বিশেষ প্ৰতিবেদনঃ কিমান সফল লকডাউন? লকডাউনৰ ২১ দিনীয়া প্ৰথম পৰ্যায়ৰ সমাপ্তিৰ পিছত এতিয়া সমগ্ৰ দেশতে ৩ মে’লৈকে অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ লকডাউন। ইয়াৰ মাজতে উত্থাপিত হৈছে এই প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা কেন্দ্ৰ চৰকাৰে লকডাউন সম্পূৰ্ণৰূপে সফল হোৱা বুলিয়েই দাবী কৰি আহিছে।

'যদিহে ভাৰতে সামগ্ৰিকভাৱে আৰু সুসংহতভাৱে আৰু সময়মতে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ নকৰিলেহেতেন তেন্তে আজি দেশত কি পৰিস্থিতিৰ উদ্ভৱ হ’লহেতেন সেয়া ভাবিবলৈকে ভয় লাগে। পূৰ্ব অভিজ্ঞতাৰ পৰা এয়া স্পষ্ট যে আমি বৰ্তমানৰ পৰিস্থিতিত সঠিক পথেৰেই আগবাঢ়িছো। লকডাউন আৰু সামাজিক ব্যৱধানৰ জৰিয়তে দেশে আশাব্যঞ্জক সফলতা লাভ কৰিছে।’-লকডাউন পূৰ্বপৰিকল্পিতভাৱেই কৰা হৈছে বুলি উল্লেখ কৰি ১৪ এপ্ৰিলত ইয়াৰ সময়সীমা বৃদ্ধি কৰাৰ কথা ঘোষণা কৰি এই দাবী কৰিছিল মোদীয়ে। 

চৰকাৰে এনে দাবী কৰিলেও নিটি আয়োগৰ সদস্য তথা মহামাৰী ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ এজন শীৰ্ষ উপদেষ্টা বিনোদ কে পলে আগবঢ়োৱা এক প্ৰেজেণ্টেশ্যনত দেখা গৈছে যে ইয়াৰ এক সম্পূৰ্ণ বিপৰীত ছবি। www.article-14.com নামৰ আগশাৰীৰ ৰিচাৰ্ছ আৰু ডাটা এনালাইছিছ ৱেবছাইটত প্ৰকাশ পাইছে নীতি আয়োগৰ সদস্যগৰাকীয়ে চৰকাৰক প্ৰেজেণ্টেশ্যনৰ জৰিয়তে আগবঢ়োৱা সবিশেষ। 

ৱেবছাইটটোত দেশৰ আগশাৰীৰ স্বাস্থ্য সংস্থা ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰে নিজাববীয়া গৱেষণাৰ অন্তত প্ৰস্তুত কৰা খচৰা প্ৰতিবেদনৰ বিষয়েও সবিশেষ উল্লেখ কৰিছে। আইচিএমআৰৰ খচৰা প্ৰতিবেদন আৰু বিশেষজ্ঞ প’লৰ প্ৰেজেণ্টশ্যনৰ ভিতৰচ’ৰালৈ গ’লে স্পষ্ট হৈ পৰে যে 'লকডাউনে কৰ’না মহামাৰী ৰোধ কৰিব নোৱাৰে, কেৱল ই ভাইৰাছবিধৰ সংক্ৰমণৰ গতিহে হ্ৰাস কৰিব’ বুলি চৰকাৰে আগতীয়াকৈ অৱগত হৈছিল।

নীতি আয়োগৰ সদস্য তথা মহামাৰী বিশেষজ্ঞ প’ল আৰু আইচিএমআৰৰ বিশেষজ্ঞসকলে কৈছে যে লকডাউন হৈছে চৰকাৰৰ বাবে ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিবলৈ পৰ্যাপ্ত চিকিৎসা ব্যৱস্থা গঢ়ি তোলাৰ সময়। ইয়াৰ লগতে এপ্ৰিলৰ প্ৰথম সপ্তাহতে 'আন কোনো বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ নকৰাকৈ লকডাউন উঠাই দিলে সংক্ৰমণ অধিক ভয়াৱহ হৈ পৰিব’ বুলিও চৰকাৰক সকীয়াই দিছিল বিশেষজ্ঞসকলে। কিন্তু পৰিতাপৰ কথা এয়ে যে লকডাউনৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান দিনহে বাকী আছে যদিও চৰকাৰে তেনেধৰণৰ কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

কি আছে article-14.comৰ প্ৰতিবেদনত?

