গুৱাহাটীঃ অসম অনুসূচীত জাতি যুৱ-ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ৰাজ্যিক ভিত্তিত সতী ৰাধিকা দিৱস উদযাপন কৰিবলৈ লৈছে। অহা ১৮ মে' তাৰিখে দিনজোৰা কাৰ্যসূচীৰে সংগঠনটোৱে গুৱাহাটীৰ অসম সাহিত্য সভাৰ জয়ন্ত কুমাৰ-লখিমী বৰুৱা সদনত এই দিৱস উদযাপন কৰিব। 

এই বিষয়ত বৃহস্পতিবাৰে এক সংবাদ মেলৰ জৰিয়তে জানিবলৈ দিয়ে সংগঠনটোৱে। গুৱাহাটী প্ৰেছ ক্লাবত অসম অনুসূচীত জাতি যুৱ-ছাত্ৰ সন্থা সভাপতি নিপেন দাসে কয় এই সন্দৰ্ভত কয় যে ২০১৩ চনৰপৰা সংগঠনটোৱে ৰাজ্যিক ভিত্তিত আয়োজন কৰি আহিছে সতী ৰাধিকা দিৱস। লগতে জানিবলৈ দিয়ে মহীয়সী নাৰী গৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ বাবে ৰাজ্যখনৰ একোগৰাকীৰ বৰেণ্য ব্যক্তিক প্ৰতি বছৰে সংগঠনটোৱে প্ৰদান কৰি আহিছে সতী ৰাধিকা বঁটা। 
 
সেই অনুসৰি সংগঠটোৱে ২০১৯ বর্ষৰ বাবে সতী ৰাধিকা বঁটা প্ৰদান কৰিব বিশিষ্ট লেখিকা তথা সাহিত্যিক নিৰুপমা বৰগোহাঁঞিক। অহা ১৮ মে' সতী ৰাধিকা দিৱসৰ দিনাই বিশিষ্ট সাহিত্যিক গৰাকীক প্ৰদান কৰিব লগা বঁটাত আছে ২০ হাজাৰ টকা, শৰাই, মানপত্ৰ আৰু গামোচা।

ইয়াৰ উপৰিও আজি সংবাদ মেলত সংগঠনটোৰ দাবী সতী ৰাধিকাৰ জন্মদিনটো চৰকাৰী বন্ধ ঘোষণাৰ কৰিব লাগে অসম চৰকাৰে।