপৈণত মস্তিস্কৰ শিশু৷  

সেয়ে এয়া প্ৰতিৰোধ কৰাৰ বাবে কেলফৰ্ণিয়াৰ ভেৰিলি নামৰ জৈৱ বিজ্ঞান প্ৰতিষ্ঠানটোৰ লগত মিলি এই পদক্ষেপ হাতত লৈছে গুগুল আৰু মাইক্ৰছফটে৷