গৱেষণা বিষয়ক ৱেবছাইটটোৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  যোৱা ২৪ মাৰ্চত সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাৰ ঠিক এসপ্তাহ পিছতে দেশৰ আগশাৰীৰ স্বাস্থ্য সংস্থা ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰ-এ চৰকাৰক সাৱধান কৰি দিছিল যে ক’ভিড-১৯ মহামাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত লকডাউনৰ প্ৰভাৱ তেনেই সামান্য আৰু ক্ষণস্থায়ী হোৱাৰ লগতে এই লকডাউন কেৱল ২০-২৫ শতাংশ সংক্ৰমণ প্ৰতিৰোধতহে সহায়ক হ’ব।
  
'চিকিৎসা বিজ্ঞানীসকলে চৰকাৰক সকীয়াই দিছিল যে মহামাৰী প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰে যদি আন বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন নকৰে তেন্তে লকডাউনৰ প্ৰভাৱ তেনেই সামান্য আৰু "ক্ষণস্থায়ী" হোৱাতো নিশ্চিত। আইচিএমআৰে ৰাজহুৱা নকৰিলেও তেওঁলোকৰ নিজাববীয়া এক অধ্যায়নৰ ওপৰত ভিত্তি কৰি এই বিষয়ে চৰকাৰক অৱগত কৰিছিল। আইচিএমআৰৰ তথ্যৰ উদ্ধৃতি দি এই মহামাৰী ৰোধৰ ক্ষেত্ৰত চৰকাৰৰ এজন শীৰ্ষ উপদেষ্টা বিনোদ কে পলে চৰকাৰক জনাই যে অনাগত কেইটামান দিনৰ ভিতৰতে এজনৰ পৰা আন এজনলৈ সহজ সংক্ৰমণ (Generalised transmission) স্পষ্ট হৈ পৰিব।’-এইদৰে উল্লেখ আছে article-14.comৰ বিশেষ প্ৰতিবেদনত। 

কি কি পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল বিশেষজ্ঞসকলে?

লকডাউনৰ সময়ছোৱাত চৰকাৰক কেবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল বিশেষজ্ঞসকলে। এই পদক্ষেপসমূহৰ ভিতৰত আছে প্ৰভাৱান্বিত অঞ্চলসমূহত ঘৰে ঘৰে গৈ স্ক্ৰিনিঙৰ ব্যৱস্থা কৰা আৰু লক্ষণ দেখা পোৱা হোৱাসকলক অধিক মাত্ৰাত কোৱাৰেণ্টাইন কৰা। এক লেখ অংকনৰ জৰিয়তে বিশেষজ্ঞ প’লে যেতিয়া মহামাৰীয়ে সৰ্বোচ্চ সীমা পাব আৰু সংক্ৰমণ হ্ৰাস পাই মহামাৰী শাম কাটিব তেতিয়া কিদৰে এই পদক্ষেপসমূহৰ বাবে কৰ’নাক্ৰান্তৰ সংখ্যা যথেষ্ট হ্ৰাস পাব সেয়াও আঙুলিয়াই দেখাইছে। 

