বিশেষ প্ৰতিবেদনঃ মহামাৰী কৰ’নাক প্ৰতিহত কৰিবলৈ ভাৰত চৰকাৰে যিধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই লৈ মুঠেই সুখী নহয় চৰকাৰে গঠন কৰি দিয়া টাস্ক ফ’ৰ্চৰ সদস্যসকল। ৰিচাৰ্ছ আৰু ডাটা এনালাইছিছ বিষয়ক আগশাৰীৰ ৱেবছাইট Article14-ৰ দুটা খণ্ডৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। প্ৰতিবেদনখনত মহামাৰী বিশেষজ্ঞ আৰু বিজ্ঞানীসকলৰ দ্বাৰা গঠিত টাস্ক ফ’ৰ্চৰ সদস্যসকলে বৈঠকত কি কি আলোচনা কৰিছিল সেই সম্পৰ্কে একাধিক গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে।  

প্ৰতিবেদনত কোৱা হৈছে যে বৈঠক আৰু প্ৰেজেণ্টেশ্যনৰ জৰিয়তে বিজ্ঞানীসকলে প্ৰয়োজনীয় আৰু বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়নি দি অহাৰ পিছতো ভাৰত চৰকাৰে তেনে পৰামৰ্শক আওকাণ কৰাৰ লগতে কাৰ্যব্যৱস্থা গ্ৰহণতো বিলম্ব কৰিছিল। একাংশ বিশেষজ্ঞই এপ্ৰিলৰ মাজভাগলৈকে চৰকাৰে পৰ্যবেক্ষণ আৰু পৰীক্ষণ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে।

বৈঠকত বিশেষজ্ঞৰ অসন্তুষ্টি

'ব্যৱস্থা গ্ৰহণ কৰিলে সকলো ঠিকেই থাকিব।’-যোৱা ২৯ মাৰ্চত সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানৰ ভেষজ বিভাগৰ মূৰব্বী ডাঃ নবীত উইগে চৰকাৰে গঠন কৰি দিয়া স্বাস্থ্য বিশেষজ্ঞৰ টাস্ক ফৰ্চৰ সদস্যসকলৰ আগত এইদৰে কৈছিল। 'এই বৈঠক বহু সময় ধৰি চলিছিল আৰু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। আমি সত্যতো ক’বই লাগিব।’-তেওঁ কয়।

'যদিহে আমি মুম্বাই, পুণে, দিল্লী অথবা বাংগালুৰুৰ লোকসকলক তেওঁলোকৰ নিজৰ চহৰত কি ঘটি আছে সেয়া ক’বলৈ সমৰ্থ নহয়, তেন্তে ৭০০ খন জিলাক কেনেকৈ অৱগত কৰিব পৰা যাব?’-একেখন বৈঠকত এনেদৰে প্ৰশ্ন কৰিছিল টাস্ক ফৰ্চৰ এজন সদস্যই।

২৪ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰজুৰি লকডাউন ঘোষণা কৰাৰ ৪ দিন পিছত চৰকাৰে স্বাস্থ্য বিশেষজ্ঞসকলৰ দ্বাৰা গঠন কৰি দিয়া টাস্ক ফৰ্চৰ সদস্যসকলে এক বৈঠকত মিলিত হৈছিল দিল্লীস্থিত এইমছত। এই বৈঠকত অংশগ্ৰহণ কৰি ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰৰ মহামাৰী আৰু সংক্ৰমিত ৰোগ শাখাৰ মূৰব্বী ৰমন গংগাখেদকাৰ আৰু আগশাৰীৰ বিজ্ঞান সংস্থাসমূহৰ সদস্যসকলে চৰকাৰৰ আন মহামাৰী আৰু স্বাস্থ্য বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰিছিল। 

