গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিজেপিৰে মিত্ৰতা ত্যাগ কৰি পুনৰ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰে মিত্ৰতা কৰাৰ পাছত সোমবাৰে আমবাৰীৰ মুখ্যকাৰ্যলয়ত অনুষ্ঠিত হয় অগপ দলৰ প্ৰথমখন বিধায়নী দলৰ বৈঠক।

আমবাৰী দলৰ কাৰ্যলয়ত কালি সন্ধিয়া অনুষ্ঠিত হৈছে বিধায়নী দলৰ বৈঠকখন। মুঠ ১৪ জনকৈ বিধায়ক থকা দলটোৰ বৈঠকত উপস্থিত নাই দলটোৰ প্ৰতিষ্ঠাপক সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। পুত্ৰৰ উপনয়নৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ উক্ত বৈঠকত উপস্থিত থাকিব পৰা নাই বুলি জানিব দিছে অগপ শীর্ষ নেতৃত্বই।

কিন্তু গুৰুত্বপূৰ্ণ বিষয় যে অগপ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিত থাকিব নোৱাৰা দিন এটাত দলে কিয় বিধায়নী দলৰ বৈঠক অনুষ্ঠিত কৰিছে সেই কথাই এতিয়া বহুতৰ মনত প্ৰশ্নবোধক হৈ ক্ৰিয়া কৰিছে। কাৰণ বিজেপিৰে মিত্ৰতা বিৰোধিতা কৰি যোৱা লোকসভাৰ নিৰ্বাচনত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ভোটদানৰপৰা আঁতৰি আছিল। তাৰ পাছতো সংবাদ মাধ্যমৰ আগত দলৰ নেতৃত্বক বিভিন্ন সময়ত কটাক্ষ কৰি সমালোচনা কৰি আহিছে।

আনহাতে, মংগলবাৰে দলটোৰ মুখ্যকাৰ্যলয়ত অনুষ্ঠিত হ’ব বধিত কাৰ্যনিৰ্বাহক তাতো প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ উপস্থিত থাকিব নাই তাৰ নিশ্চয়তা নাই। ইফালে কালি বিধায়নী দলৰ বৈঠকত অসমৰপৰা ৰাজ্যসভাত খালি হ’বলগীয়া দুখন আসনৰ এখন বিজেপিৰপৰা বুজাবুজি মাধ্যমেৰে হস্তগত কৰাৰ বিষটো আলোচনাৰ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।