প্ৰেজেণ্টেশ্যনৰ সময়ত প’লে স্পষ্টকৈ কৈছে যে 'এই পদক্ষেপসমূহৰ বাবে প্ৰস্তুতি সম্পন্ন কৰি তোলাৰ পিছতহে লকডাউন ঘোষণা কৰাতো সাৰ্থক হৈ পৰিব’। তেওঁ কৈছে যে, চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা সময়ৰে পৰা 'ৰাষ্ট্ৰীয় আৰু জিলা ভিত্তিক পৰিসংখ্যাৰ ক্ষেত্ৰত লকডাউন শেষ হোৱাৰ পূৰ্বৰ আনুমানিক ফলাফল পাবলৈ 'পৰিকল্পনা আৰু তথ্য সংগ্ৰহৰ’ বাবে এসপ্তাহ হাতত লোৱাতো প্ৰয়োজনীয় আছিল।

প’লৰ প্ৰেজেণ্টেশ্যনত জ্বৰ আৰু কাঁহত ভুগি থকা দেশৰ অসংখ্যা লোকক স্ক্ৰীণিং কৰিবৰ বাবে চৰকাৰক কেবাটাও বিষয়ত নিশ্চিত হৈ ল’বলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। চৰকাৰে নিশ্চিত কৰিবলগীয়া এই বিষয়সমূহ হৈছেঃ

• দৰিদ্ৰ লোকসকলক ঘৰে ঘৰে খাদ্য আৰু অত্যাৱশ্যাকীয় সামগ্ৰী যোগান ধৰা।
• প্ৰতিখন জিলাতে ক’ভিড-১৯ৰ পৰীক্ষাৰ ব্যৱস্থা কৰা আৰু সংক্ৰমণৰ হাৰ পৰ্যবেক্ষণ কৰা।
• সংক্ৰমিত লোকসকলক চিহ্নিত কৰিবৰ বাবে পৰীক্ষণকে আদি কৰি সকলো ব্যৱস্থা খৰতকীয়া কৰি তোলা।
• অধিক জনসংখ্যাৰ ঘনত্ব থকা অঞ্চলসমূহ যেনে বস্তি অঞ্চল আদিত কেন্দ্ৰীয়ভাৱে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা। 
• সংক্ৰমণ অধিক হোৱা সময়ছোৱাত আইচিইউ আৰু চিকিৎসালয়ৰ বিছনাৰ সংখ্যা বৃদ্ধি কৰা।

প’লৰ মতে লকডাউন সত্বেও বিশেষজ্ঞসকলে পূৰ্বানুমান কৰা ক’ভিড-১৯ৰ সংক্ৰমণৰ সংখ্যা অনুযায়ী এপ্ৰিলৰ আৰম্ভণিৰ সময়লৈকে প্ৰয়োজনীয় ভেণ্টিলেটৰ আৰু চিকিৎসালয়ৰ বিছনা ভাৰতে সাজু কৰি তুলিব পৰা নাই।

প’লে উনুকিয়াই দিছে যে ক্ৰমাৎ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই সেই অনুপাতে চিকিৎসাৰ সুবিধা কৰিবলৈ দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব। তেওঁ এক হিচাপ কৰি দেখুৱাইছে যে যদিহে কোনো এক অঞ্চলত দিনে ৫০০ জন লোক সংক্ৰমিত হয় তেন্তে চৰকাৰে ১৫০ টা ভেণ্টিলেটৰ, ৩০০ আইচিইউ আৰু ১২০০-১৬০০ বিছনা উক্ত অঞ্চলত উপলব্ধ কৰাব লাগিব। 

লকডাউনে সংক্ৰমণৰ সম্ভাৱনা কিমান হ্ৰাস কৰিব?