উল্লেখ্য যে, যোৱা ফেব্ৰুৱাৰী মাহত কৰা গৱেষণাত লাভ কৰা ফলাফল অনুযায়ী এইসকল বিজ্ঞানীয়ে বৰ্তমান প্ৰযোজ্য হৈ থকা লকডাউনৰ পৰিৱৰ্তে চৰকাৰক 'সামূহিক আৰু সমাজ নেতৃত্বাধীন স্বেচ্ছামূলক কোৱাৰেণ্টাইন আৰু স্বেচ্ছামূলক পৰ্যবেক্ষণ’ৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। এই গৱেষণাৰ জৰিয়তে চৰকাৰে হাতত লোৱা পদক্ষেপ সমূহ পৰ্যাপ্ত নোহোৱালৈ চাই ভাৰতত কৰ’না ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে বুলিও সকীয়ানি প্ৰদান কৰিছিল। সেয়ে বিজ্ঞানীসকলে ৰাষ্ট্ৰীয়ভাৱে পৰ্যবেক্ষণৰ ব্যৱস্থাসহ টেষ্টিং আৰু কোৱাৰেণ্টাইনৰ সুবিধা উন্নত কৰিবলৈ আৰু স্বাস্থ্য কৰ্মীসকলক সুৰক্ষা কবচ প্ৰদানৰ ব্যৱস্থা কৰাত গুৰুত্ব দিবলৈকো চৰকাৰক পৰামৰ্শ দিছিল।

দুখন বিশেষ গৱেষণা পত্ৰ

বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী আৰু ৩০ জানুৱাৰীত ভাৰতত প্ৰথমটো কৰ’না পজিটিভ ধৰা পৰাৰ পূৰ্বে আইচিএমআৰৰ একাংশ বিজ্ঞানীয়ে আন সংস্থাৰ সৈতে সংঘৱদ্ধভাৱে কাম কৰি কিদৰে মহামাৰীবিধৰ সৈতে ভাৰতে মোকাবিলা কৰিব পাৰিব সেই সম্পৰ্কে গুণা-গঁথা আৰম্ভ কৰে। ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহত তেওঁলোকে দুখন গৱেষণা পত্ৰ সাজু কৰি তোলে। ইয়াৰে এখন হৈছে পৰ্যালোচনা বিষয়ক আৰু আনখন কিদৰে প্ৰযোজ্য কৰিব পৰা যাব তাৰ আৰ্হি। দুয়োখনেই আইচিএমআৰৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱৰ অধ্যক্ষতাৰ ইণ্ডিয়ান জাৰ্ণেল অব মেডিকেল ৰিচাৰ্ছত প্ৰকাশ পাইছে আৰু সেয়া চৰকাৰেও লাভ কৰে।

'দ্য ২০১৯ নভেল কৰ’না ভাইৰাছ ডিজিছ (ক’ভিড-১৯) পেনাডেমিকঃ এ ৰিভিউ অব দ্য কাৰেণ্ট এভিডেন্স’ শীৰ্ষক প্ৰথমখন গৱেষণা পত্ৰ যুগুত কৰিছে চৰকাৰৰ স্বাস্থ্য গৱেষণা বিভাগৰ প্ৰণৱ চেটাৰ্জী, অৰূপ অগ্ৰৱাল, স্বৰূপ সৰকাৰ, মৌলানা আজাদ মেডিকেল কলেজৰ নাজিয়া নেগী, ট্ৰেন্সমিছনেল হেলথ ছায়েন্স এণ্ড টেকন’লজি ইনষ্টিটিউটৰ ভৱতোষ দাস, বিশ্ব স্বাস্থ্য সংস্থাৰ সয়ান্তন বেনাৰ্জী আৰু আইচিএমআৰৰ নিবেদিতা গুপ্তা আৰু ৰমন আৰ গংগাখেদকাৰে।

