গোৰেশ্বৰঃ ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ ভোট গ্ৰহণলৈ সাজু হৈ উঠিছে বিজেপি, এজেপি আৰু বিপিএফৰ মিত্ৰজোঁটৰ দল। "এবছু এনডিএফ বি সৈতে যদি থাকে তেন্তে ধ্বংস হ'ব বড়ো জাতি।" এই মন্তব্য বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। 

বাগসা জিলাৰ গোৰেশ্বৰৰ বেঙেনাহাটী সত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দীলিপ শইকীয়াৰ সমৰ্থনত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত উপস্থিত থাকি মহিলাৰীয়ে এনেদেৰে কয়। তেওঁ আৰু কয় যে এবছু আৰু এনডিএফবিয়ে মানুহক ভয় ভাবুকি দেখুৱাই ভোট আদায় কৰিব বিচাৰিছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত ইউপিপিএলৰ প্ৰাৰ্থী ইউজি ব্ৰহ্ম পৰাজিত হোৱাৰ শংকা কৰি এতিয়া এনডিএফবিয়ে বন্দুক লৈ ভোটাৰক ভাবুকি প্ৰদান কৰিছে। 

২০২১ চনৰ বিধান সভা নিৰ্বাচনত বিজেপি, এজেপি, বিপিএফ মিত্ৰজোটৰে চৰকাৰ হ'ব বুলি দাবী কৰি হাগ্ৰামাই কয় যে এইবাৰৰ লোকসভা নিৰ্বাচনতো ১৪ টা সমষ্টিৰ ভিতৰত মংগলদৈতে বিজিপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দীলিপ শইকীয়াই সৰ্বাধিক ভোট লাভ কৰিব। বিটিচিৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে পৰিচালনা কৰা সভাত বিটিচিৰ ইএম গণেশ কচাৰী, মন্ত্ৰী ভৱেশ কলিতা, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, প্ৰাৰ্থী দীলিপ শইকীয়াই উপস্থিত থাকি ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ ভাষণ প্ৰদান কৰে। নিৰ্বাচনী সভাত ইএম গণেশ কচাৰীয়ে কয় যে এইবাৰ আমি নাঙলেৰে হাতীৰ সহায়ত হাল বাই অসমত পদুল ফুলাম। কোকৰাঝাৰত নৱ শৰণীয়াই বড়ো আৰু অবড়ো ৰাজনীতি কৰি কোনো সফলতা লাভ কৰিব নোৱাৰে। এইবাৰ অসমৰ ১৪ খনৰ ১২ খন লোকসভাৰ আসনে বিজেপি মিত্ৰজোঁটে লাভ কৰিব বুলি দাবী কৰে গণেশ কচাৰীয়ে। 

সভাত মন্ত্ৰী ভৱেশ কলিতাই কয় যে ১৫ বছৰে সাংসদ হৈ থকা কংগ্ৰেছ দলৰ ভূৱনেশ্বৰ কলিতাৰ দ্বাৰা কাম কৰাৰ কোনো এটা নমুনা বা আঁচনি  ফলক এই অঞ্চলত নাই বুলি কটাক্ষ কৰে। অসমৰ সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হ'বলৈ হ'লে মোদী চৰকাৰ আনিবই লাগিব বুলি কয় মন্ত্ৰী ভৱেশ কলিতাই। ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সভাত ভাষণ প্ৰদান কৰি ইউপিপিএলক এট ডাষ্টবিন বুলি মন্তব্য কৰে। তেওঁ বিজেপি মিত্ৰজোঁট প্ৰাৰ্থী দীলিপ শইকীয়াক বিপুল ভোটত জয়ী কলিবলৈ উপস্থিত ৰাইজলৈ আহ্বান জনায়।