দেশৰ আগশাৰীৰ স্বাস্থ্য বিশেষজ্ঞ, প্ৰাক্তন আইএএছ, আইপিএছ বিষয়া আৰু উচ্চতন ন্যায়ালয়ৰ কেবাগৰাকী প্ৰাক্তন ন্যায়াধীশ তথা জ্যেষ্ঠ সাংবাদিক জড়িত হৈ থকা গৱেষণামূলক ৱেবছাইট article-14.comৰ বিশেষ প্ৰতিবেদনত উল্লেখ কৰা মতে আইচিএমআৰে গৱেষণাৰ অন্তত নিজাববীয়া মূল্যায়নত কৈছে যে ক’ভিড-১৯-ৰ সংক্ৰমণৰ সৰ্বোচ্চ সীমা লকডাউনৰ ফলত ৪০ শতাংশ হ্ৰাস পাব পাৰে বুলি ধাৰণা কৰাতো তত্বগতহে। বাস্তৱিকতে লকডাউনে এই সীমা ২০-২৫ শতাংশ পৰ্যন্ত হ্ৰাস কৰিব পাৰিব বুলিহে মত ব্যক্ত কৰিছে আইচিএমআৰৰ বিশেষজ্ঞসকলে।  

এই মূল্যাংকনৰ দৃষ্টিৰে চালে পুনৰ ৩ মে’লৈকে বৃদ্ধি কৰিবলগীয়া হোৱা লকডাউন সফল হোৱা বুলি চৰকাৰে কৰা দাবী একপ্ৰকাৰ অসত্য হৈ পৰে।  ১৪ এপ্ৰিলত মোদীয়ে কৈছিল, 'যেতিয়া আমাৰ দেশত মাত্ৰ ৫৫০ জন কৰ’নাত আক্ৰান্ত হৈছিল তেতিয়াই ভাৰতে ২১ দিনীয়া সম্পূৰ্ণ লকডাউনৰ দৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ভাৰতে জটিলতা অধিক হৈ পৰালৈ অপেক্ষা নকৰিলে। ইয়াৰ পৰিৱৰ্তে আমি আৰম্ভণিতেই যিমান সম্ভৱ সিমান তাৎক্ষণিক সিদ্ধান্তৰে ইয়াক প্ৰতিহত কৰিবলৈ চেষ্টা কৰিলো।’ প্ৰধানমন্ত্ৰী মোদীৰ উক্ত মন্তব্যৰ সমৰ্থনত ১১ এপ্ৰিলত স্বাস্থ্য মন্ত্ৰণালয়ে সংবাদ মাধ্যমক লকডাউনৰ সাফল্যৰ উল্লেখ থকা এক লেখ চিত্ৰ প্ৰদান কৰে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে লকডাউন আৰু অন্যান্য পদক্ষেপৰ ফলত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১০ এপ্ৰিল পৰ্য্যন্ত ২,০৮,০০০ৰ পৰিৱৰ্তে ৭,৪৭৭তে বা ৩.৬০ শতাংশতে সীমাৱদ্ধ হৈ ৰৈছে। কিন্তু স্বাস্থ্য মন্ত্ৰণালয়ৰ লেখ চিত্ৰৰ হিচাপত বিশ্বৰ ভিতৰতে ভাৰতত যে অতি কম সংখ্যাক ক’ভিড-১৯ৰ টেষ্ট কৰা হৈছে সেয়া উল্লেখ কৰা হোৱা নাই বুলিও মন্তব্য কৰিছে বিশেষজ্ঞসকলে।  

'চৰকাৰে দাঙি ধৰা সংখ্যা বিশ্বাসযোগ্য নহয় কিয়নো আমাৰ টেষ্টিং হাৰ তেনেই সামান্য আৰু এপ্ৰিলৰ মাজভাগলৈকে লক্ষণ দেখা দিয়া কণ্টেক্ট হিষ্টৰী নথকাসকলক টেষ্টিঙৰ পৰা বাদ দিয়া হৈছে।’-এইদৰে কয় নেশ্যনেল হেলথ ছিষ্টেমছ ৰিছ’ৰ্চ চেণ্টাৰৰ প্ৰাক্তন কাৰ্যবাহী সঞ্চালক আৰু টাটা ইনষ্টিটিউট আব ছ’চিয়েল ছায়েন্সৰ স্কুল অব হেলথ ছিষ্টেম ষ্টাডিজৰ প্ৰাক্তন ডীন টি সুন্দৰমনে।