চীনৰ দৰে লকডাউন ভাৰতত প্ৰযোজ্য কৰিবলৈ গ’লে সমস্যাৰ উদ্ভৱ হ’ব বুলি সকীয়াই দি গৱেষণা পত্ৰখনত কোৱা হৈছে, 'প্ৰশাসনৰ জৰিয়তে বলপূৰ্বক কোৱাৰেণ্টাইনৰ পৰিৱৰ্তে সামূহিক আৰু সমাজে নেতৃত্ব দিয়া স্বেচ্ছামূলক কোৱাৰেণ্টাইন আৰু স্বেচ্ছামূলক পৰ্যবেক্ষণৰ ব্যৱস্থা কৰাতো হ’ব ক’ভিড-১৯ৰ দৰে মহামাৰীক ৰোধ কৰাৰ ক্ষেত্ৰত অধিক বহনক্ষম আৰু ফলপ্ৰসূ কাৰ্যব্যৱস্থা।’

'প্ৰুডেণ্ট পাব্লিক হেলথ ইন্টাৰভেনশ্যন ষ্ট্ৰেটেজিছ টু কন্ট্ৰ’ল দ্য কৰ’না ভাইৰাছ ডিজিছ ২০১৯ ট্ৰান্সমিশ্যন ইন ইণ্ডিয়াঃ এ মেথামেটিকেল মডেল বেছড এপ্ৰ’ছ’ শীৰ্ষক দ্বিতীয়খন গৱেষণা পত্ৰ সন্মিলিতভাৱে প্ৰস্তুত কৰিছে চৰকাৰৰ স্বাস্থ্য গৱেষণা বিভাগৰ সন্দীপ মণ্ডল, অনুপ অগ্ৰৱাল, অমৰ্ত্য চৌধুৰী, স্বৰূপ সৰকাৰ, আইচিএমআৰৰ তৰুণ ভাটনাগৰ, মনোজ মুঢ়েকাৰ, ৰমন আৰ গংগাখেদকাৰ আৰু ইম্পেৰিয়েল কলেজ, লণ্ডনৰ নিমালন এৰিনামিনাপট্টিয়ে।

দ্বিতীয়খন গৱেষণা পত্ৰ ভাৰতৰ ৪খন প্ৰধান চহৰ দিল্লী, কলকাতা, মুম্বাই আৰু বাংগালুৰুত হ’ব পৰা সম্ভাব্য সক্ৰমণৰ বিস্তাৰ সম্পৰ্কে উল্লেখ কৰা হৈছে। এই প্ৰতিবেদনত কোৱা হৈছে যে আগতীয়াকৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰিলে কেৱল দিল্লীতেই অকলে ১.৫ মিলিয়ন লোকৰ দেহত ক’ভিড-১৯ৰ লক্ষণ দেখা দিব পাৰে। বিজ্ঞানীসকলে প্ৰতিবেদনখনত আৰু কৈছে যে লক্ষণ দেখা দিয়াসকলৰ প্ৰতি দুজনৰ এজনক যদিহে গম পোৱাৰ ৩ দিনৰ ভিতৰত কোৱাৰেণ্টাইন কৰিব পৰা যায় তেন্তে এই মহামাৰীৰ ভয়াৱহতা ৬২ শতাংশ পৰ্যন্ত হ্ৰাস পাব।

প্ৰথমখন অথবা দুয়োখন গৱেষণা পত্ৰ প্ৰস্তুত কৰাৰ সৈতে জড়িত আইচিএমআৰৰ বিজ্ঞানী সৰকাৰ, গংগাখেদকাৰ, মুঢ়েকাৰ আৰু ভাটনাগৰ হৈছে ক’ভিড-১৯ৰ বাবে চৰকাৰে গঠন কৰি দিয়া ২১ জনীয়া টাস্ক ফ’ৰ্চৰো সদস্য। সৰকাৰ হৈছে আইচিএমআৰৰ অধ্যক্ষ আৰু গংগাখেদকাৰ হৈছে চৰকাৰৰ আগশাৰীৰ বিজ্ঞান বিষয়ক পৰামৰ্শ প্ৰদান কৰা সংস্থা নেশ্যনেল টাস্ক ফৰ্চৰ সদস্য সচিব। 

লকডাউনে দৰিদ্ৰ শ্ৰেণীৰ মাজত সংক্ৰমণ বৃদ্ধি কৰিব নেকি?
 
