নতুন দিল্লীঃ উত্তৰ প্ৰদেশৰ সোণভদ্ৰা জিলাত সঁচাকৈয়ে আছেনে বৃহৎ স্বৰ্ণ ভাণ্ডাৰ? উত্তৰ প্ৰদেশৰ খনিজ বিভাগৰ উদ্ধৃতিৰে উক্ত অঞ্চলটোত কেবাহাজাৰ টন সোণৰ সম্ভেদ পোৱা গৈছে বুলি বাতৰি প্ৰকাশ পোৱাৰ পিছতে সমগ্ৰ দেশৰ অধিকাংশ লোকৰ মাজত দেখা গৈছিল একপ্ৰকাৰৰ উছাহৰ ঢৌ। পিছে  জিঅ’লিজেকল ছাৰ্ভে অব ইণ্ডিয়া (জিএছআই)ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিৰ পিছতে চেঁছাপানী পৰে সেই উছাহৰ ঢৌত।

শনিবাৰে ভাৰত চৰকাৰৰ অন্তৰ্গত সংস্থা জিএছআই-এ প্ৰেছ বিবৃতিৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে বাতৰিত প্ৰকাশ পোৱাৰ ধৰণে সংস্থাটোৱে সোণভদ্ৰাত কোনোধৰণৰ সোণৰ ভাণ্ডাৰৰ সম্ভেদ পোৱা নাই। 'সোণভদ্ৰাত আমি সোণৰ সন্ধানত কেবাবাৰো খনন চলাইছিলো। কিন্তু ইয়াৰ ফলাফল মুঠেই উৎসাহজনক নাছিল।’-বিবৃতিটোত এইদৰে উল্লেখ কৰিছে জিএছআই-এ।

ইয়াৰ পূৰ্বে উত্তৰ প্ৰদেশ চৰকাৰৰ খনিজ বিভাগে দাবী কৰিছিল যে ৰাজ্যখনৰ সোণভদ্ৰাত কেবাহাজাৰ টন সোণৰ ভাণ্ডাৰ থকাৰ সম্ভাৱনা আছে। ইমানেই নহয়, ৰাজ্য চৰকাৰে সম্ভেদ পোৱা বৃহৎ স্বৰ্ণ ভাণ্ডাৰৰ ই-নিলাম প্ৰক্ৰিয়া আৰম্ভ কৰা বুলিও সংবাদ মাধ্যমৰ আগত সদৰী কৰিছিল খনিজ বিভাগে। এই দাবীৰ আলম লৈয়ে কেবাটাও সংবাদ প্ৰতিষ্ঠানে সোণভদ্ৰাত সোণৰ উপৰিও ইউৰেনিয়ামৰ সন্ধান পোৱা বুলিও বাতৰি সম্প্ৰচাৰ কৰা পৰিলক্ষিত হয়।

কিন্তু উত্তৰ প্ৰদেশ চৰকাৰৰ খনিজ বিভাগে কৰা উক্ত দাবীক লৈ সমগ্ৰ দেশতে ব্যাপক জল্পনা-কল্পনা চলাৰ সময়তে জিঅ’লিজেকল ছাৰ্ভে অব ইণ্ডিয়াই সেয়া অস্বীকাৰ কৰাত সমগ্ৰ বিষয়টোৱে সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। আনকি যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰৰ খনিজ বিভাগে দেশবাসীক ভুৱা সপোন দেখুওৱা বুলিও ছ’চিয়েল মিডিয়াত সৰৱ হৈ পৰিছে একাংশ লোক।

প্ৰেছ বিবৃতিত কি কৈছে জিঅ’লিজেকল ছাৰ্ভে অব ইণ্ডিয়াই?

জিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াই প্ৰেছ বিবৃতিত স্পষ্টকৈ উল্লেখ কৰিছে যে ১৯৯৮-৯৯ আৰু ১৯৯৯-২০০০ৰ সময়ছোৱাত সংস্থাটোৱে সোণভদ্ৰাত স্বৰ্ণ ভাণ্ডাৰৰ সম্ভেদ লাভৰ আশাৰে খননকাৰ্য চলাই সেই সম্পৰ্কীয় প্ৰতিবেদন উত্তৰ প্ৰদেশৰ খনিজ বিভাগক দাখিল কৰিছিল। 

'সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰেকৈ সোণভদ্ৰাত ৩৩৫০ টন সোণ আহৰণ কৰিব পৰা নাযায়। সোণভদ্ৰাৰ উক্ত অঞ্চলৰ মুঠ ৫২,৮০৬ টন আকৰৰ পৰা আহৰণ কৰিব পৰা সোণৰ পৰিমাণ হৈছে প্ৰায় ১৬০ কিলোগ্ৰাম।’- প্ৰেছ বিবৃতিৰ লগতে কলকাতাত পিটিআইৰ আগত এইদৰে কয় জিএছআইৰ মহানিৰ্দেশক এম শ্ৰীধৰে।  

ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশৰ খনিজ বিভাগৰ শীৰ্ষ বিষয়াই দাবী কৰিছিল যে সোণভদ্ৰাৰ সোণপাহাৰী অঞ্চলত তেওঁলোকে ২,৯৪০ টন আৰু হৰ্দি পাহাৰী অঞ্চলত অতি কমেও ৬৪৬ কিলোগ্ৰাম সোণৰ সন্ধান লাভ কৰিছে। ১০ বছৰৰো অধিক সময় ধৰি খনন কাৰ্য চলোৱাৰ পিছত এই সম্ভেদ লাভ কৰা বুলিও সংবাদ মাধ্যমৰ আগত দাবী কৰিছিল বিষয়াগৰাকীয়ে।