এয়া তাৎপৰ্যপূৰ্ণ যে পিছলৈ চৰকাৰে টেষ্টিং বৃদ্ধি কৰাৰ লগে লগে হটস্পট আৰু সংক্ৰমিত অঞ্চলৰ সংখ্যা মেট্ৰ’পলিটান চহৰসমূহ যেনে দিল্লী আৰু মুম্বাইত যথেষ্ট বৃদ্ধি পাইছে আৰু এই চহৰসমূহতে আছে দেশৰ মুঠ সংক্ৰমিত লোকৰ এক চতুৰ্থাংশ। 

লকডাউনৰ প্ৰথম সপ্তাহত, ৩১ মাৰ্চত চৰকাৰে উচ্চতম ন্যায়ালয়ৰ আগত দাবী কৰিছে, 'ভাইৰাছৰ সংক্ৰমণৰ শৃংখল ধ্বংস কৰিবলৈ আৰু সামাজিক ব্যৱধান সুনিশ্চিত কৰিবলৈ ৰাষ্ট্ৰযোৰা লকডাউন চিকিৎসাগত দিশটোৰ পৰা প্ৰয়োজনীয় বুলি জানিব পৰা গৈছে। ইয়াৰ বাবে চিকিৎসা বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শও পোৱা হৈছে। এই সিদ্ধান্ত বিশেষজ্ঞসকলৰ সৈতে সবিশেষ আলোচনাৰ অন্তত সম্ভাৱ্য সকলো দিশ চালি-জাৰি চাই গ্ৰহণ কৰা হৈছে।’

চৰকাৰৰ এনে দাবীৰ বিপৰীতে বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে সংক্ৰমণৰ সম্ভাৱনা থকা লোকসকলৰ মাজৰ তেনেই সীমিত সংখ্যকক টেষ্ট কৰি, সম্ভাৱ্য হটস্পটসমূহত সাধাৰণ পৰ্যবেক্ষণৰ জৰিয়তে চৰকাৰে সংক্ৰমণ কেৱল 'লোকেল ট্ৰান্সমিছন’ পৰ্যায় অৰ্থাৎ মূলত বিদেশৰ পৰা অহা লোকসকলৰ সংস্পৰ্শলৈ অহাসকলৰ মাজতে সীমাৱদ্ধ হৈ আছে বুলি ক’বলৈ চেষ্টা চলাই আহিছে।

আইচিএমআৰে চৰকাৰক কি পৰামৰ্শ আগবঢ়াইছে?

'নিয়ন্ত্ৰণৰ আন কোনো পদক্ষেপ গ্ৰহণ নকৰাকৈ লকডাউন উঠাই দিলে সংক্ৰমণ পুনৰ বৃদ্ধি পাব।’-এইদৰে কোৱা হৈছে আইচিএমআৰৰ আভ্যন্তৰীণ খচৰা প্ৰেজেণ্টেশ্যনত। এই পদক্ষেপসমূহৰ ভিতৰত আছে সমগ্ৰ দেশৰ প্ৰতিটো চুক-কোণৰ তথ্য সংগ্ৰহ কৰি, ঘৰে ঘৰে গৈ সপ্তাহত দুবাৰকৈ পৰ্যবেক্ষণ কৰা ক’ভিড-১৯ৰ উপসৰ্গই দেখা দিয়া সকলক অধিক হাৰত কোৱাৰেণ্টাইন কৰা।

লকডাউনে ক’ভিড-১৯ৰ সংক্ৰমণৰ ক্ষেত্ৰত সমগ্ৰ দেশতে কিদৰে প্ৰভাৱ পেলাইছে সেয়া বৰ্ণনা কৰিবলৈ দিল্লীৰ সংক্ৰমণৰ তথ্যৰ ওপৰত ভিত্তি কৰি আগতীয়া অনুমানৰ জৰিয়তে ২১ দিনীয়া লকডাউন সত্বেও দেশত অতিকমেও ১.৩ মিলিয়ন লোক সংক্ৰমিত হোৱাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰিছে আইচিএমআৰে।