গৱেষণা পত্ৰ প্ৰস্তুত কৰা বিজ্ঞানীসকলৰ মাজৰ এগৰাকীৰ উধৃতি দি Article14-এ উল্লেখ কৰি কৈছে যে ৰাষ্ট্ৰজোৰা লকডাউন কোৱাৰেণ্টাইন অথবা সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ সৈতে একে নহয়। 'ভাৰতৰ পৰিস্থিতিলৈ চালে দেখা যায় যে লকডাউনে কেৱল কম ঘনত্ব থকা আৰু আহল-বহল অট্টালিকাত বাস কৰা ধনীক শ্ৰেণীকহে ছ’চিয়েল আইছ’লেশ্যনৰ সুবিধা প্ৰদান কৰিব। এক অৰ্থত ক’বলৈ হ’লে লকডাউনৰ ফলত এই শ্ৰেণীৰ লোকসকলেহে সংক্ৰমণৰ পৰা ৰক্ষা পৰিব।’-বিজ্ঞানীগৰাকীয়ে কয়।

'কিন্তু দুখীয়া লোকসকলৰ ক্ষেত্ৰত ঘৰে ঘৰে গৈ পৰীক্ষা ব্যৱস্থা নকৰিলে আৰু লক্ষণ দেখাসকলক যিমান সম্ভৱ সিমান তৎপৰতাৰে কোৱাৰেণ্টাইন নকৰিলে লকডাউনে আন্তঃসমুদায়ৰ মাজত ভাইৰাছবিধ বিয়পি পৰাতহে অধিক সহায় কৰিব।’-বিজ্ঞানীগৰাকীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য। 

'নগৰাঞ্চলৰ দৰিদ্ৰ লোকসকলে তেনেই সৰু সৰু ঘৰত বাস কৰে আৰু তেওঁলোকৰ বাথৰুম, পানী সংগ্ৰহ কৰা স্থান আদি উমৈহতীয়া  হয়। লকডাউনৰ ফলত এইসকল লোকে একেৰাহে কেবাদিনো তেনেই কম পৰিসৰতে একেলগে সমূহীয়াভাৱে থাকিবলৈ বাধ্য হৈ পৰিছে। কল্পনা কৰকচোন, এজন কৰ’না পজিটিভ লোকে যদি আন ১০০ জন লোকৰ সৈতে ৰাজহুৱা টয়লেট ব্যৱহাৰ কৰে, তেন্তে প্ৰতিদিনে কিমান লোকলৈ কৰ’না বিয়পি পৰিব তাৰ কোনো নিশ্চয়তা নাথাকিব। আনহাতে বলপূৰ্বকভাৱে জাপি দিয়া লকডাউনৰ ফলত তেওঁলোকে সময়মতে চিকিৎসাৰ বাবেও চিকিৎসালয়লৈ যাব নোৱাৰিব।’-অপৰিকল্পিত লকডাউনৰ ভয়াৱহতা সম্পৰ্কে উল্লেখ কৰি তেওঁ কয়। 

টাস্ক ফ’ৰ্চৰ বৈঠকত অপৰিকল্পিত লকডাউনক লৈ প্ৰশ্ন

১৮ মাৰ্চত চৰকাৰে নিটি আয়োগৰ সদস্য বিনোদ কে প’লৰ নেতৃত্বত ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ ২১ গৰাকী বিজ্ঞানী আৰু স্বাস্থ্য বিশেষজ্ঞৰ অন্তৰ্ভুক্তিৰে এখন টাস্ক ফ’ৰ্চ গঠন কৰি দিয়ে। টাস্ক ফ’ৰ্চৰ পৰামৰ্শ লৈ ২৪ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰযোৰা ২১ দিনীয়া লকডাউন ঘোষণা কৰে। 
ইয়াৰ চাৰিদিন পিছত, টাস্ক ফ’ৰ্চৰ সদস্যসকলে পুনৰ বৈঠকত মিলিত হয়।

