গুৱাহাটীঃ সমগ্ৰ বিশ্বৰ লগতে আজি অসমতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱসৰ বিভিন্ন কাৰ্যসূচী। গুৱাহাটীৰ মহানগৰীতো অসম চৰকাৰৰ সমাজ কল্যান বিভাগৰ ৰাজ্যিক বাল ভৱনৰ উদ্যোগতবিশ্ব পৰিৱেশ দিৱস বিভিন্ন কাৰ্যসূচী উদযাপন কৰে। 

পৰিৱেশ সুৰক্ষাৰ প্ৰতি দায়বদ্ধতাৰ সংকল্পৰে উদযাপিত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ বিভিন্ন স্থানত যুৱ মূকাভিনেতা মিনাংক ডেকাৰ নেতৃত্বত ১৮ জনীয়া এটা মূকাভিনয় দলে মহানগৰীৰ বহুকেইটা স্থানত বাটৰ নাটৰ  শৈলীত "অ মোৰ ধৰিত্ৰী আই" শীৰ্ষক মুকাভিনয় পৰিৱেশন কৰে। 

দলটোৱে মূকাভিনয় প্রদর্শন কৰাৰ মহানগৰীৰ স্থানসমূহ হৈছে জৈৱ-বৈচিত্ৰ্যৰ আন এক পৰিচয় দীপৰ বিল, মালিগাঁও চাৰিআলি, দীঘলীপুখুৰী আৰু চান্দমাৰি।

গুৱাহাটীৰ মহানগৰীৰ সমাজ কল্যান বিভাগৰ ৰাজ্যিক বাল ভৱন চৌহদত ৰাজ্যিক বাল ভৱনৰ অধ্যক্ষা কবিতা শৰ্মা ভট্টাচাৰ্যই পুৱা গছপুলি 
ৰোপনেৰে পৰিৱেশ দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰে। তাৰ পাছতে মুকাভিনয়ৰ জৰিয়তে মিনাংক ডেকা দলটোৱে প্রদর্শন কৰে "অ মোৰ ধৰিত্ৰী আই "শীর্ষক সজাগতামূলক বাটৰ নাট।

উল্লেখ্য যে, বিগত বৰ্ষটো বিশ্ব পৰিৱেশ দিৱসৰ দিনা যুৱ মুকাভিনেতা মিনাংক ডেকাই দীপৰ বিলক সংৰক্ষণ কৰাৰ বাৰ্তালৈ 'চৰাই জাক নহা হ'ল" শীৰ্ষক মুকাভিনয় পৰিৱেশন কৰিছিল। ইতিমধ্যে মূকাভিনয়ৰ জৰিয়তে মিনাংক ডেকাই সমাজৰ বিভিন্ন স্পর্শ কাতৰ বিষয়সমূহ জনসাধাৰণ মাজত প্ৰদৰ্শন কৰি ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

একেদৰে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান হিচাপে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, গুৰুত্বপূৰ্ণ কথা এই যে প্ৰকৃতিৰ সংৰক্ষণৰ প্ৰতি সদায় দায়বদ্ধ মিনাংক ডেকাই দ্বীপৰ বিলক সুৰক্ষিত কৰাৰ বাবে "চেভ দ্বীপৰ বিল" শীৰ্ষক যি জনমুখী আন্দোলন ইতিমধ্যে গঢ়ি তুলিছে সেই আন্দোলনে দেশৰ লগতে এতিয়া বিদশতো সমাদৰ লাভ কৰিছে।