লকডাউনে সংক্ৰমণৰ সৰ্বোচ্চ সীমা পোৱাত বিলম্ব ঘটাব পাৰে বুলি উল্লেখ কৰি আইচিএমআৰে নিজৰ মূল্যাংকনত কৈছে যে লকডাউন অবিহনে সংক্ৰমণৰ সৰ্বোচ্চ সীমা প্ৰথমজন আক্ৰান্ত ধৰা পৰাৰ ১০০-১৫০ দিনৰ ভিতৰত হ’ব পাৰে আৰু লকডাউনৰ ফলত সেই সীমা পাওতে সময় ল’ব পাৰে ১৫০-২০০ দিন। এই সময়ছোৱাত অৱশ্যে সমগ্ৰ দেশতে আক্ৰান্তৰ সংখ্যা একেই থাকিব বুলিও আইচিএমআৰৰ বিশেষজ্ঞসকলে সম্ভাৱনা ব্যক্ত কৰিছে।

বিশেষজ্ঞসকলৰ মতে লকডাউনৰ সময়সীমা বৃদ্ধিয়ে সৰ্বোচ্চ সংক্ৰমণৰ 'ঢৌ’ক দুৰ্বল কৰি তুলিলেও ইয়াক প্ৰযোজ্য কৰাত জটিলতাৰ উদ্ভৱ হোৱাতো নিশ্চিত। বিশেষজ্ঞসকলৰ এই পূৰ্বানুমানক সত্য প্ৰমাণিত কৰি ইতিমধ্যে দ্বিতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হোৱাৰ লগে লগে দেশৰ ভিন্ন প্ৰান্তত একাধিক খেলিমেলি আৰু অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাতৰি পোৱা গৈছে।

'এতিয়ালৈ সংক্ৰমণ ৰোধ কৰাৰ জ্ঞাত উপায়সমূহৰ একমাত্ৰ উপায় হৈছে আগতীয়া কোৱাৰেণ্টাইন।’-ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ পিছত কৰা কোৱাৰেণ্টাইনৰ লগতে ৰোগবিধৰ উপসৰ্গই দেখা দিয়া সকলকো কোৱাৰেণ্টাইন কৰাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি এইদৰে কৈছে আইচিএমআৰে।

আইচিএমআৰৰ বিজ্ঞানীসকলে 'সমূহীয়া টেষ্ট আৰু কোৱাৰেণ্টাইনৰ ব্যৱস্থা’ৰ জৰিয়তে ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ পৰামৰ্শ আগবঢ়াইছে। বিজ্ঞানীসকলে উপসৰ্গই দেখা দিয়া প্ৰতি দুজন ব্যক্তিক ৪৮ ঘণ্টাৰ ভিতৰত আৰু উপসৰ্গই দেখা দিয়া প্ৰতি ৪ জনৰ ৩জনক উপসৰ্গই দেখা দিয়াৰ ৪ দিনৰ ভিতৰত কোৱাৰেণ্টাইন কৰাবলৈ কৈছে।

আইচিএমআৰৰ পৰামৰ্শ কাৰ্যকৰী কৰিছেনে চৰকাৰে?

এতিয়ালৈ চৰকাৰে কেৱল মাত্ৰ ক’ভিড-১৯ পজিটিভ টেষ্ট কৰা হোৱাসকলকহে অথবা লক্ষণ দেখা দিয়াৰ পিছত নিজে চিকিৎসালয়লৈ অহাসকলকহে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে। আইচিএমআৰৰ বিজ্ঞানীসকলে ঘৰে ঘৰে গৈ অভিযান চলাই অধিক হাৰত পৰ্যবেক্ষণ আৰু টেষ্ট কৰাৰ লগতে উপসৰ্গই দেখা দিয়াসকলক লগে লগে কোৱাৰেণ্টাইন কৰিলৈকো পৰামৰ্শ আগবঢ়াইছে। অৰ্থাৎ বিশেষজ্ঞসকলৰ ভাষাত 'সংক্ৰমণৰ শৃংখল ভংগ কৰিবলৈ’ ২৪ মাৰ্চত চৰকাৰে দাবী কৰাৰ দৰেকৈ লকডাউনেই একমাত্ৰ উপায় নহয়।  