তেতিয়াই এইমছৰ মেডিচিন বিভাগৰ মূৰব্বী ডাঃ নবীত উইগে ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ বিজ্ঞানসন্মত কাৰ্যব্যৱস্থা গ্ৰহণত সুৰুঙা ৰৈ যোৱাত অসন্তুষ্টি প্ৰকাশ কৰে। 'মই কৈ থকা কথাটো হৈছে মহামাৰী ৰোধৰ ক্ষেত্ৰত টাস্ক ফ’ৰ্চৰ কৰণীয় কি?’-উইগৰ প্ৰশ্ন। 'মই নাজানো... আমি কি দিব পাৰিছো? এই টাস্ক ফ’ৰ্চে কি কৰিছে সেয়াও নাজানো। আমি আৰু ভাবিব লাগিব। সেয়ে আমি বিজ্ঞানীসকলে কি দিছো আমাক জনাওক।’-অসন্তুষ্ট উইগে কয়।
 
এই প্ৰশ্নৰ উত্তৰত আইচিএমআৰৰ মহামাৰী আৰু সংক্ৰমিত ৰোগ শাখাৰ মূৰব্বী আৰু নেশ্যনেল টাস্ক ফ’ৰ্চৰ সদস্য সচিব গংগাখেদকাৰে ক্ষোভেৰে কয়, 'এয়া অতি উত্তম প্ৰশ্ন। কিন্তু সেয়া মোক সুধি লাভ নাই। মই দায়িত্বত নাই। আনকি আপোনাৰ দৰেকৈ ময়ো একেটাই প্ৰশ্ন কৰিব বিচাৰিছো যে টাস্ক ফ’ৰ্চৰ কাম কি?’  

তাৎপৰ্যপূৰ্ণ যে উক্ত গুৰুত্বপূৰ্ণ বৈঠকত টাস্ক ফ’ৰ্চৰ নেতৃত্বত থকা নিটি আয়োগৰ সদস্য প’ল আৰু সহকাৰী নেতৃত্বত থকা কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি ছুডান আৰু আইচিএমআৰৰ সঞ্চালক প্ৰধান ভাৰ্গৱৰ এগৰাকীও সেইদিনা উপস্থিত নাছিল। টাস্ক ফ’ৰ্চক নেতৃত্ব দিয়াসকলে বৈঠকৰ আয়োজন কৰি নিজেই উপস্থিত নথকাক লৈও বাকী সদস্যসকলৰ মাজত তীব্ৰ অসন্তুষ্টি দেখা গৈছে বুলি Article14-ৰ প্ৰতিবেদনখনত কোৱা হৈছে।

বৈঠকত ভাগ লোৱা আন এজন মহামাৰী বিশেষজ্ঞই কয়, 'মূল সমস্যাতো হৈছে লকডাউনৰ বাবে মানুহবোৰ চিকিৎসালয়লৈ অহা নাই। আমি শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰ্যবেক্ষণৰ সকলো ব্যৱস্থা কৰিছো, কিন্তু চিকিৎসালয়লৈ তেনেই কম সংখ্যাক লোকহে আহিছে। সেয়ে মূল কথাটো হ’ল আমি ঘৰে ঘৰে যোৱাৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু কথাটো হ’ল সেয়া কোনে কৰিব? আইডিএছপি (ইণ্টিগ্ৰেটেড ডিজিছ ছাৰ্ভেইলেন্স প্ৰগ্ৰেম)-এ কৰিব নে জিলা প্ৰশাসনে কৰিব সেয়া আমি প্ৰথমে বিচাৰ কৰি উলিয়াব লাগিব।’ 
 
