গুৱাহাটীঃ বিজেপি চৰকাৰৰ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে লোকসভাৰ আৰু ৰাজ্যৰ মজিয়াত সবল ভূমিকা পালন কৰা জনতা দল(ইউনাইটেড)ৰ জ্যেষ্ঠ নেতা কেচি ত্যাগীৰ সৈতে বুধবাৰে আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি দীপাংকৰ কুমাৰ নাথৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়৷

বুধবাৰে নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকত আছুৰ নেতৃত্বৰ পুনৰ আহ্বান পূৰ্বৰ দৰে নাগৰিকত্ব সংশোধনী বিধেয়ক সংসদৰ বাহিৰে ভিতৰে বিৰোধিতা কৰাৰ বাবে। আছুৰ আহ্বানক সমৰ্থন জনাই ভট্টাচাৰ্যই কয় যে জেডি(ইউ)এ অসম আৰু উত্তৰ-পূবৰ স্বাৰ্থ বিঘ্নিত হোৱা এই সাম্প্ৰদায়িক আৰু অসম চুক্তি উলংঘা কৰাৰ এই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’বলৈ নিদিয়ে বুলি সদৰী কৰে।

আনহাতে, ত্যাগীয়ে আছুৰ নেতৃত্বক জানিবলৈ দিয়ে যে অহা ১৪ এপ্ৰিলত পাটনাত দলটোৱে মুকলি কৰিব লগা নিৰ্বাচনীৰ ইস্তাহাৰত এইবাৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা প্ৰসংগক অন্তৰ্ভুক্ত কৰিব৷