আইচিএমআৰৰ এই গৱেষণাৰ ভিত্তিত প’লে কৈছে যে লকডাউনে কেৱল চৰকাৰক সময়হে প্ৰদান কৰিব। এই সময়খিনিক চৰকাৰে টেষ্ট কৰাত আৰু চিকিৎসা সেৱা উন্নত কৰাত গুৰুত্ব দিবলৈ পৰামৰ্শ আগবঢ়াইছে প’লে আৰু ইয়াক প’লে 'ধাৰাবাহিক পৰিচৰ্যা’ হিচাপেও অভিহিত কৰিছে। তেওঁৰ প্ৰেজেণ্টেশ্যনত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হৈছে ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতি দ্বিতীয়জন লক্ষণে দেখা দিয়া ব্যক্তিক কোৱাৰেণ্টাইন কৰা।

বৰ্তমানলৈ একপ্ৰকাৰ বলপূৰ্বকভাৱে আৰু আৰক্ষীৰ বৰ্বৰতাৰ দ্বাৰা জাপি দিয়া হোৱা মাত্ৰ ৪ ঘণ্টা সময় দি লক্ষ লক্ষ লোকক খাদ্য, বাসস্থান আৰু সংস্থাপনহীন কৰি তুলি ঘোষণা কৰা এই লকডাউনক লৈ ইতিমধ্যে সমালোচনাও হোৱা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত বিশেষজ্ঞ প’লে উপসৰ্গই দেখা দিয়া প্ৰতি দ্বিতীয় ব্যক্তিক সেয়া জানিব পৰা হোৱাৰ ৪৮ ঘণ্টাৰ ভিতৰত কোৱাৰেণ্টাইন কৰিবলৈ ৰণকৌশলত বৃহৎ পৰিৱৰ্তন ঘটাব লাগিব বুলি মন্তব্য কৰিছে। অধিক হাৰত স্ক্ৰীণিং, পৰ্যবেক্ষণ, টেষ্টিং আৰু কোৱাৰেণ্টাইন দ্ৰুত গতিত কৰাবলৈকো প’লে পৰামৰ্শ আগবঢ়াইছে।

উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰণালয়েও লকডাউনৰ বাবে কৰ’না পজিটিভৰ 'ডাবলিং ৰেট’ৰ সময় বৃদ্ধি পোৱা বুলি প্ৰায় প্ৰতিখন সংবাদমেলতে দাবী কৰি আহিছে। কিন্তু ইয়াৰ বিপৰীতে লকডাউন অব্যাহত থকা সত্বেও দেশত কৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায়েই আছে। ২৩ এপ্ৰিল পৰ্যন্ত দেশত কৰ’না মহামাৰীত মৃত্যু হৈছে ৬৮১ জনৰ আৰু আক্ৰান্ত হৈছে ২১৩৯৩ জন। সেয়ে বিশেষজ্ঞসকলে চৰকাৰক সকীয়াই দি কৈছে যে হুৰমূৰকৈ ঘোষণা কৰা লকডাউনৰ দৰেকৈ এতিয়া যদি লকডাউনো কোনোধৰণৰ পৰিকল্পনা আৰু বিজ্ঞানসন্মত পদক্ষেপ অবিহনে উঠাই দিয়ে তেন্তে দেশত কৰ’না ভাইৰাছে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাতো একপ্ৰকাৰ নিশ্চিত।

পঢ়িবলৈ ক্লিক কৰক ►লকডাউনৰ সদব্যৱহাৰত ব্যৰ্থ নেকি চৰকাৰ! টাস্ক ফ'ৰ্চৰ বৈঠকত কি আলোচনা চলিছিল?