তেওঁলোকৰ আলোচনাত এয়াও স্পষ্ট হৈ পৰে যে মাৰ্চৰ শেষলৈকে চৰকাৰে ক’ভিড-১৯ৰ লক্ষণ দেখা দিয়াসকলক পৰ্যবেক্ষণৰ বাবে পৰ্যাপ্ত একো ব্যৱস্থাই নকৰিলে আৰু লকডাউনে এইক্ষেত্ৰত সহায় কৰাৰ পৰিৱৰ্তে ক্ষতিহে কৰিলে। ইয়াৰ লগতে এই পৰ্যবেক্ষণ কিদৰে বিস্তাৰ কৰা হ’ব সেই সম্পৰ্কেও কোনো স্পষ্ট নিৰ্দেশনা প্ৰদান নকৰিলে। 
 
বৈঠকত আন কেবাগৰাকী বিশেষজ্ঞই সহমত পোষণ কৰে যে ৰোগৰ সংক্ৰমণ ধৰা পেলোৱাতো লকডাউনৰ ফলত ইনফ্লুয়েঞ্জা সদৃশ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে লক্ষণ দেখা দিয়া লোকসকল চিকিৎসালয়লৈ আহিব নোৱৰা বাবে কষ্টকৰ হৈ পৰিছে। 

আইচিএমআৰৰ এগৰাকী জ্যেষ্ঠ মহামাৰী বিশেষজ্ঞই নাম প্ৰকাশ নকৰাৰ চৰ্তত Article14ক কয় যে 'টেষ্টিং কিধৰণে কৰা হ’ব’ সেই সম্পৰ্কে এতিয়াও টাস্ক ফ’ৰ্চত ভালদৰে আলোচনা হোৱাই নাই। তেওঁ কয় যে অনাগত দিনত পৰীক্ষণৰ সঠিক আৰু কাৰ্যকৰী বিজ্ঞানসন্মত কৌশল সম্পৰ্কে আইচিএমআৰৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

বৈঠকত “case definition” সম্পৰ্কে দীঘলীয়া আলোচনা চলে আৰু কিদৰে ৰোগ চিনাক্তকৰণ তথা সমূহীয়া পৰ্যবেক্ষণৰ বাবে একক মাপদণ্ড বিচাৰি উলিয়াব পৰা যায় সেই বিষয়টোৱেও গুৰুত্ব লাভ কৰে। লগতে এই পৰ্যবেক্ষণ কোনে কৰিব, লকডাউনৰ সময়ত লক্ষণ দেখা দিয়া লোকসকলে নিজেই চিকিৎসালয়লৈ অহাৰ পৰিৱৰ্তে কেনেদৰে কোনে ঘৰে ঘৰে গৈ পৰীক্ষাৰ ব্যৱস্থা কৰিব সেই বিষয় সম্পৰ্কেও বৈঠকত আলোচনা কৰা হয়।
 
বৈঠকত টাস্ক ফ’ৰ্চৰ এগৰাকী সদস্যই কয়, 'লকডাউনৰ পিছতে আমি কৈ আছো যে মানুহে চিকিৎসালয়লৈ যাব পৰা নাই, কিন্তু আমি স্বাস্থ্য মন্ত্ৰণালয়ে কি কৰিছে সেয়াও বিচাৰ কৰি চোৱা উচিত। ইতিমধ্যে বহুকেইখন ৰাজ্যই এপৰ জৰিয়তে ছেল্ফ-ৰিপ’ৰ্টিঙৰ ব্যৱস্থা আৰম্ভ কৰিছে।’
 
গংগাখেদকাৰে বৈঠকত আৰু কয় যে টেষ্টিঙৰ প্ৰট’কল সন্দৰ্ভত যিহেতু সিদ্ধান্ত চূড়ান্ত হোৱা নাই সেয়ে এই বিষয়ে তেওঁ আইচিএমআৰৰ সঞ্চালক প্ৰধান আৰু অন্য গৱেষকসকলৰ সৈতে আলোচনা কৰিব।
 
অথলে গ’ল নেকি লকডাউনৰ এমাহ?

এপ্ৰিলৰ প্ৰথম সপ্তাহত নিটি আয়োগৰ সদস্য প’লে চৰকাৰক পৰামৰ্শ আগবঢ়াই যে এই সময়ত ধাৰাবাহিক পৰিচৰ্যাৰ (continuum of care) প্ৰয়োজন আছে যিটো নেকি আইচিএমআৰৰ গংগাখেদকাৰসহ কেবাগৰাকী বিজ্ঞানী আৰু গৱেষকে গৱেষণা পত্ৰত পূৰ্বতেই উল্লেখ কৰিছে। প’লে বিজ্ঞানীসকলে কোৱাৰ দৰেকৈ লকডাউনতকৈও লক্ষণ দেখা দিয়াসকলক কোৱাৰেণ্টাইনৰ লগতে সমূহীয়া পৰ্যবেক্ষণ আৰু পৰীক্ষণত অধিক গুৰুত্ব দিবলৈকো চৰকাৰক আহ্বান জনাইছে। 

প’লে কোৱা নাই যে লকডাউন প্ৰত্যাহাৰ কৰিব লাগে। তেওঁ কেৱল আইচিএমআৰে উল্লেখ কৰা ধৰণে লকডাউন প্ৰযোজ্য কৰাত ৰৈ যোৱা আসোৱাহ সমূহৰ বিষয়ে উল্লেখ কৰি চৰকাৰক লকডাউনৰ সময়খিনি সদব্যৱহাৰ কৰি সমগ্ৰ দেশৰ চুকে-কোণে ঘৰে ঘৰে গৈ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰিবলৈ কৈছে। লকডাউনৰ সময়ছোৱা যাতে কোনো কাৰণতে অথলে যাবলৈ দিয়া নহয় তাৰ প্ৰতি গুৰুত্ব দিবলৈকো বাৰম্বাৰ চৰকাৰক সকীয়াই দিছে প’লে।

তেওঁ আৰু কৈছে যে এনেধৰণৰ খৰতকীয়া পৰ্যবেক্ষণ আৰু পৰীক্ষাৰ ফলত লক্ষণ দেখা দিয়াসকলক চৰকাৰী কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু যিসকল সামৰ্থ্যৱান তেওঁলোকক নিজৰ ঘৰতে নিজাববীয়াকৈ কৰ্তৃপক্ষৰ নজৰত কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিবলৈ দিব লাগে। ৬ এপ্ৰিলত টাস্ক ফ’ৰ্চে এটি অগ্ৰাধিকাৰ দিবলগীয়া বিষয়সমূহ চিনাক্তকৰণ আৰু গৱেষণাৰ বাবে এটি গৱেষণা গোট গঠন কৰে। ইয়াত পৰ্যবেক্ষণ কিদৰে ক্ষিপ্ৰতৰ কৰি তুলিব পৰা যায় সেই বিষয়টোকো অন্তৰ্ভুক্ত কৰা হৈছে। 

কিন্তু ১৪ এপ্ৰিল পৰ্যন্ত ঘৰে ঘৰে গৈ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰি ক্ৰমাৎ টেষ্টিঙৰ হাৰ বৃদ্ধি কৰিবলৈ কোনোধৰণৰ প্ৰস্তুতি নকৰাকৈয়ে বিশ্বৰ ভিতৰতে কম টেষ্টিং কৰিয়েই চৰকাৰে লকডাউন পুনৰ ৩ মে’লৈকে বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে। বিশেষজ্ঞৰ পৰামৰ্শ কাৰ্যকৰী কৰিবলৈ অকণো চেষ্টা নকৰাকৈয়ে লকডাউন ঘোষণা কৰাৰ ফলত এতিয়া লকডাউনৰ এমাহ পাৰ হোৱাৰ পিছতো দেশত ক্ৰমাৎ কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি পায়েই থকা পৰিলক্ষিত হৈছে।